নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ ব্যক্তিগত চিকিৎসালয়ৰ সৈতে আলোচনা স্বাস্থ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া সকলোধৰণৰ প্ৰস্তুতি গঢ়ি তুলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । বুধবাৰে গুৱাহাটীস্থিত ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

এই বৈঠকতে সচৰাচৰ ৰোগীসকল ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা আৰু চৰকাৰী চিকিৎসালয়ত কেৱল ক’ৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীক চোৱাচিতা কৰাৰ বিষয়ো আলোচনা কৰা হয় ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় অন্য ৰোগীৰ বাবে বন্ধ হৈ যোৱাৰ পাচত কিদৰে চৰকাৰী মূল্যতে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা লাভ কৰিব পাৰে সেই সম্বন্ধে আলোচনা কৰা হয় বুলি উল্লেখ কৰে । ইফালে, অটল অমৃত অভিযান কাৰ্ডৰ জৰিয়তে ব্যক্তিগত চিকিৎসালয়তো সাধাৰণ ৰোগীয়ে কি কি সুবিধা লাভ কৰিব সেই সম্বন্ধেও আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী ড০ শৰ্মাই জনোৱা অনুসৰি যিসকল ব্যক্তিগত চিকিৎসালয়ে এই চুক্তিত অংশগ্ৰহণ কৰিব তেওঁলোকে বৃহস্পতিবাৰে সন্ধ্যালৈ জনাব আৰু শুকুৰবাৰে এই তালিকা প্ৰকাশ কৰা হ’ব ।

You might also like