আফগানিস্তানত ভয়াৱহ ভূমিকম্প : পাঁচ শতাধিক লোকৰ মৃত্যু, সহস্ৰাধিক আহত
নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : আফগানিস্তানক দেওবাৰে নিশা প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায়, যাৰ ফলত ব্যাপক ক্ষয়-ক্ষতি হয়। কুনাৰ প্ৰদেশৰ নুৰ গাল, সাৱকী, ৱাটপুৰ, মনোগী আৰু চাপা দাৰা জিলাত সৰ্বাধিক হতাহতৰ খবৰ পোৱা গৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০০ অতিক্ৰম কৰিছে আৰু হাজাৰৰো অধিক লোক আহত হৈছে।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩ আৰু ইয়াৰ উৎস মাটিৰ পৰা মাত্ৰ আঠ কিলোমিটাৰ গভীৰতাত আছিল। ভূমিকম্পৰ পিছত কেইবাটাও আফটাৰশ্বকে দিল্লী, পাকিস্তানৰ লগতে তাজিকিস্তান, উজবেকিস্তান আৰু ভাৰতৰ কেইবাটাও অঞ্চলত কম্পন সৃষ্টি কৰিছিল। আফগানিস্তানত ইয়াৰ প্ৰভাৱ অতি বিধ্বংসী আছিল।
কিছুদিন পূৰ্বেও ভূমিকম্পত সৰ্বাধিক ক্ষতিগ্ৰস্ত কুনাৰ প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অঞ্চলটো পানীত বুৰ যায়, যাৰ ফলত বহু আন্তঃগাঁথনি আৰু পথৰ ক্ষতিসাধন হৈছিল। ভূমিস্খলনৰ পিছত উদ্ধাৰকাৰী দলৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হোৱা কঠিন হৈ পৰিছিল। তাৰ পিছত দেওবাৰৰ এই ভূমিকম্পই এক বৃহৎ অঞ্চল বিধ্বস্ত কৰি পেলাইছে।
চৰকাৰী সূত্ৰ অনুসৰি, এতিয়ালৈকে ২৫০ জন লোকৰ মৃত্যু হৈছে আৰু ৫০০ৰো অধিক লোক আহত হৈছে। জালালাবাদৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলটো এক দুৰ্গম পাহাৰীয়া অঞ্চল। কিছুমান ঠাইত কেৱল হেলিকপ্টাৰেৰেহে প্ৰৱেশ সম্ভৱ। সেইবাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।