নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ৭ ছেপ্টেম্বৰ : তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত লোক্ৰা বৰনগৰৰ কুৰপাৰা চুবুৰিৰ চন্দেশ্বৰ বড়ো (৩২) গুৱাহাটীৰ গীতানগৰৰ নিজৰ শোৱনী কোঠাৰ পৰা ১ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হোৱা ঘটনাই গোৰেশ্বৰত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল তুলিছে।
পৰিয়াল তথা আত্মীয় লোকে জনোৱা অনুসৰি বিগত প্ৰায় ৮ বছৰ ধৰি এছ আই এছ ছিকিউৰিটী এজেঞ্চীৰ অধীনত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল বড়ো। প্ৰায় ডেৰ বছৰ পূৰ্বৰে পৰা বড়োৱে দীঘলীপুখুৰীপাৰস্থিত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত ছিকিউৰিটী গাৰ্ড হিচাপে কাম কৰি আছিল। ৩১ আগষ্টৰ নিশা পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে কথা পাতি শুই থকা চন্দেশ্বৰ বড়োক ১ ছেপ্টেম্বৰৰ পুৱা ওচৰ-চুবুৰীয়াই ৰূমৰ ভিতৰত থকা বুলি মাত দিয়ে। দুৱাৰ-খিৰিকী সম্পূৰ্ণৰূপে খোলা থকাৰ পিছত চন্দেশ্বৰ বড়োৰ মাত নোপোৱাত ভিতৰলৈ যায়। ৰূমৰ ভিতৰত সকলোবোৰ সামগ্ৰী ঠিকে থকা দেখা পায় যদিও চন্দেশ্বৰ বড়োক ৰূমৰ ভিতৰত দেখা নোপোৱাত পৰিয়ালৰ লোকক লগে লগে অৱগত কৰায়।
পিছত চন্দেশ্বৰৰ পত্নীৰ লগতে আত্মীয়ই গীতা নগৰস্থিত কুঁহিৰাম পথৰ ভাৰাঘৰত উপস্থিত হৈ দাঁতিকাষৰীয়া অঞ্চলত বিচাৰ-খোঁচাৰ কৰে যদিও কোনো সম্ভেদ নোপোৱাত গীতা নগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। অৱশ্যে গীতা নগৰ আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে। মাতৃ, পত্নী, দুজন পুত্ৰ সন্তান থকা পৰিয়ালটো এতিয়া কান্দোনত ভাগি পৰিছে। কোনো লোকে লোকজনৰ সম্ভেদ পালে 6000905696 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।