জন্ম শতবার্ষিকীৰ সোঁৱৰণ : ভূপেনদালৈ শ্রদ্ধাঞ্জলি
🔹 নৰেন্দ্র মোদী
আজি ৮ ছেপ্টেম্বৰৰ দিনটো ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্রতি অনুৰাগী প্রতিগৰাকী ব্যক্তিৰ বাবে এক অতি বিশেষ দিন৷ বিশেষকৈ, অসমৰ মোৰ ভাই–ভনীসকলৰ বাবে এই দিনটো আৰু অধিক গুৰুত্বপূর্ণ৷ কাৰণ, ভাৰতৰ অন্যতম অসাধাৰণ কণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি জন্মবার্ষিকী৷ আপোনালোক সকলোৱে জানে যে চলিত বর্ষতে তেওঁৰ জন্ম শতবার্ষিকী উদযাপনৰ শুভাৰম্ভণি হৈছে৷ এয়া ভাৰতীয় কলাত্মক প্রকাশ আৰু জনসচেতনতাৰ প্রতি তেওঁৰ অসাধাৰণ অৱদানক স্মৰণ কৰাৰ এক সুযোগ৷ ভূপেনদাই আমাক যি দিলে, সেয়া সংগীততকৈ অধিক সূদূৰপ্রসাৰী৷ তেওঁ ৰচনাৰাজিত কেৱল সুৰকে নহয়, আৱেগকো মূর্ত কৰি তুলিছিল৷ কেৱল এক কণ্ঠতকৈ তেওঁ আছিল ৰাইজৰ হূদস্পন্দন৷ কেইবাটাও প্রজন্ম তেওঁৰ গীত শুনি ডাঙৰ হৈছে, যাৰ গীতৰ প্রতিটো শব্দতে মমতা, সামাজিক ন্যায়, ঐক্য আৰু গভীৰ শিপা নিহিত হৈ আছে৷
অসমৰ পৰা এনে এক কণ্ঠৰ আবির্ভাৱ হৈছিল, যাৰ কণ্ঠস্বৰ ভৌগোলিক সীমা আৰু সংস্কৃতি অতিক্রমি, মানৱতাৰ আত্মাক লগত লৈ কালজয়ী বোৱঁতী নদীৰ দৰেই বৈ গৈছিল৷ ভূপেনদাই সমগ্র বিশ্ব ভ্রমণ কৰিছিল, সমাজৰ সকলো শ্রেণীৰ দিগ্গজক লগ পাইছিল, তথাপি তেওঁ অসমৰ শিপাৰ প্রতি গভীৰভাৱে আকৃষ্ট হৈ আছিল৷ অসমৰ চহকী মৌখিক পৰম্পৰা, লোকগীত আৰু সমুদায়ৰ কাহিনী কোৱাৰ প্রথাই তেওঁৰ শৈশৱক গভীৰভাৱে গঢ় দিছিল৷ এই অভিজ্ঞতাই তেওঁৰ কলাত্মক শব্দ ভাণ্ডাৰৰ আধাৰ গঢ়ি তুলিছিল৷ তেওঁ সদায় নিজৰ লগত অসমৰ খিলঞ্জীয়া পৰিচয় আৰু জনসাধাৰণৰ নীতি–নিয়মক কঢ়িয়াই লৈ ফুৰিছিল৷
ভূপেনদাৰ প্রতিভা অতি কম বয়সতে স্পষ্ট হৈ পৰিছিল৷ মাত্র পাঁচ বছৰ বয়সতে ৰাজহুৱা অনুষ্ঠানত গীত গাই পলকতে অসমীয়া সাহিত্যৰ ৰূপকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ কৈশোৰ কালতে তেওঁ প্রথমটো গীত বাণীবদ্ধ কৰিছিল৷ কিন্তু সংগীত তেওঁৰ ব্যক্তিত্বৰ এটা অংশহে আছিল৷ ভূপেনদা আছিল অন্তৰত এজন বুদ্ধিজীৱী… কৌতূহলী, স্পষ্টবাদী আৰু পৃথিৱীখনক বুজি পোৱাৰ এক অতৃপ্ত হেঁপাহৰ দ্বাৰা পৰিচালিত ব্যক্তি৷ জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষুপ্রসাদ ৰাভাৰ দৰে সাংস্কৃতিক কিংবদন্তিয়ে তেওঁৰ মনত গভীৰ চাপ পেলোৱাৰ লগতে অনুসন্ধিৎসু মনোভাব গাঢ় কৰি তুলিছিল৷
