বিজয় মালিয়া–নীৰৱ মোদীৰ নতুন ঠিকনা তিহাৰ জে’ল : তিহাৰত ব্রিটিছ আদালতৰ প্রতিনিধি দল
নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : কোটি কোটি টকাৰ ঋণ লৈ পলাতক হৈ থকা বিজয় মালিয়া আৰু নীৰৱ মোদীৰ পৰৱর্তী ঠিকনা হ’ব পাৰে তিহাৰ জে’ল৷ দুয়োগৰাকী হাইপ্রফাইল প্রৱঞ্চকে ব্রিটেইনত আশ্রয় লৈ থকাৰ পিছত ভাৰতলৈ প্রত্যর্পণ কৰা সন্দর্ভত দীর্ঘদিনীয়া জল্পনা–কল্পনা চলি আহিছে৷ ইয়াৰ মাজতে ব্রিটিছ ক্রাউন প্রচিকিউছন ছার্ভিচৰ এটা প্রতিনিধি দলে দিল্লীৰ তিহাৰ জে’ল পৰিদর্শন কৰে৷
সর্বভাৰতীয় সংবাদ মাধ্যমত প্রকাশিত এক প্রতিবেদনত দাবী কৰা হৈছে যে প্রতিনিধি দলটো তিহাৰ ভ্রমণৰ পিছত সন্তুষ্ট৷ অৱশ্যে প্রয়োজন হ’লে তিহাৰ জে’লত সুকীয়া আবেষ্টনী গঢ়ি তোলা হ’ব বুলিও আশ্বাস দিয়ে বিষয়াসকলে৷