বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : কালজয়ী সৃষ্টিৰাজিৰে অসমীয়া জাতিসত্তাক সমৃদ্ধ কৰা মহান মনীষী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শততম ওপজা দিন উদযাপন কৰিলে অসমীয়াই ৷ গীত–মাত–কবিতাৰে অসমীয়া জাতিৰ বৰভেটি মজবুত কৰি যোৱা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জীৱন উদযাপন কৰিবলৈ কালি ওলাই আহিল সমগ্র অসমবাসী৷ জন্ম শতবর্ষত জাতিৰ প্রাণক সুঁৱৰিলে অসমীয়াই৷
ৰাজ্যৰ আকাশ–বতাহ মুখৰিত হৈ পৰিল সুধাকণ্ঠৰ গীতেৰে৷ চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠনৰ উদ্যোগত ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন কার্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উদযাপন কৰা হয়৷ বুঢ়ালুইতৰ দুয়োপাৰত প্রতিধ্বনিত হ’ল সুধাকণ্ঠৰ অমৰ গীত৷ জন্ম শতবার্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীর্থত অসংখ্য গুণমুগ্ধই বৰেণ্য ব্যক্তিগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ পুৱাৰে পৰা সমন্বয় তীর্থলৈ অলেখ লোকৰ সমাগম ঘটাৰ লগতে বিভিন্ন কার্যসূচীৰো আয়োজন কৰা হয়৷
ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যপালৰ উপস্থিতিত বছৰজোৰা জন্ম শতবার্ষিকী কার্যসূচী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুভাৰম্ভ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সুধাকণ্ঠৰ সমাধিত শ্রদ্ধা নিবেদন কৰে৷ সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ নেতৃত্বত এটা সঁজাতী দলেও সুধাকণ্ঠৰ সমাধিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
সংবাদ মাধ্যমৰ সন্মুখত ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাই কয় যে ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্র অসমৰে নহয়, ভাৰতৰে নহয়, পৃথিৱীৰ মানুহৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হওক৷ পর্যটকৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হওক সমন্বয় তীর্থ৷ আছুৱে দীর্ঘদিনৰ পৰা এই দাবী উত্থাপন কৰি আহিছে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও দলীয় সতীর্থসকলৰ সৈতে সমন্বয় তীর্থত উপস্থিত হৈ সুধাকণ্ঠলৈ শ্রদ্ধা নিবেদন কৰে৷ লুৰিণজ্যোতি গগৈয়ে ওপজা দিনত সুধাকণ্ঠক স্মৰণ কৰি কয়– আমি ড০ ভূপেন হাজৰিকাৰ আদর্শ, জাতীয়তাবাদৰ চিন্তা–চেতনাৰে আগুৱাই যাব লাগিব৷ নতুন প্রজন্মৰ মাজত সুধাকণ্ঠৰ আদর্শ জীয়াই ৰাখিব লাগিব৷ তেওঁৰ গীতসমূহ যাতে শুদ্ধভাৱে পৰিৱেশন কৰা হয় তাৰ বাবে পদক্ষেপ ল’ব লাগিব৷ ৰবীন্দ্র সংগীতৰ স্বৰলিপিসমূহ সংৰক্ষিত কৰি ৰখা হৈছে৷ ভূপেন হাজৰিকাৰ গীতৰ স্বৰলিপিসমূহ সংৰক্ষণৰ ব্যৱস্থা হ’ব লাগিব৷
ইফালে, প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও সুধাকণ্ঠৰ সমাধিত শ্রদ্ধা নিবেদন কৰে৷ তেওঁ কয় যে সমগ্র অসমীয়া সমাজৰ বাবে আজি এটা গুৰুত্বপূর্ণ দিন৷ সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ শতবার্ষিকী উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ৷ তেওঁ আমাৰ প্রতিটো জাতি–জনগোষ্ঠীৰ আৱেগ–অনুভূতিক নিজৰ গীতৰ মাজেৰে প্রকাশ কৰিছিল৷ আনহাতে, জ্যেষ্ঠ সাংবাদিক হিৰণ্য কুমাৰ বর্মনৰ সমন্বয় তীর্থত এক বিশেষ প্রদর্শনীও অনুষ্ঠিত কৰে৷ য’ত সুধাকণ্ঠৰ মৃত্যু তথা আদ্যশ্রাদ্ধ সম্পর্কে ৰাষ্ট্রীয় আৰু আঞ্চলিক বাতৰিকাকতত প্রকাশ পোৱা প্রতিবেদনসমূহ প্রদর্শন কৰে৷ তদুপৰি সমন্বয় তীর্থত সুধাকণ্ঠৰ স্মৃতি বিজড়িত আলোকচিত্রৰো আন এক প্রদর্শনী অনুষ্ঠিত হয়৷ জন্ম শতবার্ষিকী উপলক্ষে যুৱ চিত্রশিল্পীসকলে ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছবি অংকন কৰি প্রদর্শন কৰে৷ ইয়াৰ উপৰি মহানগৰীৰ লগতে প্রান্তে প্রান্তে সুধাকণ্ঠৰ ওপজা দিন উপলক্ষে কেতবোৰ বিশেষ কার্যসূচী আয়োজন কৰা হয়৷ এই কার্যসূচীসমূহত সুধাকণ্ঠৰ গীত–মাত পৰিৱেশন কৰি তেওঁলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