নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় অসম কন্যা লাভলীনাৰ

ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় মাগিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ ইংলেণ্ডৰ লিভাৰপুলত পূর্ণগতিত চলি থকা সন্মানীয় প্রতিযোগিতাখনৰ প্রথম বাউত বাই হিচাপে লাভ কৰা লাভলীনাই দ্বিতীয় ৰাউণ্ডৰ মেচখনত তুৰস্কৰ বুশ্বৰা ইছলিদাৰৰ হাতত শোচনীয়ভাৱে ৫–০ৰ ব্যৱধানত পৰাজিত হয়৷

প্রতিযোগিতাখনৰ ৭৫ কেজি শাখাত অংশগ্রহণ কৰা অসম কন্যা লাভলীনাই কালি তুৰস্কৰ প্রতিদ্বন্দ্বীগৰাকীৰ হাতত সহজেই আত্মসমর্পণ কৰে৷ ইছলিদাৰে প্রথমৰ পৰাই আক্রমণাত্মক পান্সেৰে লাভলীনাক চাপত ৰাখিছিল৷ মেচখনৰ প্রথম ৰাউণ্ডত অসম কন্যাগৰাকীয়ে কিছু প্রত্যাহ্বান জনাইছিল যদিও পৰৱর্তী দুয়োটা ৰাউণ্ডতে তুৰস্কৰ প্রতিদ্বন্দ্বীগৰাকীয়ে লাভলীনাক শক্তিশালী পান্সেৰে ধৰাশায়ী কৰি প্রি–কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰে৷

ইফালে, দুবাৰৰ বিশ্ব চেম্পিয়ন নিখট জাৰিনে প্রি–কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ ৫১ কেজিৰ দ্বিতীয় ৰাউণ্ডৰ মেচখনত জাৰিনে আমেৰিকাৰ জেনিফাৰ ল’জানোক সহজেই ৫–০ত পৰাস্ত কৰি অন্তিম ১৬লৈ উন্নীত হয়৷ আনহাতে, জইছমিন লম্বোৰিয়াই ৫৭ কেজি আৰু এছিয়ান গেমছৰ ব্রঞ্জৰ পদক বিজয়ী নৰেন্দৰ বেড়ৱালে ৯০ কেজি শাখাৰ প্রি–কোৱার্টাৰত প্রৱেশ কৰিছে৷

You might also like