সৰু পৰিয়াল আৰু স্বাস্থ্যৱতী মহিলাৰ বন্ধু অন্তৰা
ডাঃ প্রদীপ কুমাৰ শর্মা
স্বাধীনতা লাভৰ সময়ত আমাৰ দেশ পৃথিৱীৰ দ্বিতীয় সর্ববৃহৎ জনবহুল দেশ আছিল৷ বর্ধিত জনসংখ্যাই দেশৰ অর্থনৈতিক, সামাজিক, স্বাস্থ্য আৰু পাৰিপার্শ্বিকত নেতিবাচক প্রভাৱ পেলায় আৰু সামগ্রিকভাৱে দেশৰ উন্নতিত বাধাৰ সৃষ্টি কৰে৷ সেয়েহে স্বাধীনতাৰ পাছত ১৯৫২ চনতেই দেশে ‘ৰাষ্ট্রীয় পৰিয়াল পৰিকল্পনা আঁচনি’ গ্রহণ কৰে৷ জনসংখ্যা নিয়ন্ত্রণৰ ৰাষ্ট্রীয় আঁচনি গ্রহণ কৰা ভাৰতবর্ষহ হৈছে প্রথম দেশ৷ যদিও জন্মৰ হাৰ ক্রমান্বয়ে কমি আহিছে, কিন্তু আমাৰ দেশৰ জনসংখ্যা এতিয়া পৃথিৱীৰ আন সকলো দেশতকৈ বেছি৷ জন্ম নিয়ন্ত্রণৰ প্রাকৃতিক উপায়ৰ উপৰি চৰকাৰীভাৱে উপলব্ধ মূল উপায় দুটা হৈছে অস্থায়ী আৰু স্থায়ী জন্ম নিয়ন্ত্রণৰ ব্যৱস্থা৷ অস্থায়ী ব্যৱস্থাকেইটা হ’ল– কণ্ডম, ইণ্ড্রা ইউটেৰাইন কন্ত্রাচেপতিভ ডিভাইচ (IUCD) আৰু টেবলেট (অ’ৰেল কন্ত্রাচেপতিভ পিল) আৰু স্থায়ী ব্যৱস্থাকেহটা হ’ল– পুৰুষ বন্ধ্যাকৰণ আৰু মহিলা বন্ধ্যাকৰণ৷
কিন্তু এতিয়াও বহু পৰিয়ালে জন্ম নিয়ন্ত্রণৰ প্রয়োজনীয়তাৰ কথা চিন্তা নকৰে৷ যিসকল মহিলাই গর্ভনিৰোধক ব্যৱহাৰ কৰিব বিচাৰে, ৰাষ্ট্রীয় পৰিয়াল–স্বাস্থ্য সমীক্ষা–৫ অনুসৰি, তেওঁলোকৰ ৯ শতাংশৰ প্রয়োজন পূৰাব পৰাকৈ এতিয়াও কোনো ব্যৱস্থা উপলব্ধ নহয়৷ তথাপি ৰাষ্ট্রীয় পৰিয়াল–স্বাস্থ্য সমীক্ষা–৪ (৫৩.৫ শতাংশ)ৰ তুলনাত ৰাষ্ট্রীয় পৰিয়াল–স্বাস্থ্য সমীক্ষা–৫ (৬৭.০ শতাংশ)ত জন্ম নিয়ন্ত্রণৰ বাবে ব্যৱস্থা গ্রহণ কৰা মহিলাৰ হাৰ বেছি৷ বিভিন্ন ধৰণৰ সমীক্ষাৰ পৰা দেখা গৈছে যে জন্মনিয়ন্ত্রণৰ উপায় যিমানেই বেছি উপলব্ধ হয়, গর্ভনিৰোধক ব্যৱহাৰৰ হাৰ সিমানে বাঢ়ি যায়৷ ওপৰত উল্লিখিত উপায়বোৰৰ উপৰি তুলনামূলকভাৱে দীঘলীয়া সময়ৰ মূৰে মূৰে ব্যৱহাৰ বাবে চৰকাৰীভাৱে উপলব্ধ গর্ভনিৰোধক ব্যৱস্থা হৈছে অন্তৰা৷
অন্তৰা কি?
