নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ সফলতা : জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত ‘মানৱ জিপিএছ’ বাগু খান

নিউজ ডেস্ক, ৩০ আগষ্ট : শনিবাৰে জম্মু-কাশ্মীৰৰ গুৰেজ ছেক্টৰত সংঘটিত এক এনকাউণ্টাৰৰ সময়ত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী বাগু খান ওৰফে সমন্দৰ চাচাক হত্যা কৰে। ১৯৯৫ চনৰ পৰা পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ত সক্ৰিয় বাগু খান সন্ত্ৰাসবাদী দলৰ মাজত “মানৱ জিপিএছ” হিচাপে পৰিচিত আছিল। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি, বাগু খান যোৱা তিনিটা দশকত পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা ভাৰত ভূমিত ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ ঘটনাত জড়িত আছিল।

গুৰেজ খণ্ডৰ দূৰৱৰ্তী ভৌগোলিক অৱস্থা আৰু গোপন পথৰ বিষয়ে জ্ঞানৰ বাবে তেওঁৰ নেতৃত্বত ভাৰত ভূমিত অনুপ্ৰৱেশৰ চেষ্টা সফল হৈছিল। এই কাৰণেই তেওঁৰ প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনত বিশেষ গুৰুত্ব আছিল। তেওঁ প্ৰথমে হিজবুলৰ কমাণ্ডাৰ আছিল যদিও লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদকে ধৰি সকলো সন্ত্ৰাসবাদী সংগঠনক গুৰেজ আৰু ওচৰৰ অঞ্চলৰ পৰা অনুপ্ৰৱেশ কৰাত সহায় কৰিছিল।

নৌশ্বেৰাৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় বাগু খান। এই এনকাউণ্টাৰত আন এজন সন্ত্ৰাসবাদীও নিহত হয়। সূত্ৰই জনোৱা মতে, বছৰ বছৰ ধৰি নিৰাপত্তাৰক্ষীৰ পৰা হাত সাৰি থকা বাগু খান অৱশেষত শেহতীয়া অভিযানত নিহত হয়।

বাগু খানৰ মৃত্যু সন্ত্ৰাসবাদী সংগঠনৰ লজিষ্টিক আৰু অনুপ্ৰৱেশ নেটৱৰ্কত এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে। ২৫ বছৰতকৈও অধিক সময় ধৰি তেওঁ সন্ত্ৰাসবাদী কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত হৈ আছিল। পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদৰ বাসিন্দা আছিল বাগু খান।

ভাৰতীয় সেনাই এসপ্তাহৰ ভিতৰত বিফল কৰা এইটো দ্বিতীয়টো অনুপ্ৰৱেশৰ ঘটনা। বৃহস্পতিবাৰেও গুৰেজ ছেক্টৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত দুজন অনুপ্ৰৱেশকাৰী নিহত হৈছিল।

You might also like