সুকন্যা : ছাগলী ফার্মেৰে স্বাৱলম্বী শিৱসাগৰৰ বর্ণালী বৰুৱা
উৎপল কুমাৰ কলিতা
স্বাৱলম্বী জীৱনত আছে এক মাদকতা তাতে যদি নিজে মালিক হৈ গঢ়িব পাৰি স্বাৱলম্বিতাৰ পথ৷ সেই পথেৰে যাত্রা কৰাৰ আছে এক অনাবিল যাত্রা কৰা এগৰাকী মহিলা৷ নাম তেওঁৰ বর্ণালী বৰুৱা৷ এটা সময়ত অসমৰ সাংবাদিকতাৰ ক্ষেত্রখনৰ এক চিনাকি নাম আছিল বর্ণালী বৰুৱা৷ এই বর্ণালী বৰুৱা ইতিমধ্যে পৰিচিত হৈ পৰিছে এগৰাকী উদ্যমী পশুপালক হিচাপে৷
শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিংদুৱাৰ পাৰৰ বাসিন্দা বর্ণালী বৰুৱাই উচ্চ শিক্ষা লৈ আৰম্ভ কৰিছিল সাংবাদিকতা৷ মফচলীয় সাংবাদিক হিচাপে তেওঁ অসমৰ এখন পুৰণি প্রতিষ্ঠিত দৈনিক বাতৰিকাকতত সংবাদ সেৱা কৰিছিল৷ এগৰাকী নির্ভীক, নিৰপেক্ষ সাংবাদিক হিচাপে তেওঁ পৰিচিত হৈ পৰিছিল৷ তেওঁৰ স্বামী মহেন্দ্র দুৱৰাও এখন প্রতিষ্ঠিত কাকতৰ সাংবাদিক আছিল৷ সাংবাদিকতাৰ স্বীকৃতি স্বৰূপে তেওঁ নিউয়র্কত সৰোজিনী নাইডু সাংবাদিকতা বঁটা, ওড়িশাত লাভলী মিডিয়া এৱার্ড, কুমাবালা দেৱী সাংবাদিকতা বঁটা, গোপাল মিশ্র সোঁৱৰণী বঁটা লাভ কৰিছিল৷
কিন্তু অসমত আজিও মফচলীয় সাংবাদিকতা কৰি পেটৰ ভাতমুঠি উলিয়াব পৰা পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ সততা আৰু নিষ্ঠাৰে সাংবাদিকতা কৰা সাংবাদিকসকলে সর্বদা আর্থিক অনাটনৰ লগত যুঁজ কৰিব লাগে৷ সেয়ে বর্ণালী বৰুৱাই জীৱিকাৰ অন্য পথৰ সন্ধান কৰি ২০১২ চনৰ পৰাই নিজৰ ঘৰৰ চৌহদত আৰম্ভ কৰিলে কৃষি, পশুপালন৷ প্রথমতে তেওঁ স্বামী মহেন্দ্র দুৱৰাৰ পূর্ণ সহযোগত পাঁচ বিঘা মাটিত এখন কৃষিপাম গঢ়ি তুলিলে৷ লগতে এটা মাছ পোহা পুখুৰী৷
ইয়াৰ মাজত কৰিছে হাঁহ, পাৰ আৰু মৌপালন৷ তেওঁলোকে জৈৱিক পদ্ধতিত উন্নত জাতৰ কল, কুঁহিয়াৰ, ভোটজলকীয়া, তামোল, অমিতা আদি ৰোপণেৰে কৃষিপামখন এখন আদর্শ কৃষিপামত পৰিণত কৰিলে৷ কৃষি, মাছ পালন, মৌ পালনত সফলতাৰ খোজ পেলোৱাৰ পাছত বর্ণালী বৰুৱাই ২০১৬ চনৰ পৰা আৰম্ভ কৰিলে এখন আদর্শ ছাগলীৰ পাম৷ ছাগলী পালনৰ কথা কেনেকৈ মনলৈ আহিল, এই সম্পর্কে বর্ণালী বৰুৱাই কয়– ‘অর্থবিজ্ঞান আৰু