অন্তৰা হৈছে কৃত্রিমভাৱে প্রস্তুত কৰা উপাদানৰ এবিধ গর্ভনিৰোধক বেজী৷ এই বেজীটোত থকা একমাত্র উপাদানটো হৈছে মিড্র’ক্সি প্র’জেষ্টেৰণ এচিটেত৷ জন্মনিয়ন্ত্রণৰ বাবে ইচ্ছুক মহিলাসকলৰ বাবে এহ অন্তৰা গর্ভনিৰোধক বেজীটো বিনামূলীয়াকৈ চৰকাৰী চিকিৎসালয়বোৰত দিয়াৰ ব্যৱস্থা কৰিছে৷ চিকিৎসা বিজ্ঞানীসকলে বহুদিন ধৰি এনেকুৱা এটা গর্ভনিৰোধক উপায়ৰ সন্ধানত আছিল যিটো নেকি নিৰাপদ, অস্থায়ী আৰু কেইবাদিনৰ ব্যৱধানত ব্যৱহাৰ কৰিলেও ফলপ্রসূ হয় (সদায় ব্যৱহাৰ কৰি থাকিব নালাগে)৷ ষাঠিৰ দশকতে এই আটাইকেইটা বৈশিষ্ট্য সম্বলিত মিড্র’ক্সি প্র’জেষ্টেৰণ এচিটেত নামৰ গর্ভনিৰোধক বেজীটোৰ ব্যৱহাৰ আৰম্ভ হয়৷ এই বেজিটোৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা–নিৰীক্ষা হৈছে আৰু বহুলভাৱে লিখা–মিলা আৰু আলোচনা হৈছে৷ বর্তমান পৃথিৱীৰ কেইবাখনো দেশৰ মহিলাই গর্ভনিৰোধক ব্যৱস্থা হিচাপে এই বেজীটো আঁকোৱালি লৈছে৷
কোনবোৰ মহিলাই অন্তৰা বেজী ল’ব পাৰে?
✔ সাধাৰণতে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অন্তৰা বেজী ল’ব পাৰে৷ প্রয়োজনসাপেক্ষে কিশোৰৰ পৰা আৰম্ভ কৰি ৪৫ বছৰৰ ঊর্ধ্বৰ মহিলাকো এই বেজী দিব পাৰি৷
✔ সতি–সন্ততি হোৱা মহিলাহ যেনেকৈ ল’ব পাৰে, নোহোৱা মহিলায়ো ল’ব পাৰে৷
✔ গর্ভপাত কৰা বা গর্ভস্খলন হোৱা মহিলায়ো এই বেজী ল’ব পাৰে৷
✔ প্রয়োজনসাপেক্ষে অবিবাহিত মহিলায়ো অন্তৰা বেজী ল’ব পাৰে৷
✔ স্তনপান কৰাই থকা মহিলাই প্রসৱৰ ৬ সপ্তাহ পাছতেহ এই বেজী ল’ব পাৰে৷
✔ এটা কথা মনত ৰাখিব লাগিব যে অন্তৰা বেজীটোৱে গর্ভনিৰোধক হিচাপেহে কাম কৰে৷ HIV বা আন যৌন ৰোগ সংক্রমণত কিন্তু বাধা নিদিয়ে৷ যিসকল মহিলা এনেকুৱা ৰোগত আক্রান্ত হোৱাৰ শংকা থাকে তেওঁলোকেও এই বেজী ল’ব পাৰে৷ কিন্তু এনে ৰোগ সংক্রমণৰ সম্ভাৱনাৰ পৰা ৰক্ষা পাবলৈ যৌন সম্ভোগৰ সময়ত কণ্ডম ব্যৱহাৰ কৰিব লাগে৷
✔ যিসকল মহিলাHIV/AIDS ত আক্রান্ত, তেওঁলোকেও অন্তৰা ইনজেকচনটো ল’ব পাৰে, চিকিৎসা কৰি থকা নথকাৰ কথা নাই৷
কোন মহিলাই অন্তৰা বেজী ল’ব নোৱাৰে?
✔ যিসকল মহিলা বেছি উচ্চ ৰক্তচাপত ভুগি থাকে
✔ হৃদযন্ত্রৰ ইস্কেমিক ৰোগত ভুগি থকা মহিলা
✔ ষ্ট্রোক হোৱা মহিলা
✔ স্তনৰ কর্কট ৰোগ হোৱা মহিলা
✔ অজ্ঞাত কাৰণত যিসকল মহিলাৰ জননেন্দ্রীয় বা মূত্রনলীৰ পৰা ৰক্তক্ষৰণ হৈ থাকে
✔ যিসকল মহিলা অ’ৰাযুক্ত মাইগ্রেইনত ভুগি থাকে
✔ যিসকল মহিলা ডায়েবেটিছ ৰোগৰ কাৰণে বৃক্ক, ৰেটিনা বা স্নায়ুৰ ৰোগত ভুগি আছে৷
✔ যিসকল মহিলা যোৱা ২০ বছৰতকৈ অধিক কাল ডায়েবেটিছ ৰোগত ভুগি আছে৷
✔ যিসকল মহিলা যকৃতৰ কর্কট ৰোগ, ছিৰ’ছিছ আদিৰ দৰে গুৰুতৰ ৰোগত ভুগি আছে৷
অন্তৰা বেজীটোৱে কেনেদৰে দিয়ে?
