নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লাড মুন- পূর্ণগ্রাস গ্রহণত ৰাঙলী চন্দ্রমা : বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ল বিশ্ববাসী

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : ২০২৫ বর্ষৰ অন্তিমটো বিৰল মহাজাগতিক ক্ষণৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী৷ ভাৰতৰ দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰু আদি চহৰৰ লগতে এছিয়া, অষ্ট্রেলিয়া, পূব আফ্রিকা, ইউৰোপৰ কিছু অংশকে ধৰি সমগ্র ভাৰতত পূর্ণগ্রাস চন্দ্রগ্রহণ স্পষ্টভাৱে দেখা যায়৷

যোৱানিশা ৮.৫৮ বজাৰ পৰা চন্দ্রগ্রহণ আৰম্ভ হয়৷ এটা দশকৰ পিছত এয়া আটাইতকৈ দীঘলীয়া গ্রহণ হিচাপে পৰিগণিত হৈছে৷ ৮ ছেপ্টেম্বৰৰ পুৱতিনিশা ২.২৫ বজাত অন্ত পৰিবলগীয়া পূর্ণগ্রাস চন্দ্রগ্রহণ ৫ ঘণ্টাৰো অধিক সময় ধৰি হয়৷ ভাৰতত ৯.৫৮ বজাত চন্দ্রগ্রহণ আৰম্ভ হৈ ৮ ছেপ্টেম্বৰৰ পুৱতিনিশা ১.২৬ বজাত অন্ত পৰে৷ গ্রহণৰ সময়ছোৱাত পৃথিৱীয়ে সূর্য আৰু চন্দ্রৰ মাজত আহি চন্দ্রৰ ওপৰত ছাঁ পেলায়৷

প্রায় ৮২ মিনিট সময় ধৰি পৃথিৱীৰ ছাঁৰে আৱৰি থাকে চন্দ্রটো৷ কেৱল পূর্ণিমাৰ সময়তহে এনে পৰিঘটনা সংঘটিত হয় বুলি জ্যোতির্বিদসকলে সদৰী কৰিছে৷ জ্যোতির্বিদসকলৰ মতে, ১২২ বছৰ পিছত পিতৃপক্ষৰ আৰম্ভণিৰ দিনটোত চন্দ্রগ্রহণ হয়৷ এই সময়ছোৱাত শনি আৰু বৃহস্পতি গ্রহৰ এক বিৰল মিলো দেখা যায়৷ এই পূর্ণগ্রাস চন্দ্রগ্রহণৰ সময়ছোৱাত চন্দ্রমাৰ বৰণ তেজবৰণীয়া হৈ পৰে৷ সেইবাবে ইয়াক ব্লাড মুন বা ৰাঙলী চন্দ্র বুলি কোৱা হয়৷ নিশা ১১ বজাৰ পৰা ১২.২২ বজালৈ ব্লাড মুন প্রত্যক্ষ কৰে বিশ্ববাসীয়ে৷

You might also like