গুৱাহাটীত ভৰি থৈয়েই নির্বাচনৰ ৰণশিঙা বজালে অমিত শ্বাহে
’২৬ৰ বিধানসভা নির্বাচন আৰু সমাগত বিটিচি নির্বাচনৰ ৰণশিঙা বজাবলৈ গুৱাহাটীত উপস্থিত হ’ল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ অসমত বিজেপিক পুনৰ শাসনলৈ আনিবলৈ কিছু আগতীয়াকৈ নির্বাচনৰ প্রস্তুতি আৰম্ভ কৰাৰ লক্ষ্যৰে ৰাজ্যখনলৈ অহা অমিত শ্বাহে আজি পঞ্চায়ত প্রতিনিধি সন্মিলনৰ জৰিয়তে আৰম্ভ কৰিব ’২৬ৰ নির্বাচনৰ কুচকাৱাজ৷ এই উদ্দেশ্যে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে দলৰ প্রস্তুতিক লৈ অনুষ্ঠিত কৰিলে ক’ৰ কমিটীৰ বৈঠক৷
মুখ্যতঃ এই ক’ৰ কমিটীৰ জৰিয়তে দলীয় কার্যকর্তা তথা দলৰ দায়িত্ব কি হ’ব তাক আজি বিস্তৃত ব্যাখ্যা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷
উল্লেখ্য যে দুদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা বিজেপিৰ শীর্ষ নেতাজনে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত ক’ৰ কমিটীৰ বৈঠকত অংশ লৈ দলৰ সাংগঠনিক দিশ পর্যালোচনা কৰাই নহয়, পুনৰ ক্ষমতালৈ অহাৰ বাবে দলীয় নেত–কর্মী তথা শীর্ষ নেতাসকলৰ দায়িত্ব কি হ’ব, তাৰ পাঠ দিলে গৃহমন্ত্রী অমিত শ্বাহে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি ১৮জনীয়া ক’ৰ কমিটীৰ বৈঠকত উপস্থিত থাকি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে সমাগত বিটিচি নির্বাচনক লৈও বিভিন্ন দিশ আলোচনা কৰে৷
২০২৬ চনৰ নির্বাচনৰ বাবে ইতিমধ্যে বিশেষ প্রস্তুতি আৰম্ভ কৰা ৰাজ্যিক বিজেপিয়ে তৃণমূল পর্যায়ত ভোটাৰক আকর্ষিত কৰাৰ বাবে প্রস্তুত কৰিছে ৰণকৌশল৷ এইক্ষেত্রত নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক বিশেষ দায়িত্ব প্রদান কৰাই নহয়, প্রতিখন জিলাত একোজনকৈ প্রভাৰী আৰু সহঃপ্রভাৰী নিয়োগ কৰি আৰম্ভ কৰিছে নির্বাচনৰ কুচকাৱাজ৷ আজি ক’ৰ কমিটীৰ বৈঠকত দলে বিটিচি নির্বাচন তথা ’২৬ৰ বিধানসভা নির্বাচনত কি ৰণকৌশলেৰে আগবাঢ়িব তথা আগন্তুক সময়ছোৱাত চৰকাৰ তথা দলৰ কর্মৰাজি কি হ’ব সেই সন্দর্ভতো অমিত শ্বাহৰ উপস্থিতিতেই বিভিন্ন দিশ আলোচনা হয়৷
বিশেষকৈ বুথ পর্যায়ৰ পৰা ৰাজ্যিক নেতৃত্বলৈ প্রতিগৰাকী নেতা–কার্যকর্তাৰ ভূমিকা তথা কর্তব্যক লৈও আজি অমিত শ্বাহে এলানি পৰামর্শ প্রদান কৰে৷ ক’ৰ কমিটীৰ বৈঠকতে বিৰোধী ঐক্য তথা কংগ্রেছৰ ৰাজনৈতিক কৌশল, বিধানসভা নির্বাচনত বিৰোধীয়ে গ্রহণ কৰিবলগা স্থিতি সন্দর্ভতো আজিৰ ক’ৰ কমিটীৰ বৈঠকত আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে দুদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা গৃহমন্ত্রী অমিত শ্বাহে নতুনকৈ নির্মাণ কৰা ৰাজভৱনৰ শুভ উদ্বোধন কৰাৰ লগতে কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পিছতে অমিত শ্বাহে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পঞ্চায়ত প্রতিনিধি সন্মিলনত অংশ ল’ব৷
মন কৰিবলগীয়া যে বিজেপি, অগপ, ৰাভা হাছং যৌথ সংগ্রাম সমিতি আৰু জনশক্তিকে ধৰি এনডিএৰ সকলো শীর্ষ নেতৃত্ব উপস্থিত থাকিবলগীয়া এই সন্মিলনত প্রায় ২০ হাজাৰ নির্বাচিত জনপ্রতিনিধি উপস্থিত থাকিব৷ সন্মিলনখনত বিজেপিৰ ১৬,৬৭১গৰাকী পঞ্চায়ত প্রতিনিধিৰ লগতে অগপ দলৰ ১,৫০০তকৈ অধিক প্রতিনিধি উপস্থিত থাকিব৷ তদুপৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদকে ধৰি সকলো স্বায়ত্তশাসিত পৰিষদৰ নির্বাচিত প্রতিনিধিসকল এই সন্মিলনত উপস্থিত থাকিব৷
এই বিশাল সন্মিলনতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রতিগৰাকী নির্বাচিত প্রতিনিধিক সংকল্প পাঠ পঢ়ুৱাব৷ কার্যতঃ ২৯ আগষ্টৰ দিনা অমিত শ্বাহে গুৱাহাটীত দুটা চৰকাৰী আৰু এটা ৰাজনৈতিক কার্যক্রমত অংশগ্রহণ কৰিব৷ খানাপাৰাত পঞ্চায়ত প্রতিনিধি সন্মিলনৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে প্রাক্তন প্রয়াত মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবর্ষৰ বছৰজোৰা কার্যক্রমৰ শুভাৰম্ভ কৰিব৷
Niyomiya Barta Desk, 29 August