নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ ৪টা ফোনকল ৰিচিভ কৰা নাই মোদীয়ে, আমেৰিকাৰ শুল্ক বোমাত তীব্র অসন্তুষ্টি

নিউজ ডেস্ক, ২৮ আগষ্ট : ট্রাম্পৰ শুল্ক বোমাক লৈ তীব্র অসন্তুষ্টি মোদীৰ৷ ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত দুটা পর্যায়ত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী অসন্তুষ্ট হোৱাই নহয়, মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সিদ্ধান্তক লৈ ক্ষুণ্ণ হৈ পৰিছে৷

বিগত সপ্তাহত মার্কিন ৰাষ্ট্রপতি ট্রাম্পে প্রধানমন্ত্রী মোদীলৈ ৪টা ফোনকল কৰিছিল৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি ট্রাম্পৰ এই ফোনকল ৰিচিভ কৰা নাই৷ এই তথ্য প্রকাশ পাইছে জার্মান বাতৰিকাকত ফ্রেংক ফোল্টাৰ এলজেমিন জেইটুঙ (এফএজে)ত৷ প্রতিবেদনত প্রধানমন্ত্রী মোদীয়ে ট্রাম্পৰ ফোনকল ৰিচিভ নকৰাটো মোদীৰ প্রচণ্ড ক্ষোভৰ লগতে সাৱধানতাৰ বাবেই বুলি উল্লেখ কৰিছে৷ জার্মান বাতৰিকাকতৰ উপৰি ট্রাম্পৰ ফোন নধৰা প্রতিবেদন প্রকাশ পাইছে জাপানৰ এখন বাতৰিকাকতত৷ নিকি এছিয়া নামৰ কাকতখনত প্রকাশিত প্রতিবেদনত উল্লেখ কৰা মতে, ট্রাম্পৰ হতাশা বঢ়াবলৈ মোদীয়ে ফোন ৰিচিভ কৰা নাই৷

উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ ভাৰতীয় সামগ্রীৰ ওপৰত মার্কিন শুল্ক ব্রাজিলক বাদে আন সকলো দেশতকৈ বেছি৷ জার্মান কাকতখনত প্রকাশ কৰা মতে, প্রধানমন্ত্রী মোদীয়ে ৱাশ্বিংটনৰ চাপত নতুন দিল্লীয়ে শিৰনত নকৰে বুলি স্পষ্ট ইংগিত দি ট্রাম্পৰ ফোনকল ৰিচিভ কৰা নাই৷

You might also like