এই বেজীটো সাধাৰণ বেজীৰ দৰেই বাহু বা তপিনাত দিয়া হয়৷ মিড্র’ক্সি প্র’জেষ্টেৰন এচিটেত উপাদানটো বেজী দিয়া ঠাইত জমা হৈ থাকে আৰু তাৰ পৰা লাহে লাহে নির্গত হৈ কাম কৰিব আৰম্ভ কৰে৷ সেয়েহে ইয়াক ডিপ’ট মিড্র’ক্সি প্র’জেষ্টেৰন এচিটেত বুলিও কয়৷ বেজী দিয়া ঠাইখিনিত গৰম পানীৰ সেক বা মালিচ দিব নালাগে৷ এবাৰ দিয়াৰ পাছত এই বেজীটোৱে তিনি মাহলৈ কাম কৰি থাকে৷ গতিকে তিনি মাহলৈ গর্ভধাৰণৰ চিন্তাৰ পৰা মুক্তি৷ আকৌ তিনি মাহ পাছত নির্ধাৰিত সময় মতে বেজীটো ল’ব লাগে৷ কিন্তু কিবা বিশেষ কাৰণত তাৰিখ মতে ল’ব নোৱাৰিলে কেইদিনমান ইফাল–সিফাল হ’লেও কথা নাই৷ এনে ক্ষেত্রত বেজীটো নিজে নোলোৱাকৈ থকাতকৈ চিকিৎসক বা নার্ছৰ লগত পৰামর্শ কৰিব লাগে৷
অন্তৰা বেজী লোৱাৰ সুবিধা
✔ ডিপ’ট মিড্র’ক্সি প্র’জেষ্টেৰণ এচিটেত বেজী নিৰাপদ, ফলপ্রসূ আৰু বেজিটোৱে তিনি মাহলৈ কাম কৰে, সঘনাই লৈ থকাৰ প্রয়োজন নাই৷
✔ ইয়াৰ কোনো ভয় খাবলগীয়া পার্শ্বক্রিয়া নাই৷
✔ অন্তৰা বেজীৰ মাতৃ দুগ্ধৰ ওপৰত কোনো প্রভাৱ নপৰে৷ গতিকে, কেঁচুৱাক গাখীৰ খুৱাই থকা মহিলায়ো প্রসৱৰ ছয় সপ্তাহৰ পাছত এই বেজী ল’ব পাৰে৷
✔ গোপনীয়তা বজাই ৰাখিবলৈ সুবিধা৷
✔ এই বেজীটো গর্ভনিৰোধৰ স্থায়ী ব্যৱস্থা নহয়৷ মালা, চায়া আদি পিল খোৱা বন্ধ কৰিলে যেনেকৈ মহিলাগৰাকীয়ে পুনৰ গর্ভধাৰণ কৰিব পাৰে, তেনেকৈ অন্তৰা বেজী লোৱা বন্ধ কৰিলেও শেষ বেজীটো লোৱাৰ ৭–১০ মাহৰ পাছত মহিলাগৰাকীয়ে গর্ভ ধাৰণ কৰাৰ ক্ষমতা পুনৰ লাভ কৰে৷
✔ যিহেতু বেজীটো তিনি মাহৰ অন্তৰে অন্তৰে ল’ব লাগে, তিনি মাহলৈ গর্ভধাৰণ সম্পর্কে মহিলাগৰাকীৰ কোনো চিন্তা নাথাকে৷
✔ যৌন সম্ভোগত কোনো অসুবিধা নহয়৷
✔ প্রসৱৰ (যিসকল মহিলাই কেঁচুৱাক স্তনপান নকৰাই) আৰু গর্ভস্খলন বা গর্ভপাতৰ ঠিক পাছতেই এই অন্তৰা বেজী ব্যৱহাৰ কৰিব পাৰি৷
✔ গর্ভধাৰণ কৰাৰ ক্ষমতা থকা সকলো মহিলাই অন্তৰা বেজী ল’ব পাৰে৷
✔ মহিলাগৰাকী ৰক্তহীনতাত ভোগাৰ সম্ভাৱনা কম৷
✔ অন্তৰা বেজী লোৱা মহিলাই ঋতুস্রাৱজনিত পেটৰ বিষ আৰু প্রাক–ঋতুস্রাৱ উদ্বিগ্নতাৰ দৰে অসুবিধাৰ পৰা পৰিত্রাণ পায়৷
✔ জৰায়ুৰ এণ্ড্র’মেত্রি’চিচৰ নিচিনা ৰোগৰ পৰা পোৱা অসুবিধসমূহ কম হয় ৷
✔ কিছুমান মহিলাৰ স্তনত হোৱা সাধাৰণ টেমুনা আৰু ডিম্বাশয়ত হোৱা চিন্তা কমি যাব পাৰে৷
✔ অন্তৰা বেজী লোৱা মহিলাৰ জৰায়ুত ফাইব্রইড হোৱাৰ সম্ভাৱনা কম৷
✔ এই বেজীয়ে জৰায়ুৰ এণ্ড্র’মেত্রিয়েল কর্কট আৰু সম্ভৱতঃ ডিম্বাশয়ৰ কর্কট ৰোগৰ পৰা মহিলাক ৰক্ষা কৰে৷
অন্তৰা বেজী ব্যৱহাৰৰ কিবা অসুবিধা আছে নেকি?
