ভাৰত-জাপান অৰ্থনৈতিক ফ’ৰাম : টকিঅ’ত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাপান ভ্ৰমণ: ভাৰত-জাপানৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ নতুন অধ্যায়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানত উপস্থিত হৈ কৈছে যে ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। তেওঁ উল্লেখ কৰিছে যে মেট্ৰ’ৰ পৰা আৰম্ভ কৰি উৎপাদন, ছেমিকণ্ডাক্টৰৰ পৰা ষ্টাৰ্টআপলৈকে সকলো ক্ষেত্ৰত ভাৰত আৰু জাপানৰ অংশীদাৰিত্ব পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক হৈ উঠিছে। তেওঁ দুদিনীয়া জাপান ভ্ৰমণৰ সময়ত ভাৰত-জাপান অৰ্থনৈতিক ফ’ৰামত অংশগ্ৰহণ কৰিবলৈ টকিঅ’ত উপস্থিত হৈছে। এই ভ্ৰমণে বহু দিশৰ পৰা বিশেষ গুৰুত্ব বহন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে, “আজি পুৱা মই টকিঅ’ত উপস্থিত হৈছোঁ। মোৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে মোৰ এই ভ্ৰমণৰ আৰম্ভণি ব্যৱসায়িক জগতৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে হৈছে। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে, যেতিয়া মই গুজৰাটত আছিলোঁ তেতিয়াও আৰু যেতিয়া মই দিল্লীলৈ আহিলোঁ তেতিয়াও।” তেওঁ আৰু কৈছে, “ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। মেট্ৰ’ৰ পৰা উৎপাদন, ছেমিকণ্ডাক্টৰৰ পৰা ষ্টাৰ্টআপলৈকে প্ৰতিটো ক্ষেত্ৰত আমাৰ অংশীদাৰিত্ব পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক হৈ পৰিছে।”
প্ৰধানমন্ত্ৰী মোদীৰ এই জাপান ভ্ৰমণৰ সময়ত তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাৰ সৈতে ১৫তম ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এই শীৰ্ষ সন্মিলনত দুয়োখন দেশৰ মাজত বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক পৰ্যালোচনা কৰা হ’ব, য’ত প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, অৰ্থনীতি, প্ৰযুক্তি, আৰু জনগণৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা হ’ব। ইয়াৰ উপৰি দুয়োখন দেশৰ নেতাই অঞ্চলগত আৰু গোলকীয় গুৰুত্বৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।
জাপানে ভাৰতত আগন্তুক ১০ বছৰত প্ৰায় ১০ ট্ৰিলিয়ন য়েন (৬৮ বিলিয়ন ডলাৰ) বিনিয়োগৰ পৰিকল্পনা কৰিছে, বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত। ২০০৮ চনৰ সুৰক্ষা সহযোগিতাৰ ঘোষণাপত্ৰক উন্নীতকৰণৰ লক্ষ্যৰে প্ৰতিৰক্ষা হাৰ্ডৱেৰ ক্ৰয়ৰ বিষয়ত আলোচনা হ’ব। মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ অগ্ৰগতি আৰু জাপানৰ অত্যাধুনিক ই-১০ শ্বিংকানচেন ৰেলৰ প্ৰযুক্তি হস্তান্তৰৰ বিষয়ে চূড়ান্ত আলোচনা হ’ব। এই ভ্ৰমণত ভাৰত আৰু জাপানৰ সম্পৰ্কৰ ভৱিষ্যতৰ বাবে “২০৩৫ দৃষ্টিভংগী বিবৃতি” প্ৰকাশ কৰা হ’ব, যিয়ে ২০২৫ চনত ঘোষিত দৃষ্টিভংগী বিবৃতিৰ উন্নীতকৰণৰ চিন হিচাপে কাম কৰিব।
Niyomiya Barta Desk, 29 August