শিক্ষাৰ্থীক যৌ*ন নিৰ্যাতন চলোৱা লম্পট নুৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
বকোত শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক গ্ৰেপ্তাৰ। পলাতক বকো বালিঝাৰ শুক্তাতাৰীৰ শিক্ষক নুৰ ইছলামক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে।
নুৰ ইছলাম তাৰাবাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক। ৪গৰাকী ছাত্ৰীয়ে যোৱা মঙলবাৰে বকো থানাত দিছিল এজাহাৰ। দীৰ্ঘদিন পাঠদানৰ ছলেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছে নুৰ ইছলামৰ বিৰুদ্ধে।
ভুক্তভোগী ছাত্ৰীয়ে বিদ্যালয় এৰাৰ সিদ্ধান্তৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনা সন্দৰ্ভত বকো আৰক্ষীৰ তদন্ত অব্যাহত আছে।
Niyomiya Barta Desk, 28 August