অন্তৰা গর্ভনিৰোধক বেজী বেছ নিৰাপদ৷ কিছুমান মহিলাৰ মাহেকীয়া ঋতুস্রাৱৰ সৰু–সুৰা অসুবিধা হ’ব পাৰে৷ এই বেজীটোৰ এটা ভাল কথা হ’ল– কেইটামান বেজী লোৱাৰ পাছতে কিছুমান মহিলাৰ মাহেকীয়া সাময়িকভাৱে বন্ধ হ’ব পাৰে৷ ইয়াৰ ফলত ৰক্তহীনতা আদিৰ পৰা মহিলাগৰাকীয়ে সকাহ পোৱাৰ সম্ভাৱনা থাকে৷ বেজী লোৱা বন্ধ কৰিলে ৭–১০ মাহৰ পাছত আকৌ মাহেকীয়া আৰম্ভ হয়৷ অন্তৰা বেজী লোৱা কিছুমান মহিলাৰ হাড়ত কেলচিয়াম আৰু আন মিনাৰেলৰ ঘনত্ব সামান্য কম হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু এয়া স্থায়ী নহয়, বেজী লোৱা বাদ দিলে বয়স অনুপাতে সেয়া আগৰ অৱস্থালৈ ঘূৰি আহে৷ কিছুমান মহিলাৰ ১–২ কিলোগ্রাম ওজন বাঢ়িব পাৰে৷ সেয়েহে ক’ব পাৰি, এই বেজীৰ ভয় কৰিবলগীয়া বিশেষ পার্শ্বক্রিয়া নাই৷
আমাৰ দেশত প্রসূতিৰ মৃত্যুৰ হাৰ আগতকৈ বহুত কমিছে৷ তথাপি ৰাষ্ট্রসংঘৰ (২০২৩)ৰ ৰিপ’ৰ্ট অনুসৰি পৃথিৱীত মুঠ যিমান প্রসূতিৰ মৃত্যু হয়, তাৰ ৭ শতাংশৰ মৃত্যু হয় আমাৰ দেশত৷ অপৰিকল্পিত গর্ভাৱস্থাই সন্তানৰ লগতে মাকৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে৷ জন্ম নিয়ন্ত্রণৰ উপায়সমূহ গ্রহণ কৰি দুটা সন্তানৰ মাজত ব্যৱধান অন্তত দুই বছৰ কৰিব পাৰিলে, মাতৃৰ মৃত্যুৰ হাৰ ৩০ শতাংশ আৰু শিশুৰ মৃত্যুৰ হাৰ ১০ শতাংশ কমাব পাৰি৷ মহিলা সবলীকৰণে সীমিত পৰিয়ালৰ নিশ্চয়তা দিব বুলি আশা কৰিব পাৰি৷ গর্ভৰ ওপৰত মহিলাৰ অধিকাৰ মহিলা সবলীকৰণৰ বুনিয়াদ বুলি ক’লে ভুল নহ’ব নিশ্চয়৷ সীমিত আৰু সুখী পৰিয়াল আৰু স্বাস্থ্যৱতী মহিলাৰ বাবে অন্তৰা গর্ভনিৰোধক বেজীৰ ব্যৱহাৰৰ বাবে উপযুক্ত দম্পতীৰ মাজত অধিক সচেতনতা সৃষ্টিৰ প্রয়োজন৷
ফোনঃ ৯৪৩৫০–৮১২৩৭