নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ জিলা কাৰাগাৰত কয়দীৰ আ*ত্ম*হত্যাৰ অপচেষ্টা

মঙলদৈ জিলা কাৰাগাৰৰ ভিতৰত এগৰাকী কয়দীয়ে আত্ম*হত্যাৰ অপচেষ্টা চলাইছিল। আজি পুৱা মঙলদৈ জিলা কাৰাগাৰৰ ভিতৰত হত্যাৰ গোচৰত অভিযুক্ত আমাদুল হুচেইন নামৰ ২৭ বছৰীয়া কয়দী এগৰাকীয়ে গামোচাৰে আত্মহত্যাৰ চেষ্টা কৰে।

১০৭/২৫ নং গোচৰৰ কয়দীগৰাকীৰ যোৱাকালি চাৰ্জশ্বীট হোৱাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত লোৱা বুলি কাৰাগাৰ কৰ্তৃপক্ষই মন্তব্য কৰে।

কাৰাগাৰ কৰ্তৃপক্ষই ঘটনাটো গম পোৱাৰ লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

এয়া আত্মহত্যাৰ অপচেষ্টা নে আন কিবা এয়া তদন্তৰ পিছতে জানিব পৰা যাব। উল্লেখযোগ্য যে আমাদুলৰ ঘৰ মঙ্গলদৈৰ সৰু ঠেকেৰাবাৰীত।

Niyomiya Barta Desk, 4 September

You might also like