নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰে যদিও তাৰ বিপৰীত ছবি দেখা গৈছে অসমত । অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা খবৰ অনুসৰি প্ৰায় কেইখন জিলাতেই এতিয়া সাধাৰণ ৰাইজে ভংগ কৰিছে লকডাউন ।
গুৱাহাটীৰ ফাঁচীবজাৰতে এতিয়া দেখা গৈছে এখন বজাৰত ব্যাপক ভিৰ । সামাজিক দূৰত্ব অথবা কোনো প্ৰতিৰোধ অবিহনেই প্ৰশাসনৰ সমুখতে এইদৰে অব্যাহত আছে সমাগম ।
একেই দৃশ্য দেখা গ’ল নগাঁৱৰ আদৰ্শ বজাৰত । সুলভ মূল্যৰ শাক-পাচলি আৰু লাগতিয়াল বস্তু ক্ৰয়ৰ বাবে পুৱাই বজাৰত উপস্থিত হ’ল শশ লোক । আৰক্ষীৰ চকুৰ সমুখতে একাংশ লোকে নিৰ্বিচাৰে সামাজিক দূৰত্বৰ লগতে লকডাউন উলংঘা কৰাৰ এই পৰিমাণ অনাগত সময়ত ভয়াৱহ হোৱাটো নিশ্চিত । ইফালে, নগাঁৱৰে ৰূপহীহাটৰ জিউমাৰী বৃহস্পতিবাৰে বহিল সাপ্তাহিক বজাৰ । প্ৰশাসনৰ নীতি-নিৰ্দেশনা উলংঘা কৰি সাপ্তাহিক বজাৰ বহোৱা এইসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?
অভিজাত এইসকল অবুজন লোকক এতিয়া বুজাব কোনে । বিশ্বজুৰি ক’ৰোনাই কালৰূপ ধাৰণ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি অহাৰ পাচতো তিলমানো অনুতপ্ত নহয় এইসকল লোক । বৃহস্পতিবাৰে পুৱাই যোৰহাট আৰু তিনিচুকীয়া চহৰতো দেখা গ’ল ব্যাপক ভিৰ । ট্ৰাক, গাড়ী , ঠেলা সকলো লৈ ওলাই আহিল সাধাৰণ লোক । সকলোতে দেখা গ’ল এক মেলা সদৃশ পৰিৱেশ ।
নিজৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি সচেতন নোহোৱা এইসকল লোকৰ ক্ষেত্ৰত প্ৰশাসনৰ কঠোৰ নীতি প্ৰযোজ্য হ’লেহে যেন নিয়ন্ত্ৰণলৈ আহিব পৰিস্থিতি । দেশজুৰি ক্ৰমাগত ভাৱে বৃদ্ধি পাই থকা ক’ৰোনা আক্ৰান্তৰ সংখ্যা আৰু ১২ জনলৈ বৃদ্ধি পোৱা মৃতকৰ সংখ্যাইও যেন লকডাউন কৰি ৰাখিব পৰা নাই এইসকল তথাকথিত অভিজাত লোকক ।