শিকাৰ এই আগ্রহৰ বাবে তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পাৰদর্শিতা দেখুওৱাই নহয়, এই উদ্যমে তেওঁক আমেৰিকালৈ লৈ গৈছিল, য’ত তেওঁ সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ, চিন্তাবিদ আৰু সংগীতজ্ঞসকলৰ সৈতে মত বিনিময় কৰিছিল৷ তেওঁ মহান শিল্পী তথা নাগৰিক অধিকাৰৰ নেতা পল ৰবছনক লগ পাইছিল৷ ৰবছনৰ গীত ‘অল মেন ৰিভাৰ’ ভূপেনদাৰ বহুল সমাদৃত ‘বিস্তীর্ণ পাৰৰে’ গীতটিৰ সৃষ্টিত প্রেৰণা হৈ পৰিছিল৷ আমেৰিকাৰ প্রাক্তন ফার্ষ্ট লেডী এলিন’ৰ ৰুছভেল্টে ভাৰতীয় লোকসংগীত পৰিৱেশনৰ বাবে তেওঁক সোণৰ পদক প্রদান কৰিছিল৷
ভূপেনদাই আমেৰিকাত থকাৰ সুযোগ পাইছিল যদিও ভাৰতলৈ উভতি আহি সংগীতৰ মাজত নিজকে বিলীন কৰি দিছিল৷ ৰেডিঅ’ৰ পৰা থিয়েটাৰ, চলচ্চিত্রৰ পৰা শিক্ষামূলক তথ্যচিত্রলৈকে এই সকলো মাধ্যমতে তেওঁ পাকৈত আছিল৷ তেওঁ যি ঠাইলৈকে গৈছিল, তাতেই যুৱ প্রতিভাক উৎসাহিত কৰাত গুৰুত্ব দিছিল৷ তেওঁৰ ৰচনাসমূহ গীতিময় হোৱাৰ লগতে তাত সামাজিক বার্তাও আছিল, যিয়ে দুখীয়াৰ ন্যায়, গ্রামোন্নয়ন, সাধাৰণ নাগৰিকৰ ক্ষমতা ইত্যাদি বিষয় সামৰি লৈছিল৷ সংগীতৰ জৰিয়তে তেওঁ নাৱৰীয়া, চাহ বাগিচাৰ শ্রমিক, মহিলা, কৃষক আদিৰ আকাংক্ষাক ফুটাই তুলিছিল৷ পুৰণি স্মৃতি সতেজ কৰাৰ লগতে ভূপেনদাৰ ৰচনাসমূহ আধুনিকতাক চোৱাৰ এক শক্তিশালী মাধ্যম হৈ পৰিছিল৷ বিশেষকৈ সামাজিকভাৱে পিছপৰা শ্রেণীৰ বহু লোকে তেওঁৰ সংগীতৰ পৰা শক্তি লাভ কৰাৰ লগতে আশাৰ ৰেঙনি দেখিছিল৷
ভূপেন হাজৰিকাৰ জীৱন যাত্রাত ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ মনোভাবৰ এক শক্তিশালী দিশ পৰিস্ফুট হৈছিল৷ তেওঁৰ ৰচনাসমূহে ভাষিক আৰু আঞ্চলিক সীমা অতিক্রম কৰি সমগ্র দেশৰ মানুহক একত্রিত কৰিছিল৷ তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ ছবিৰ বাবে সংগীত ৰচনা কৰিছিল৷ তেওঁ অসমক ভাৰতৰ বাকী অংশৰ বাবে দৃশ্যমান আৰু ইয়াৰ কণ্ঠ শুনিবলৈ যোগ্য কৰি তুলিছিল৷ ৰাজ্যবাসী আৰু সমগ্র বিশ্বতে সিঁচৰতি হৈ থকা অসমীয়া উভয়ৰে বাবে আধুনিক অসমৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত তেওঁ অৰিহণা যোগাইছিল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷
ভূপেনদা এজন ৰাজনৈতিক ব্যক্তি নাছিল যদিও জনসেৱাৰ জগতখনৰ সৈতে সংযুক্ত হৈ থাকিল৷ ১৯৬৭ চনত তেওঁ অসমৰ নাওবৈচা সমষ্টিৰ পৰা নির্দলীয় বিধায়ক হিচাপে নির্বাচিত হোৱাত তেওঁৰ ৰাজহুৱা ব্যক্তিত্ব জনসাধাৰণৰ আস্থাত কিমান গভীৰভাৱে শিপাই আছিল সেয়া স্পষ্ট হৈ পৰিছিল৷ যদিও তেওঁ কেতিয়াও পেছাদাৰী ৰাজনীতিবিদ নাছিল, তথাপি আনৰ সেৱাৰ প্রতি তেওঁৰ আৱেগ অত্যন্ত প্রভাৱশালী আছিল৷
ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰে বিগত বছৰবোৰত তেওঁৰ অপৰিসীম অৱদানক স্বীকৃতি দি আহিছে৷ পদ্মশ্রী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে বঁটাকে ধৰি কেইবাটাও বঁটাৰে তেওঁক সন্মানিত কৰা হয়৷ ২০১৯ চনত আমাৰ কার্যকালত তেওঁক ভাৰতৰত্ন সন্মান প্রদান কৰাটো মোৰ ব্যক্তিগতভাৱে তথা এনডিএ চৰকাৰৰ বাবেও এক সন্মানৰ কথা আছিল৷ সমগ্র বিশ্বৰ মানুহে, বিশেষকৈ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ লোকসকলে তেওঁক প্রদান কৰা এই সন্মানত আনন্দিত হৈছিল৷ এই সন্মানে ভূপেনদাই হূদয়ৰ নিভৃত কোণত ৰখা নীতিক উদযাপন কৰিছিল, যিটো হৈছে সংগীতে সত্যৰ ওপৰত ভিত্তি কৰি সকলো বাধা অতিক্রম কৰিব পাৰে৷ কিয়নো এটা গীতে এটা জনগোষ্ঠীৰ সপোনৰ ওজন বহন কৰিব পাৰে আৰু সমগ্র বিশ্বৰে হূদয় স্পর্শ কৰিব পাৰে৷
২০১১ চনত ভূপেনদাৰ মৃত্যুৰ সময়ৰ স্মৃতি মোৰ মনত আছে৷ টেলিভিছনত দেখিছিলোঁ তেওঁৰ অন্ত্যেষ্টিক্রিয়াত কেনেদৰে লাখ লাখ জনতাই অংশ লৈছিল৷ সেই সময়ত প্রতিগৰাকী ব্যক্তিৰ চকু সেমেকি উঠিছিল৷ মৃত্যুৰ সময়তো তেওঁৰ বর্ণিল জীৱনৰ দৰেই সমগ্র জনতাক একত্রিত কৰিছিল৷ ব্রহ্মপুত্র নদীৰ পাৰৰ জালুকবাৰীৰ পাহাৰৰ দাঁতিত তেওঁক সৎকাৰ কৰাটো উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে, কিয়নো এই নদীখন তেওঁৰ সংগীত, উপমা আৰু স্মৃতিৰ জীৱনৰেখা আছিল৷ যুৱক–যুৱতীসকলৰ মাজত তেওঁৰ জীৱন যাত্রাক জনপ্রিয় কৰি তোলাৰ বাবে কাম কৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাম–কাজত অসম চৰকাৰে সহযোগিতা আগবঢ়োৱাটো আনন্দৰ কথা৷
ভূপেন হাজৰিকাৰ জীৱনে আমাক সহানুভূতিৰ শক্তি, জনতাৰ কণ্ঠ শুনাৰ শক্তি আৰু আমাক আমাৰ শিপাৰ লগত সংযুক্ত হৈ থকাৰ শক্তিৰ বিষয়ে শিকাইছে৷ তেওঁৰ গীতবোৰ আজিও শিশুৰ পৰা বৃদ্ধলৈ সকলোৱেই গাই আহিছে৷ তেওঁৰ সংগীতে আমাক দয়ালু আৰু সাহসী হ’বলৈ শিকাইছে৷ এই গীতবোৰে আমাক আমাৰ নদী, আমাৰ শ্রমিক, আমাৰ চাহ বাগিচা, আমাৰ নাৰীশক্তি আৰু আমাৰ যুৱশক্তিক স্মৰণ কৰিবলৈ অনুপ্রাণিত কৰে৷ এই গীতবোৰে আমাক বৈচিত্র্যৰ মাজত ঐক্যত বিশ্বাস কৰিবলৈ উৎসাহিত কৰে৷
ভূপেন হাজৰিকাক লৈ ধন্য ভাৰত৷ আহক, তেওঁৰ জন্ম শতবর্ষ আৰম্ভ হোৱাৰ এই শুভক্ষণত তেওঁৰ বার্তা দূৰ–দূৰণিলৈ প্রচাৰ–প্রসাৰৰ সংকল্প পুনৰ দৃঢ় কৰোঁ৷ এই সংকল্পই লগতে আমাক সংগীত, শিল্প আৰু সংস্কৃতিৰ প্রসাৰৰ বাবে যুৱ প্রতিভাক উৎসাহিত কৰাৰ লগতে ভাৰতক সৃষ্টিশীলতা আৰু শিল্পকলাৰ উৎকর্ষতাৰ আখৰাথলী হিচাপে গঢ়ি তোলাৰ প্রচেষ্টা অব্যাহত ৰাখিবলৈও অনুপ্রাণিত কৰিব বুলি আশা কৰিলোঁ৷
ভাৰতৰ অন্যতম উল্লেখযোগ্য আন্তঃগাঁথনি প্রকল্প ধলা–শদিয়া সংযোগী দলংখনে ভূপেন হাজৰিকাৰ নাম বহন কৰাটো অতি উপযুক্ত হৈছে৷ তেওঁৰ গীতসমূহে যিদৰে অঞ্চলসমূহৰ হূদয়ক সংযোগ কৰে, এই দলংখনে ভূমি আৰু মানুহক সংযোগ কৰে৷