নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত মহিলাৰ মৃত্যুক লৈ উত্তেজনা : স্বামীৰ বাসগৃহত অগ্নিসংযোগ

হাজো থানাৰ অন্তৰ্গত নতুন দিহিনাত এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। ইমৰান আলী নামৰ লোকজনৰ বাসগৃহত ঘৰত মৃত মহিলা গৰাকীৰ আত্মীয়ই অগ্নিসংযোগ কৰাৰ অভিযোগ উঠিছে।

উত্থাপিত অভিযোগ অনুসৰি,ইমৰান আলী নামৰ লোকজনে নিজৰ পত্নীক হত্যা কৰাৰ সন্দেহত পত্নীৰ পিতৃগৃহৰ লোকে সংঘটিত কৰিছে এই কাণ্ড। জানিব পৰা মতে,  বিহ পান কৰি ইমৰান আলীৰ পত্নী আনোৱাৰা বেগমে আত্মহত্যা কৰিছিল বুলি খবৰ ওলাইছিল।

অৱশ্যে এই আত্মহত্যাৰ ঘটনাক হত্যাৰ সন্দেহ কৰি মৃত মহিলা গৰাকীৰ পিতৃগৃহৰ লোকে জোঁৱায়েকৰ ঘৰৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে বাসগৃহ। পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত হাজো আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আনহাতে দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে দাউ-দাউকৈ জ্বলি থকা বাসগৃহটোৰ জুই নিৰ্বাপন কৰে যদিও বাসগৃহটো ভস্মীভূত হয় বুলিও জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, হাজো, ১২ ছেপ্টেম্বৰ

You might also like