নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইটামান ঘণ্টাৰ বাবে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ খিতাপ হেৰুৱালে এলন মাস্কে

🔹 অ’ৰেকলৰ মুৰব্বী লেৰী এলিছনৰ চমকপ্রদ উত্থান

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : মাত্র কেইটামান ঘণ্টাৰ বাবে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ খিতাপ হেৰুৱালে স্পেচএক্সৰ মুৰব্বী এলন মাস্কে৷ অ’ৰেকলৰ মুৰব্বী লেৰী এলিছনে টেছলাৰ মুৰব্বীক সম্পত্তিৰ হিচাপত অতিক্রম কৰিছে৷ বুধবাৰে নিশাৰ পৰা সম্পত্তি পুনৰ বৃদ্ধি পাই হেৰুওৱা খিতাপ পুনৰ উদ্ধাৰ কৰে মাস্কে৷

মন কৰিবলগীয়া যে ২০২৩ চনতো মাস্কে কেইঘণ্টামানৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ হেৰুৱাইছিল৷ ব্লুমবার্গে নতুনকৈ প্রকাশ কৰা প্রতিবেদন অনুসৰি বুধবাৰে নিউয়র্কৰ স্থানীয় সময় অনুসৰি পুৱা ১০ বজালৈকে লেৰী এলিছনে মাস্কক অতিক্রম কৰে৷ ব্লুমবার্গৰ মতে, সেই সময়ছোৱাত মাস্কৰ সম্পত্তিৰ পৰিমাণ আছিল ৩৮৫ বিলিয়ন মার্কিন ডলাৰ৷ আনহাতে লেৰী এলিছনৰ সম্পত্তি ৩৯৩ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছিল৷ মঙলবাৰে অ’ৰেকলে ঘোষণা কৰিছিল যে অনাগত দিনত কোম্পানীটোৱে অভাৱনীয় অগ্রগতি লাভ কৰাৰ পথত অগ্রসৰ হৈছে৷ সেই সময়ছোৱাত লেৰীৰ শ্বেয়াৰ অতিকমেও ৪০ শতাংশ বৃদ্ধি পায়৷

ইফালে, কালি পুৱা অ’ৰেকেলৰ শ্বেয়াৰ সামান্য বৃদ্ধি পালেও দুপৰীয়াৰে পৰা হ্রাস পাবলৈ ধৰে৷ ইয়াৰ পিছতে মাস্কে হেৰুওৱা খিতাপ পুনৰ লাভ কৰে৷ বুধবাৰে দিনান্তত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৩৮৪.২ বিলিয়ন মার্কিন ডলাৰ৷ ইয়াৰ বিপৰীতে এলিছনৰ সম্পত্তি হ’লগৈ মাস্কৰ সম্পত্তিতকৈ ১ বিলিয়ন মার্কিন ডলাৰ কম৷ ২০২২ চনৰ শেষৰ ফালে টুইটাৰ ক্রয় কৰাৰ পিছৰে পৰা মাস্কৰ শ্বেয়াৰ নিম্নগামী হৈছিল৷ ডিচেম্বৰ মাহত মাস্কৰ কোম্পানী টেছলাৰ শ্বেয়াৰো প্রায় ৬৫ শতাংশ হ্রাস পাইছিল৷ ফলত ধনাঢ্য ব্যক্তি হিচাপে নিজৰ স্থান হেৰুৱাইছিল ধন কুবেৰগৰাকীয়ে৷ একাংশ বিনিয়োগকাৰীৰ মতে, এলন মাস্কে টুইটাৰৰ উন্নতিত অধিক গুৰুত্ব আৰোপ কৰিছিল৷ বিশেষজ্ঞসকলে অনুমান কৰা মতে, টুইটাৰত দিয়া গুৰুত্বৰ বাবে টেছলাৰৰ শ্বেয়াৰ হ্রাস পাই আহিছে৷ তাৎপর্যপূর্ণ যে ২০২১ চনৰ পৰা স্পেচএক্সৰ মুৰব্বী এলন মাস্কে অধিকাংশ সময় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈ আহিছে৷

You might also like