নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত প্রতিবেগ চিমেণ্টৰ দাম ৮ টকাকৈ বৃদ্ধি : জিএছটি হ্রাসৰ সিদ্ধান্তৰ পিছতে জনতাৰ মূৰত মাধমাৰ

🔹 শীঘ্রে পুনৰ ৬–১০ টকাকৈ বঢ়োৱাৰ গোপন তৎপৰতা

ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : চিমেণ্টৰ ওপৰত আৰোপিত কৰ হ্রাসেৰে জনসাধাৰণক সকাহ দিবলৈ জিএছটি কাউঞ্চিলে গ্রহণ কৰা সিদ্ধান্তৰ বিপৰীতে মুনাফা লুটাৰ অংকত নামিছে ব্যৱসায়িক গোষ্ঠী৷ জিএছটি কাউঞ্চিলৰ সিদ্ধান্তৰ পাছতে চূড়ান্ত মইমতালিৰে চিমেণ্ট লবীয়ে পৰহিৰে পৰা কার্যকৰী হোৱাকৈ নির্মাণ সামগ্রীবিধৰ দাম বৃদ্ধি কৰিছে৷ ফলত প্রতিবেগ চিমেণ্টত দাম বাঢ়িছে ৮ টকাকৈ৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– চিমেণ্টৰ দাম বৃদ্ধিৰ এই সিদ্ধান্ত কেৱল অসমৰ ক্ষেত্রতহে কার্যকৰী হৈছে, দেশৰ আন কোনো ৰাজ্যত দৰৰ হেৰফেৰ হোৱা নাই৷ মাত্র এদিন আগলৈকে অসমত প্রতিবেগ ডালমিয়া চিমেণ্ট ৪৯৬ টকাত, টমচেম–ষ্টাৰ ৪৯৫ টকাকৈ আৰু মেক্স ৪৭৬ টকাত উপলব্ধ আছিল৷ কিন্তু আজিৰ তাৰিখত প্রতিবেগ ডালমিয়া চিমেণ্ট জনসাধাৰণে ৫০৪ টকাত, টমচেম–ষ্টাৰ ৫০৩ টকাকৈ আৰু মেক্স ৪৮৪ টকাত ক্রয় কৰিবলগীয়া হৈছে৷ চিমেণ্ট লবীয়ে মুনাফা লুটাৰ অংকত ইমানতে ক্ষান্ত থকা নাই৷ অনাগত কেইদিনমানৰ ভিতৰতে পুনৰ প্রতিবেগ চিমেণ্টত ৬–১০ টকাকৈ বৃদ্ধিৰ বাবেও ব্যৱসায়িক গোষ্ঠীয়ে তৎপৰতা অব্যাহত ৰাখিছে বুলি নির্মাণ সামগ্রীবিধৰ ব্যৱসায়ৰে জড়িত এক সূত্রত প্রকাশ৷

উল্লেখ্য যে যোৱা বুধবাৰে নিশা অনুষ্ঠিত জিএছটি কাউঞ্চিলৰ বৈঠকে চিমেণ্টৰ ওপৰত আৰোপিত জিএছটি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্রাস কৰাত অনুমোদন জনাইছিল৷ ইয়াৰ লগে লগে নির্মাণ খণ্ডৰে জড়িতসকলৰ লগতে সপোনৰ ঘৰটো সজাৰ পৰিকল্পনাত থকা সর্বসাধাৰণেও যথেষ্ট সকাহ পোৱাৰ আশা দেখা গৈছিল৷ জিএছটি কাউঞ্চিলে অনুমোদন জনোৱা নতুন নিৰিখ অহা ২২ ছেপ্টেম্বৰৰ পৰা কার্যকৰী হ’ব৷ কিন্তু জিএছটি হ্রাসৰ সুফল যাতে জনতাই পাব নোৱাৰে তাৰ চক্রান্ত কৰি অতি গোপনে অসমত চিমেণ্টৰ দাম বৃদ্ধি কৰে মুনাফালোভী ব্যৱসায়িক গোষ্ঠীয়ে৷

এক কথাত ক’বলৈ গ’লে- জনতাৰ মূৰত মাধমাৰ শোধোৱা এনে কার্যৰে চিমেণ্ট লবীয়ে নিজৰ লাভৰ অংক একে ৰাখিব বিচাৰিছে৷ অর্থাৎ অহা ২২ ছেপ্টেম্বৰৰ পৰা জিএছটিৰ নতুন নিৰিখ বলৱৎ হ’লেও চিমেণ্টৰ দাম একেই থাকিব৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সংশ্লিষ্ট কর্তৃপক্ষৰ নিয়ন্ত্রণহীনতাৰ সুযোগ লৈ চিমেণ্ট কোম্পানীসমূহে প্রায়েই নিজৰ খেয়ালখুচি মতে চিমেণ্টৰ দাম বঢ়াই আহিছে৷ পৰিণতিত অসমত হোৰাহোৰে বৃদ্ধি পাই গৈ আছে নির্মাণ সামগ্রীবিধৰ দৰ৷ ইয়াৰ বিপৰীতে কিন্তু দেশৰ আন ৰাজ্যসমূহত অন্য এখন চিত্রহে দেখিবলৈ পোৱা যায়৷

সূত্রটোৱে সদৰী কৰা অনুসৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগত আজিৰ তাৰিখত প্রতিবেগ ডালমিয়া চিমেণ্টৰ দাম ৩৪০ টকা৷ সেইদৰে ৰাজস্থানত এক বেগ ডালমিয়া চিমেণ্ট ৩০০ টকাত বিক্রী হয়৷ কিন্তু অসমৰ জনসাধাৰণৰ বেলিকা ৪৯৬–৫০৪ টকা পর্যন্ত দৰত প্রতিবেগ ডালমিয়া চিমেণ্ট ক্রয় কৰিবলগীয়া হোৱাটো আশ্চর্যজনক৷ ইয়াৰ আঁৰত কি অংক লুকাই আছে, সেয়া নুবুজা সাঁথৰ৷ এনে প্রেক্ষাপটত প্রশ্ণ উঠিছে– নিজ খেয়ালখুচি মতে দাম বৃদ্ধিৰে জনসাধাৰণক ৰামটাঙোন শোধাই একপ্রকাৰ লুণ্ঠনৰাজ চলোৱা চিমেণ্ট কোম্পানীসমূহক নাকী লগাব কোনে?

You might also like