মুছলমান অধ্যুষিত অঞ্চলত নিষিদ্ধ গো-মাংস, ৰাজহুৱা সভাত ঐতিহাসিক সিদ্ধান্ত
গো-মাংসৰ বিৰুদ্ধে মুছলমান সমাজৰ গুৰুত্বপূৰ্ণ সভা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজিৰে পৰা গো-মাংস নিষিদ্ধ কৰা হল ৫খন গাঁও পঞ্চায়তত ৷ লগতে চৰাঞ্চলতো নিষিদ্ধ হল গো-মাংস ৷
উল্লেখ্য যে পশ্চিম গোৱালপাৰাৰ আমবাৰী জিলা পৰিষদৰ কংগ্ৰেছী সদস্য জেহৰুল ইছলামৰ নেতৃত্বত অনুষ্ঠিত আমবাৰী মাৰকুলা, নলংগা, ৰৌমাৰী, খৰমুজা আৰু ৰামহৰি খানখোৱা গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত আজিৰে পৰা নিষিদ্ধ ঘোষণা কৰা হ’ল গো-মাংস।
মুছলমান অধ্যুষিত বৃহৎ অঞ্চলটোত আজিৰে পৰা কোনো লোকে হোটেল, বজাৰ বা মুক্ত এলেকাত গো-মাংস কাটিব আৰু সৰবৰাহ কৰিব নোৱাৰিব। কোনো লোকে ৰাইজৰ নীতি উলংঘা কৰিলে আইনৰ যোগেদি শাস্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাত। উল্লেখিত গাঁও পঞ্চায়তসমূহৰ ভিতৰত ৰামহৰি খানখোৱা গাঁও পঞ্চায়তখন সম্পূৰ্ণৰূপে চৰ এলেকা।
Niyomiya Barta Desk, 28 August