কাইলৈ শিক্ষক দিৱস, প্রাথমিক-মাধ্যমিকৰ ১৫ শিক্ষাগুৰুলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা
শৈক্ষিক ক্ষেত্রখনৰ উৎকর্ষ সাধনৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ১৫গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা ঘোষণা কৰিছে শিক্ষা বিভাগে৷ প্রাথমিক পর্যায়ৰ বিদ্যালয়ৰ ৭গৰাকী আৰু মাধ্যমিক পর্যায়ৰ বিদ্যালয়ৰ ৮গৰাকী শিক্ষকলৈ এই সন্মান আগবঢ়োৱা হৈছে৷
কাইলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেন্দ্রীয় শিক্ষক দিৱসৰ কার্যালয়ত কৃতী শিক্ষকসকলক বঁটাসমূহ প্রদান কৰা হ’ব৷ কাহিলিপাৰাস্থিত সমগ্র শিক্ষাৰ কার্যালয়ৰ প্রেক্ষাগৃহত এখন সংবাদ মেলত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰী কৰে৷
তেওঁ ঘোষণা কৰা অনুসৰি প্রাথমিক পর্যায়ৰ বিদ্যালয়ৰ বঁটা লাভ কৰা শিক্ষককেইগৰাকী হৈছে– ডিব্রুগড়ৰ পূব জালনি এল পি স্কুলৰ নিজু ৰাভা, ডাঙৰচুক প্রাথমিক বিদ্যালয়ৰ গুণীন্দ্র গোহাঁই, কামৰূপ মহানগৰ জিলাৰ ১০নং মাজিৰগাঁও কে আৰ এম প্রাথমিক বিদ্যালয়ৰ উর্বশী দাস, গোলাঘাটৰ ১নং পৰাণগনিয়া জ্যোতি প্রাথমিক বিদ্যালয়ৰ নবীন চন্দ্র দাস, শিলভেটা প্রাথমিক বিদ্যালয়ৰ নন্দিতা ৰাজপুত, যোৰহাটৰ ২৯৫নং কুহুম যোগনীয়া প্রাথমিক বিদ্যালয়ৰ অনিল চন্দ্র হাজৰিকা আৰু বালিগাঁও এম ভি স্কুলৰ দীপিকা সভাপণ্ডিত৷ আনহাতে মাধ্যমিক পর্যায়ত বঁটা লাভ কৰা শিক্ষককেইগৰাকী হৈছে– ডিব্রুগড়ৰ ৰাষ্ট্রভাষা বিদ্যালয়ৰ লীলাধৰ উপাধ্যায়, টাইফাকে উচ্চ এম পি স্কুলৰ এনৱাই উইংকেন, তিনিচুকীয়াৰ জিবি চৌখানি হাইস্কুলৰ ৰঞ্জিত বিকাশ চেতিয়া, ডিব্রুগড়ৰ মৰাণ পাব্লিক হাইস্কুলৰ স্বপ্নালী গগৈ, লখিমপুৰৰ পানীগাঁও হাইস্কুলৰ ভৃগু প্রসাদ শর্মা, যোৰহাটৰ আদর্শ জনজাতীয় এইচএছ স্কুলৰ ৰাজেশ বৰদলৈ, লখিমপুৰৰ পিএমশ্রী তৰিয়নী বৰবিল এইচএছ স্কুলৰ ডম্বৰুধৰ নেৱাৰ আৰু হাইলাকান্দিৰ পিএমশ্রী জমিৰা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছুফিয়ান ছিদ্দিকী বৰভূঞা৷
সংবাদ মেলত শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰে যে উচ্চ শিক্ষাৰ ক্ষেত্রতো যিসকল মহাবিদ্যালয়ৰ গৱেষক শিক্ষকে পেটেণ্ট লাভ কৰিছে তেওঁলোকক এইবাৰ সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷ সেই অনুসৰি বৰপেটাৰ নৱজ্যোতি কলেজৰ ড০ প্রদ্যুৎ ৰাজকুমাৰ, কামৰূপ মহানগৰৰ গুৱাহাটী কলেজৰ ড০ হিমাদ্রী কলিতা, বৰপেটাৰ এমচি কলেজৰ ৰিজু শর্মা আৰু দৰঙৰ মঙলদৈ কলেজৰ প্রীতিমণি দাসক তেজপুৰত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷
আনহাতে কাৰিকৰী শিক্ষাৰ ক্ষেত্রত অভিযান্ত্রিক আৰু পলিটেকনিক মহাবিদ্যালয়ৰ পৰা পেটেণ্ট লাভ কৰা শিক্ষকসকলকো সম্বর্ধনা জ্ঞাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ডাঃ ৰণোজ পেগুৱে প্রকাশ কৰা অনুসৰি অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ গুণজিৎ কলিতা, যোৰহাট বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠানৰ ইলেক্ট্র’নিক্স বিভাগৰ সহকাৰী অধ্যাপক ড০ চুমি কংকনা দেৱান, অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ঔদ্যোগিক উৎপাদন বিভাগৰ সহকাৰী অধ্যাপক ড০ মনোজ বৰুৱা, ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিশ্বজিৎ শ্যাম আৰু যোৰহাট মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ প্রিয়াক্ষী মহন্তক সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷
তদুপৰি ২০২৪ বর্ষৰ ৫ ছেপ্টেম্বৰৰ পৰা বর্তমানলৈকে নাকৰ ‘এ’ গ্রেড লাভ কৰা মহাবিদ্যালয়সমূহক্ সম্বর্ধনা জ্ঞাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ সেই অনুসৰি এই সময়ছোৱাত ‘এ’ গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয় ক্রমে পাণ্ডু মহাবিদ্যালয়, প্রাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ক কেন্দ্রীয় শিক্ষক দিৱসৰ কার্যসূচীত সম্বর্ধনা জনোৱা হ’ব৷
ইফালে শিক্ষামন্ত্রীগৰাকীয়ে কয় যে যিসকল শিক্ষকে এনচিচিত অংশগ্রহণ কৰি এএন’ হিচাপে কার্যনির্বাহ কৰিছে তেওঁলোককো শিক্ষক দিৱসৰ দিনাই সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷ সেই অনুসৰি এই শাখাত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ দেৱজিৎ দত্ত, হাইলাকান্দিৰ এ এল চৌধুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিফজুৰ ৰহমান মাজাৰভূঞা, কামৰূপ মহানগৰৰ কে আৰ বি ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মল্লিকা পেগু, ধেমাজিৰ চিটি কলেজৰ সহকাৰী অধ্যাপক কল্যাণী কোঁৱৰক চৰকাৰে সম্বর্ধনা জনাব৷
ইয়াৰ সমান্তৰালভাৱে শিক্ষা সেতু এপত উপস্থিতি প্রদানৰ ক্ষেত্রত সফলতা প্রদর্শন কৰা বিদ্যালয়সমূহৰ লগতে ৩ শীর্ষ জিলাক সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷ ডাঃ পেগুৱে প্রকাশ কৰা অনুসৰি চিৰাঙৰ খালেপপাৰা প্রাথমিক বিদ্যালয়, যোৰহাটৰ কুমাৰভাতী প্রাথমিক বিদ্যালয়, কোকৰাঝাৰৰ বামুণকুৰা প্রাথমিক বিদ্যালয়, ডিব্রুগড়ৰ চৰাইহাবি মিচিং প্রাথমিক বিদ্যালয়, শিৱসাগৰৰ পুৰণি লোনপুৰীয়া প্রাথমিক বিদ্যালয়, ওদালগুৰিৰ গৌৰীবস্তি প্রাথমিক বিদ্যালয়, মাজুলীৰ জপুনচুক প্রাথমিক বিদ্যালয়, ধেমাজিৰ দুৰপতিমুখ প্রাথমিক বিদ্যালয়, নগাঁৱৰ লংজাপ বীণাপাণি প্রাথমিক বিদ্যালয় আৰু শোণিতপুৰৰ গেৰগুৱাজুলি প্রাথমিক বিদ্যালয়ক সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷
শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ৰাজ্যিক বঁটাৰ বাবে শিক্ষক বাছনিৰ ক্ষেত্রত এখন এছঅ’পি গ্রহণ কৰা হৈছে৷ গুণোৎসৱত ‘চি’ আৰু ‘ডি’ গ্রেড লাভ কৰা বিদ্যালয়সমূহৰ শিক্ষকে এই বঁটাৰ বাবে আবেদন কৰিব নোৱাৰে৷ বিদ্যালয় চৌহদৰ পৰিষ্কাৰ–পৰিচ্ছন্ন, শিক্ষার্থীৰ সংখ্যা, বিভিন্ন পৰীক্ষাৰ ফলাফল, ৰাষ্ট্রীয় জলপানি পৰীক্ষাত অৱতীর্ণ হৈ সফল হোৱা শিক্ষার্থীৰ সংখ্যা আদিকে ধৰি কেইবাটাও বিষয় বিবেচনা কৰি মূল্যায়নৰ ভিত্তিত শিক্ষকক ৰাজ্যিক বঁটাৰ বাবে বাছনি কৰা হৈছে৷ বঁটাৰ বাবে ৪২৭খন আবেদন লাভ কৰা হৈছিল৷
