কার্যকাল এবছৰ নৌহওঁতেই পদত্যাগ জাপানৰ প্রধানমন্ত্রীৰ
নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : বিগত সময়ত দলৰ আভ্যন্তৰীণ সংঘাতে জর্জৰিত কৰাৰ পিছত অৱশেষত পদত্যাগৰ সিদ্ধান্ত গ্রহণ কৰে জাপানৰ প্রধানমন্ত্রী শ্বিগেৰু ইছিবাই৷ দেওবাৰে দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত এই কথা প্রকাশ কৰে৷
জাপানত বর্তমান লিবাৰেল ডেম’ক্রেটিক পার্টীৰ চৰকাৰ চলি আছে৷ যোৱা বছৰ এলডিপিৰ নেতৃত্বাধীন মিত্রজোঁটে ক্ষমতাত অধিষ্ঠিত হৈছিল৷ কিন্তু দেশখনত ক্রমাৎ বৃদ্ধি পোৱা ৰাজনৈতিক অৰাজকতাৰ মাজতে নিজৰ দলৰে একাংশ নেতাই প্রধানমন্ত্রীৰ পদত্যাগ দাবী কৰিছিল৷ শেহতীয়াকৈ সংসদৰ উভয় সদনত ইছিবাৰ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে৷ এই পৰাজয়ে ইছিবাৰ মিত্রজোঁটৰ নীতিগত স্থিতি কার্যকৰী কৰাটো অধিক কঠিন কৰি তুলিছে৷ জুলাই মাহত অনুষ্ঠিত নির্বাচনৰ পৰাজয়ৰ দায়িত্ব লৈ তেওঁৰ পদত্যাগ দাবী কৰি আহিছিল৷
ইফালে, এই বিষয়টোৱে দলীয় নেতৃত্বৰ মাজত বিভাজন আসন্ন কৰিছিল৷ প্রধানমন্ত্রীৰ কার্যালয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও অনানুষ্ঠানিকভাৱে পদত্যাগৰ বিষয়টো স্পষ্ট হৈ পৰিছে৷ আমেৰিকাই জাপানৰ বাহন আৰু অন্যান্য ৰপ্তানি সামগ্রীৰ ওপৰত ১৫ শতাংশ শুল্ক আৰোপ কৰিছিল৷ আমেৰিকাৰ অতিৰিক্ত শুল্কক জাপানে ৰাষ্ট্রীয় সংকট বুলি অভিহিত কৰি ইয়াৰ সমাধানৰ বাবে প্রধানমন্ত্রী ইছিবাই সমাধান সূত্র উলিয়াবলৈ চেষ্টা চলাইছিল৷ ইয়াৰ পিছতে তেওঁৰ পদত্যাগৰ তাৎক্ষণিক সিদ্ধান্তৰ বিশেষ চর্চা চলিছে৷