১৪ নৱেম্বৰৰ পৰা কলাক্ষেত্র-ত প্রাগজ্যোতিষপুৰ সাহিত্য উৎসৱ
দুটা বর্ষৰ সফলতাৰ পিছত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেচনে তৃতীয় বর্ষৰ বাবে আয়োজন কৰিব প্রাগজ্যোতিষপুৰ সাহিত্য উৎসৱ৷ অহা ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ বর্ণাঢ়্য কার্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রাংগণত অনুষ্ঠিত হ’ব তৃতীয় প্রাগজ্যোতিষপুৰ সাহিত্য উৎসৱ৷
শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেচনৰ অধ্যক্ষ লেঃ জেনেৰেল (অৱসৰপ্রাপ্ত) ৰাণা প্রতাপ কলিতা আৰু সচিব ড০ সুদেষ্ণা ভট্টাচার্যই এক বিবৃতিযোগে এই কথা জনায়৷ তৃতীয় প্রাগজ্যোতিষপুৰ সাহিত্য উৎসৱ সফলতাৰে আয়োজন কৰাৰ লক্ষ্যৰে প্রথিতযশা সাহিত্যিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰীক সভাপতি, প্রকৃতিবিদ সৌম্যদীপ দত্তক কার্যকৰী সভাপতি তথা যুৱ সাহিত্যকর্মী বিক্রম কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন আয়োজক সমিতিও গঠন কৰা হৈছে৷
এই উৎসৱৰ লগত সংগতি ৰাখি বিগত দুটা বর্ষৰ দৰে ২০২৫ বর্ষৰ বাবেও এগৰাকী প্রতিষ্ঠিত আৰু এগৰাকী উদীয়মান সাহিত্যিকক প্রদান কৰা হ’ব ‘প্রাগজ্যোতিষপুৰ সাহিত্য বঁটা’৷
Niyomiya Barta Desk, 12 September