ইয়াৰে প্রাথমিক বিদ্যালয়ৰ ক্ষেত্রত ১৮৯ আৰু মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্রত ২৩৮খন আবেদনৰ মূল্যায়ন কৰি ১৫গৰাকী শিক্ষকক বঁটাৰ বাবে বাছনি কৰা হৈছে৷ সংবাদ মেলত ডাঃ পেগুৱে শেহতীয়াকৈ প্রকাশ পোৱা ইউডাইছ প্লাছ প্রতিবেদনৰ কেতবোৰ গুৰুত্বপূর্ণ তথ্যৰ বিষয়েও সদৰী কৰে৷ এই সন্দর্ভত তেওঁ কয়– ২০২৩–২৪ চনৰ ইউডাইছ প্রতিবেদনৰ কিছু তথ্যই আমাক উদ্বিগ্ণ কৰি তুলিছে৷ আমাৰ বিদ্যালয়সমূহৰ আধাতে এৰা শিক্ষার্থীৰ সংখ্যা যথেষ্ট বেছি আছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত আমি আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ হাৰ বৃদ্ধি পোৱা জিলা আৰু অঞ্চলসমূহ চিনাক্ত কৰিছিলোঁ আৰু কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছিলোঁ৷ যাৰ ফলত শেহতীয়াকৈ প্রকাশিত ইউডাইছ প্রতিবেদনত আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যা হ্রাস পাইছে৷ নিম্ন প্রাথমিক বিদ্যালয়ৰ ক্ষেত্রত ৬.২ শতাংশৰ পৰা ৩.৮ শতাংশলৈ, উচ্চ প্রাথমিক বিদ্যালয়ৰ ক্ষেত্রত ৮.২ শতাংশৰ পৰা ৫ শতাংশলৈ আৰু মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্রত ২৫.১ শতাংশৰ পৰা ১৭.৫ শতাংশলৈ আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ হাৰ হ্রাস পাইছে৷
সেইদৰে বিদ্যালয়ত ভর্তি হোৱা শিক্ষার্থীৰ সংখ্যা বৃদ্ধি হৈছে৷ নিম্ন প্রাথমিকত ১০৮.১ শতাংশৰ পৰা ১১০.৫ শতাংশলৈ, মাধ্যমিক বিদ্যালয়ত ৭৬.৭ শতাংশৰ পৰা ৭৯.৬ শতাংশলৈ আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত ৩৭.৬ শতাংশৰ পৰা ৪৩.৫ শতাংশলৈ শিক্ষার্থীৰ সংখ্যা বৃদ্ধি পাইছে৷ সেইদৰে এটা পর্যায়ৰ পৰা আন এটা শৈক্ষিক পর্যায়লৈ উন্নীত হোৱা শিক্ষার্থীৰ সংখ্যাও ক্রমাৎ বৃদ্ধি পাইছে৷ শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, নিম্ন প্রাথমিকৰ পৰা উচ্চ প্রাথমিকলৈ উন্নীত হোৱা শিক্ষার্থীৰ সংখ্যা ৮৫ শতাংশৰ পৰা ৯০.৩ শতাংশলৈ, উচ্চ প্রাথমিকৰ পৰা মাধ্যমিক পর্যায়লৈ ৮২.৬ শতাংশৰ পৰা ৮৭.৩ শতাংশলৈ, মাধ্যমিক পর্যায়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী পর্যায়লৈ ৫২.৫ শতাংশৰ পৰা ৬১.৪ শতাংশলৈ বৃদ্ধি পাইছে৷
তদুপৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ক্ষেত্রত ৰাজ্যই যথেষ্ট ভাল ফলাফল প্রদর্শন কৰিছে বুলিও তেওঁ সদৰী কৰে৷ তেওঁ কয় যে ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি যথেষ্ট উন্নীত কৰা হৈছে৷ শিক্ষার্থীৰ শৌচাগাৰ তথা প্রস্রাৱাগাৰ, খোৱাপানীৰ ব্যৱস্থা, পুথিভঁৰাল আদি বৃদ্ধি কৰা হৈছে৷ অৱশ্যে আমাৰ বহু বিদ্যালয়ত এতিয়াও চাৰিসীমাৰ বেৰ নাই৷ প্রায় ২০ হাজাৰ বিদ্যালয়ত চাৰিসীমাৰ বেৰ নির্মাণ কৰিবলৈ বাকী আছে৷ এই বিদ্যালয়সমূহত কিদৰে চাৰিসীমাৰ বেৰ নির্মাণ কৰিব পৰা যায়, তাৰ বাবে বিত্ত বিভাগৰ সৈতে আলোচনা কৰি থকা হৈছে৷ পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহৰ জৰিয়তে সমন্বয়তাৰে এই বেৰসমূহ নির্মাণ কৰাৰ পদক্ষেপ গ্রহণ কৰা হ’ব৷ ইফালে শিক্ষাবর্ষ সলনি কৰা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে নতুন শিক্ষাবর্ষ নির্ধাৰণৰ বাবে গঠন কৰা সমিতিৰ প্রতিবেদন এতিয়াও লাভ কৰা নাই৷ নতুন ৰাষ্ট্রীয় শিক্ষা ব্যৱস্থাৰ সৈতে আমাৰ শিক্ষা ব্যৱস্থাও জড়িত৷ গতিকে দিল্লীয়ে যদি সলনি নকৰে, আমি এই ব্যৱস্থাটোক পৰিৱর্তন কৰিব নোৱাৰোঁ৷ আন ৰাজ্যসমূহৰ লগতো আমি কথা পাতিছোঁ৷ সমিতিৰ প্রতিবেদনলৈ আমি বাট চাম৷
Niyomiya Barta Desk, 4 September