অসমীয়া বিভাগৰ স্নাতকোত্তৰ ডিগ্রী লৈ সাংবাদিকতাৰ ক্ষেত্রখনত জড়িত থকাৰ পৰাই মই অসমৰ জ্বলন্ত সমস্যা নিবনুৱা সমস্যা, তপ্ত হৈ থকা কৃষক আৰু পশুপালনৰ সপোন তথা অর্থনৈতিক সকাহ দৃষ্টিপটত ৰাখি দৃষ্টান্তমূলকতাৰে ছাগলী পালন লাভজনক ব্যৱসায় এইটো মূলমন্ত্র প্রতিষ্ঠা কৰাৰ হাবিয়াসৰ ফলশ্রুতিত ছাগলী পালন আৰম্ভ কৰোঁ৷
এইদৰে বর্ণালী বৰুৱাই এক সঁচা দৃষ্টান্ত দাঙি ধৰি পাঁচজনী স্থানীয় ছাগলীৰে আৰম্ভ কৰিছিল তেওঁৰ ছাগলী পালনৰ যাত্রা৷ ইয়াৰ বাবে তেওঁ ছাগলী গৱেষণা কেন্দ্র বর্ণিহাট, পশুপালন আৰু পশু চিকিৎসা বিভাগ অসমৰ সহায়ত ৰাণী আৰু শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্রত ছাগলী পালনৰ প্রশিক্ষণ গ্রহণ কৰে৷ লাহে লাহে তেওঁ ছাগলী পামখনৰ পৰিসৰ বৃদ্ধি কৰে আৰু বিজ্ঞানসন্মতভাৱে এখন ছাগলী পাম গঢ়ি তোলে৷
তেওঁৰ ফার্মত লাহে লাহে পঞ্জাবৰ বিটেল, ৰাজস্থানৰ চিৰহী, আছাম হিল গট, এফ ৱানকে ধৰি বিভিন্ন প্রজাতিৰ ছাগলীৰে ভৰি পৰে৷ প্রজননৰ বাবে তেওঁ উন্নত প্রজাতিৰ মতা ছাগলীবোৰ ৰাখে আৰু সেই ছাগলীবোৰক সুকীয়া সুকীয়াকৈ মানুহৰ দৰে নাম দি লৈছে আৰু প্রতিটো কোঠাতে আছে নেমপ্লেট৷ অৱশ্যে মাইকী ছাগলী আৰু পোৱালিবোৰক বিভিন্ন প্রজাতিৰ বাবে থূপাই একো একোটা কোঠা দিয়া হয়৷ ছাগলীবোৰক তেওঁ সন্তানৰ দৰে মৰম আৰু আপডাৰ কৰে৷
ছাগলীসমূহৰ বাবে নিজে খাদ্যও প্রস্তুত কৰে বর্ণালী বৰুৱাই৷ ছাগলীৰ ঘাঁহৰ বাবে তেওঁ ঘৰৰ চৌহদত বিভিন্ন ধৰণৰ ঘাঁহৰ খেতি কৰিছে৷ চৌদিশে দেখা যায় নেপিয়াৰ, হাইব্রীড নেপিয়াৰ, চেটেৰীয়া, মাকৈকে ধৰি সাতবিধমান ঘাঁহ৷ এই ঘাঁহ নিজৰ ফার্মত ব্যৱহাৰ কৰাৰ লগতে বিক্রীও কৰে৷ তদুপৰি মাকৈ, মাটিমাহ, সৰিয়হৰ খলিহৈ, গুড় আদিৰে তেওঁ দানা প্রস্তুত কৰে৷ বর্তমান বর্ণালী বৰুৱাৰ ফার্মত ১৩০ৰ পৰা ১৫০টালৈ ছাগলী থাকে৷
