নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ ড’নাল্ড ট্ৰাম্প ! ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখিলেই জেডি ভ্যান্সে, ট্ৰাম্পৰ পুত্ৰই লগাইছে আউল

ডিজিটেল ডেস্ক, ২৯ আগষ্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অসুস্থ ! আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ সুস্থ নহয় বুলি কিছুদিনৰ পৰা সঘনে বাতৰি প্ৰকাশ পাইছে। এনে অৱস্থাত ট্ৰাম্পৰ কিবা হ’লেই ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু হৈ আছে উপ-ৰাষ্ট্ৰপতি জেডি ভ্যান্স। ট্ৰাম্পৰ অসুস্থতাৰ কথা উল্লেখেৰে উপ-ৰাষ্ট্ৰপতি জেডি ভ্যান্সে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে যোৱা জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ড’নাল্ড ট্ৰাম্পে। নিয়ম অনুসৰি এইবাৰ তেওঁ শেষবাৰৰ বাবে ৰাষ্ট্ৰপতি পদত বহিছে। কিয়নো আমেৰিকাৰ নিয়ম অনুসৰি এজন ব্যক্তিয়ে দুবাৰৰ অধিক ৰাষ্ট্ৰপতি পদত বহিব নোৱাৰে। সেয়ে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে- ট্ৰাম্পৰ পিছত কোন হ’ব দেশখনৰ ৰাষ্ট্ৰপতি?

এমাহ পূৰ্বে ট্ৰাম্পৰ পুত্ৰ এৰিকে এই প্ৰশ্নৰ উত্তৰ দি সকলোকে আচৰিত কৰি তুলিছিল। ৪১ বছৰীয়া ব্যৱসায়ী এৰিকে ইমান দিনে পিতৃৰ ব্যৱসায়িক সাম্ৰাজ্যৰ যত্ন লৈ আহিছে। কিন্তু এতিয়া তেওঁৰ চকু পৰিছে হোৱাইট হাউছত। অৱশ্যে ট্ৰাম্পৰ আন দুই সন্তান ড’নাল্ড জুনিয়ৰ, ইভাংকা ট্ৰাম্প ৰাজনৈতিকভাৱে সক্ৰিয়। কিন্তু তাৰ পৰিবৰ্তে এৰিকে ব্যৱসায়ৰ পৰা ৰাজনীতিলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰাই নহয়, হোৱাইট হাউছলৈও দৃষ্টি দিয়া বিষয়টো গুৰুত্বপূৰ্ণ। এৰিকে কয়- “হোৱাইট হাউছৰ পথ মোৰ বাবে কঠিন নহ’ব।”

সাধাৰণতে ট্ৰাম্পৰ উত্তৰাধিকাৰী হোৱাৰ দৌৰত ভ্যান্সৰ নামেই প্ৰথম আহে। কিন্তু ভ্যান্সক অতিক্ৰম কৰি ৰাষ্ট্ৰপতি হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ট্ৰাম্পৰ পুত্ৰই। এনে পৰিস্থিতিত ভ্যান্সে এৰিকক উদ্দেশ্যি কয়- “ভগৱানে নকৰক, যদি কিবা এটা হয় তেন্তে মোৰ বাহিৰে আন কোনেও আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’ব নোৱাৰে।’

মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা আটাইতকৈ বয়সিয়াল ব্যক্তি ট্ৰাম্প। শেহতীয়াকৈ তেওঁক যথেষ্ট অসুস্থ হোৱা দেখা গৈছে। হাত দুখন ফুলাও দেখা গৈছে। অৱশ্যে ভেন্সে দাবী কৰিছে যে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল সমাপ্ত কৰিবলৈ ট্ৰাম্প একেবাৰে উপযুক্ত।

You might also like