নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নাগালেণ্ড সীমান্তত বিশ লাখ টকাৰ আফিংসহ বাহন জব্দ, তিনি সৰবৰাহকাৰীক আটক

নিয়মীয়া বার্তা,  ১ ছেপ্টেম্বৰ : মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ অন্যতম কৰিড’ৰ হিচাপে চিহ্নিত হৈ অহা অসম-নাগালেণ্ড সীমান্তত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ আফিংসহ এখন বাহন জব্দ কৰাৰ লগতে তিনি সৰবৰকাৰীক আটক কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ডিলাই থানাৰ অন্তৰ্গত লাহৰীজান টহলদাৰী চকীৰ ২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বন বিভাগৰ ছয়মাইলৰ বীট কাৰ্যালয়ৰ সমীপত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত ডিমাপুৰৰ দিশৰ পৰা আহি থকা এইচ আৰ- ২৬ বি জেদ-৬১৮১ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনত তালাচীত চলায়। উক্ত তালাচীত আৰক্ষীয়ে বাহনখনৰ পৰা ২.১৩৮ কিঃগ্ৰাঃ আফিং জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা আফিংখিনি বাহনখনত অহা তিনি আৰোহীয়ে শৰীৰৰ গোপন অংগত কৌশলেৰে লুকুৱাই আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহৰ চেষ্টা কৰিছিল। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে ৰবীন্দৰ সিং, ৰাজিন্দৰ সিং কুলদীপ সিং বুলি চিনাক্ত কৰা হৈছে।
আটাইকেইটা সৰবৰাহকাৰীৰ ঘৰ পঞ্জাবৰ মানছা জিলাত। উল্লেখ্য যে জব্দ হোৱা আফিংখিনিৰ আনুমানিক বজাৰ মূল্য কমেও বিশ লাখ টকা। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত তিনিও সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে।
প্ৰেৰক প্ৰাণদ্বীপ চেতিয়া
You might also like