বিশ্ব আর্চাৰীত ভাৰতৰ ইতিহাস : পুৰুষৰ দলগত ইভেণ্টত সোণালী সাফল্য ভাৰতীয় আর্চাৰৰ
নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : বিশ্ব আর্চাৰী চেম্পিয়নশ্বিপত ইতিহাস৷ প্রথমবাৰৰ বাবে পুৰুষৰ দলগত ইভেণ্টত সোণালী সাফল্য ভাৰতৰ৷ কালি কোৰিয়াৰ গুৱাংজুত অনুষ্ঠিত প্রতিযোগিতাখনত ভাৰতীয় কম্পাউণ্ড দলে ফ্রান্সক পৰাস্ত কৰি প্রথমবাৰৰ বাবে স্বর্ণ পদক দখল কৰে৷ ৰুদ্ধশ্বাস ফাইনেলত ভাৰতীয় আর্চাৰ ঋষভ যাদৱ, আমন ছাইনী আৰু প্রথমেশ ফুগে চমকপ্রদ প্রদর্শনেৰে ইতিহাস সৃষ্টি কৰে৷ ফাইনেলত ভাৰতীয় দলটোৱে ফ্রান্সক ২৩৫–২৩৩ (৫৭–৫৯, ৬০–৫৮, ৫৯–৫৯, ৫৯–৫৭) পইণ্টত পৰাজিত কৰি এই কৃতিত্ব অর্জন কৰে৷
উল্লেখ্য যে ঋষভ, আমন আৰু প্রথমেশে ব্যক্তিগত ইভেণ্টতো অংশগ্রহণ কৰিছে৷ কম্পাউণ্ড ইভেণ্টত সোণৰ পদক অর্জন কৰাৰ পিছত এতিয়া সকলোৰে দৃষ্টি তেওঁলোকৰ ওপৰত নিবদ্ধ হৈছে৷ উল্লেখ্য যে প্রতিযোগিতাখনত ঋষভ যাদৱ আৰু জ্যোতি সুৰেখাই মিক্সড ইভেণ্টত ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷ ফাইনেলত ভাৰতীয় যুটিটো নেদাৰলেণ্ডছৰ হাতত মাত্র ২ পইণ্টৰ ব্যৱধানত পৰাজিত হয়৷ মেচখনৰ ফলাফল আছিল ১৫৫–১৫৭ (৩৯–৩৮, ৩৭–৩৯, ৪০–৪০, ৩৯–৪০)৷ জ্যোতি সুৰেখাই ব্যক্তিগত কমাউণ্ড মহিলাৰ কোৱালিফায়িং ৰাউণ্ডত তৃতীয় স্থান লাভ কৰিছে৷ এই শাখাত ভাৰতৰ প্রাণীত কৌৰে ৭০৩ পইণ্টেৰে একাদশ স্থান লাভ কৰে৷
আনহাতে, ঋতিকা প্রদীপে ৬৯০ পইণ্টেৰে ৪৪ সংখ্যক স্থানত উপনীত হয়৷ জ্যোতি সুৰেখাক লৈ এতিয়া আশাবাদী ভাৰতীয় অনুৰাগীসকল৷ ইয়াৰ উপৰি পুৰুষৰ ব্যক্তিগত ইভেণ্টত ঋষভ যাদৱে ৭০৯ পইণ্টেৰে লাভ কৰে অষ্টম স্থান৷ আনহাতে, আমন ছাইনীয়ে ৭০৭ পইণ্টেৰে ১৫ নম্বৰত আৰু প্রথমেশ ফুগে ৭০৬ পইণ্টেৰে ১৯সংখ্যক স্থানত আছে৷
উল্লেখ্য যে পুৰুষ দলটোৱে স্বর্ণ জয় কৰি ইতিহাস সৃষ্টি কৰিলে যদিও মহিলা দলটোৱে বিগত ৮ বছৰত প্রথমবাৰৰ বাবে পদকৰ পৰা বঞ্চিত হয়৷