সুকন্যা : বিউটী পার্লাৰেৰে স্বাৱলম্বী নলবাৰীৰ জোনালী চৌধুৰী
নগেন তালুকদাৰ
এই ধৰাত বসবাস কৰা প্রতিগৰাকী জীৱশ্রেষ্ঠ মানৱৰ জীৱন–জীৱিকাৰ দিশসমূহ বেলেগ বেলেগ৷ প্রতিগৰাকী মানৱে নিজৰ জীৱনটো বা পৰিয়াল এটি চলাই নিবলৈ কোনোৱে যদি এটি চৰকাৰী চাকৰি কৰে, কোনোৱে আকৌ বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত্ চাকৰি কৰে৷ তদুপৰি গৰিষ্ঠসংখ্যক লোকে বিভিন্ন ব্যৱসায়ত নামি পৰি স্বাৱলম্বী হোৱা দেখা যায়৷ তেনে লোকসকলৰ ভিতৰৰে এগৰাকী স্নাতক ডিগ্রীধাৰী নলবাৰীৰ ছোৱালী জোনালী চৌধুৰী৷
নলবাৰী জিলাৰ বগুৰিহাটী গাঁৱৰ চৌধুৰী চুবুৰি নিৱাসী হৰিহৰ চৌধুৰী আৰু প্রেমো চৌধুৰীৰ কন্যা জোনালী৷ বগুৰিহাটী এম.ভি. স্কুলত শিক্ষা জীৱনৰ পাতনি মেলা জোনালীয়ে জাগাৰা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ পৰৱর্তী সময়ত নলবাৰী চহৰৰ আগশাৰীৰ স্ত্রী–শিক্ষাৰ শিক্ষানুষ্ঠান মহেন্দ্র নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণীৰ চূডান্ত পৰীক্ষা আৰু স্নাতক ডিগ্রী লাভ কৰে৷
২০১১ ইং চনত জোনালী চৌধুৰীয়ে নলবাৰী চহৰৰ জুতিকা বিডটী পার্লাৰতHair Cut, Make-up, Facial, Manicure আৰুPersonal groomingৰ ওপৰত এটি এবছৰীয়া প্রশিক্ষণ লয়৷ পিছত ভাৰত চৰকাৰৰ ডনেৰ মন্ত্রালয়ৰ নর্থ ইষ্টার্ন কাউঞ্চিল (এন ই চি) শ্বিলঙৰ পৃষ্ঠপোষকতাতNorth Eastern Industrial & Tecnical Consultancy organisation Ltd. নামৰ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত গুৱাহাটীত আয়োজিত‘Hair Styling and Beauty Care’ৰ ওপৰত এটি ছমহীয়া প্রশিক্ষণ লয়৷‘Bridal Makeup আৰুHair Styleৰ এটি ছমহীয়া‘Master Course’ৰ ওপৰতো প্রশিক্ষণ লয় জোনালীয়ে৷
বিউটী পার্লাৰে অকল যে মানুহৰবাহ্যিক ৰূপ সলায় এনে নহয়, ই মানুহৰ আত্মবিশ্বাসো বৃদ্ধি হোৱাত সহায় কৰে৷ পার্লাৰত মূলত ছাল, চুলি, মুখৰ আৰু শৰীৰৰ সৌন্দর্য বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ সেৱা আগবঢ়ায়৷ এটা গুৰুত্বপূর্ণ পেছা আৰু সমাজৰ এটা অবিচ্ছেদ্য অংশ হৈ পৰা বিউটী পার্লাৰৰ জৰিয়তে যুৱতীসকলে আত্মনির্ভৰশীল হ’ব পাৰে৷ সম্প্রতি মহিলাসকলৰ উপৰিপুৰুষেও নিজৰ দেহৰ যতন আৰু ব্যক্তিত্বৰ বিকাশৰ বাবে বিউটী পার্লাৰলৈ যোৱা দেখা যায়৷
২০১২ ইং চনৰ পৰা নলবাৰী জিলাৰ গোৱালপাৰা চ’কতে ‘মানসী পার্লাৰ’ নামেৰে জোনালীয়ে এখন বিউটী পার্লাৰ দি থ্রেডিং, মেকআপ, মুখৰ যতন, শিশু আৰু মহিলাৰ চুলি কটা, মেনিকিউৰ–পেডিকিউৰ, মেছাজ আদি ৰূপচর্চা সেৱা প্রদান কৰি অহাৰ উপৰি জিলাখনৰ বিভিন্ন স্থানত বিবাহৰ কইনা সজোৱা কামো কৰি আহিছে৷ এগৰাকী স্নাতক ডিগ্রীধাৰী শিক্ষিতা ছোৱালী জোনালীয়ে নিজে স্বাৱলম্বী হোৱাৰ পথ বিচাৰি লোৱাৰ লগতে শিক্ষিতা ছোৱালীসকলে এটি চৰকাৰী চাকৰি বিচাৰি মন্ত্রী–বিধায়কৰ পিছে পিছে দৌৰি বহুমূলীয়া সময় নষ্ট নকৰি নিজ নিজ কর্মক্ষেত্র নির্বাচন কৰি লৈ স্বাৱলম্বী হ’বলৈ আহ্বান জনায়৷
ফোন : ৬০০০৩–৬৮৮৩১