ইয়াৰে মতাবোৰ মাংসৰ বাবে আৰু মাইকীবোৰ ছাগলী পালকক পালনৰ বাবে যোগান ধৰে৷ অৱশ্যে ছাগলী পালনৰ ক্ষেত্রখনত তেওঁ প্রচণ্ড ধুমুহাৰেখা সন্মুখীন হৈছে৷ ক’ভিড কালীন লকডাউনৰ সময়ত তেওঁৰ ফার্মত পিপিআৰ নামৰ এক বেমাৰত ৮৬টাকৈ ছাগলী মৃত্যুমুখত পৰে৷ তথাপি তেওঁ হতাশ নহ’ল পুনৰ নতুন উদ্যমেৰে পামখন গঢ়ি তুলিব সক্ষম হয়৷ বর্তমান এই ছাগলী ফার্মখনৰ পৰা বছৰি ৬–৭ লাখ টকা উপার্জন কৰিব তেওঁ সক্ষম হৈছে৷ তেওঁৰ ফার্ম পৰিচালনাৰ ক্ষেত্রৰ ছাঁৰ দৰে লাগি থাকি সহযোগ কৰে তেওঁৰ স্বামী মহেন্দ্র দুৱৰাই৷
অসমত ছাগলীৰ বজাৰ সম্পর্কত বর্ণালী বৰুৱাই কয়– অসমত ছাগলীৰ এখন বৃহৎ বজাৰ আছে৷ কিন্তু ছাগলীৰ চাহিদা অনুপাতে উৎপাদন কাম৷ সেয়ে ছাগলী বিক্রী তথা উচিত মূল্য পাবৰ বাবে উৎপাদকসকলে চিন্তা কৰিব লগা নহয়৷ ঘৰৰ পৰাই ব্যৱসায়ী আৰু ছাগলী পালকসকলে ছাগলী ক্রয় কৰি লৈ যায়৷ আনহাতে অসমত ছাগলী পালনৰ ভৱিষ্যৎ সম্পর্কে তেওঁ কয়– ছাগলী পালন অতি লাভজনক ব্যৱসায়৷ এইক্ষেত্রত আগ্রহীসকলে উপযুক্ত প্রশিক্ষণ গ্রহণ কৰি আগবাঢ়িলে নিশ্চিতভাৱে সফল হ’ব৷
আনহাতে ছাগলী পালকক উৎসাহিত কৰিবৰ বাবে চৰকাৰে উপযুক্ত ঋণ প্রদান কৰা, পশুপালন বিভাগৰ দ্বাৰা ভেকচিন সুলভ কৰা, প্রয়োজনীয় চিকিৎসা আৰু সুলভ ঔষধ যোগান ধৰা আদি ব্যৱস্থা গ্রহণ কৰিব লাগে৷ আনহাতে পালকসকলে আবদ্ধ পদ্ধতিত ছাগলী পালনত ঔষধ দিব লাগে৷ সম্প্রতি বর্ণালী বৰুৱাই আগ্রহী ছাগলী পালকসকলৰ বাবে ছাগলী পালনৰ প্রশিক্ষণৰ ব্যৱস্থাও কৰি আহিছে৷ ইতিমধ্যে তেওঁ প্রশিক্ষণ প্রদান কৰা কেইবাগৰাকী পুৰুষ, মহিলাই আদর্শ ছাগলী পালক হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷
বর্ণালী বৰুৱাৰ হেঁপাহ আছাম হিল ছাগলীক লৈ দুখন ছাগলী গাঁও প্রতিষ্ঠা কৰা৷ ইতিমধ্যে তেওঁ আদর্শ ছাগলী পালনৰ বাবে জিলাৰ শ্রেষ্ঠ ছাগলী পালক বঁটা, কৃষক উদ্গনি বঁটাও লাভ কৰিছে৷ তেওঁ নিজ ফার্মতে কেইবাটাও প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে এগ্রিকালচাৰ টেকন’লজী মেনেজমেণ্ট এজেৰীৰ উদ্যোগত নিজৰ ফার্মত ছাগলী পালনৰ স্কুল চলাই আছে৷ দুটাকৈ বিষয়ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্রী থাকিও সাংবাদিকতাৰ দৰে ক্ষেত্রখনত দীর্ঘকাল জড়িত হৈ অনেক বঁটা, স্বীকৃতি লাভ কৰাৰ পাছতো ছাগলী পালনৰ দৰে ক্ষেত্রখনক বাছি লৈ বর্ণালী বৰুৱাই যি আদর্শ দাঙি ধৰিছে সি সঁচাকৈ অনন্য৷