নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লক ডাউন’ৰ সুযোগ লৈ খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি; বাঢ়িল আলু-দাইল-পাছলিৰ দাম

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ সুযোগ লৈ ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰি গ্ৰাহকক লুণ্ঠন চলাইছে একাংশ অসাধু ব্যৱসায়ীয়ে ।

বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউ আৰু তাৰ পাছদিনা অসম চেম্বাৰ্ছ অৱ কমাৰ্চে জনোৱা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ আহ্বানৰ পিছতে মুনাফাখোৰ ব্যৱসায়ীসকলে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটাই লুণ্ঠনত নামি পৰিছে ।

যাৰবাবে ২০ টকীয়া আলু ৩০-৪০ টকাত, ৭৫ টকীয়া দাইল ৮০-৯০ টকাত, ৩৪০ টকীয়া লোকেল মুৰ্গী ৪০০-৪৫০ টকাত, ৬৬০ টকীয়া ছাগলীৰ মাংস ৭০০ টকাত বিক্ৰী হৈছে ।

ইপিনে মঙলবাৰৰ দিনটোত খাদ্যবস্তৰ চৰা দাম সত্বেও উপায়হীন হৈ গ্ৰাহকসকলে সৰহকৈ বস্ত ক্ৰয় কৰে । লগতে লক ডাউনৰ সময়ত খাদ্যবস্তৰ নাটনিৰ প্ৰতি আশংকা কৰি প্ৰতিখন বজাৰত অভাৱনীয় ভীৰ কৰা পৰিলক্ষিত হয় ।

কিন্তু ইয়াৰ বিপৰীতে জিলা প্ৰশাসন বা খাদ্য আৰু অসামৰিক যোগান বিভাগে উৰ্ধ্ধমুখী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।

You might also like