নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেনদাক দিয়া সন্মান–শ্রদ্ধাৰ বাবে প্রধানমন্ত্রীক কৃতজ্ঞতা : জ্যেষ্ঠ ভাতৃক সুঁৱৰি আৱেগিক সমৰ হাজৰিকা

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত আয়োজিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ মূল অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সন্মুখতে জ্যেষ্ঠ ভাতৃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক সুঁৱৰি আৱেগিক হৈ পৰিল সমৰ হাজৰিকা৷ কালিৰ দিনটো এটা উল্লেখনীয় দিন বুলি মন্তব্য কৰি সমৰ হাজৰিকাই কয় যে ভূপেনদা এনে এগৰাকী ব্যক্তি আছিল, যিয়ে গুৰুজনাৰ আদর্শৰে অনুপ্রাণিত হৈ জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্রসাদ ৰাভাৰ সান্নিধ্য পাই সংগীত জগতত খোজ পেলাইছিল৷ ৯ বছৰ বয়সতে তেজপুৰত থকা সময়ছোৱাত ভূপেনদাই লিখা ‘কুসুম্বৰৰ পুত্র শংকৰ গুৰুৱে ধৰিছিল নামৰে টান’ শীর্ষক গীতৰ জৰিয়তে গীতিকাৰ–সুৰকাৰ ৰূপে সংগীত জগতখনত খোজ পেলাইছিল৷ তাৰ পিছৰে পৰাই নিৰলস সাধনাৰ জৰিয়তে এগৰাকী বিশ্ববিশ্রুত শিল্পী হিচাপে নিজকে উদ্ভাসিত কৰি তোলা ভূপেনদাই লিখিছিল– ‘অগ্ণিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম’৷ অকল লিখাই নহয়, ভূপেনদাই গানটো গাইছিলোঁ৷ উক্ত গীতটো মঞ্চত গুণগুণাই সমৰ হাজৰিকাই গীতটোৰ ভাবার্থ উনুকিয়াই কয় যে গীতটোৰ অন্তর্গত নিহিত হৈ আছে ১৯৪২ চনৰ স্বাধীনতা সংগ্রামীসকলৰ ত্যাগ, সংকল্পৰ কৰুণগাথা আৰু দেশাত্মবোধ৷

নিজ ভাষণৰ মাজতে পিতৃ–মাতৃ প্রয়াত নীলকান্ত হাজৰিকা আৰু শান্তিপ্রিয়া হাজৰিকাক সুঁৱৰি কিছু আৱেগিক হৈ পৰে সমৰ হাজৰিকা৷ তেওঁ পুনৰ কয় যে আজি মোৰ মা–দেউতালৈ মনত পৰিছে৷ তেওঁলোকৰ জ্যেষ্ঠ সন্তান ‘বৰমইনা’ অর্থাৎ ভূপেন হাজৰিকাই অসমত এক ইতিহাস সৃষ্টি কৰিছিল৷ এই বৰমইনাই বৰঅসমক সংগীতৰ দ্বাৰা একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ নিজৰ সর্বস্ব আৱেগ–অনুভূতি–চিন্তা গীতৰ মাজত সংৰোপিত কৰিছিল৷ অসমৰ জনগণক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ তেওঁ গীতৰ মাজেৰে কৰা আহ্বান আৰু আৱেগমিশ্রিত জাতীয়ত্বৰ অনুভূতি আছিল অতিকৈ গুৰুত্বপূর্ণ আৰু বৌদ্ধিক চেতনাৰে উদ্বুদ্ধ৷ ওৰেতো জীৱন মানৱতাৰ গীত গোৱা ভূপেনদা এটা অনুষ্ঠান আছিল৷

প্রয়াত বৰেণ্য শিল্পীগৰাকীৰ প্রতি ভাৰত চৰকাৰে আগবঢ়োৱা সর্বোচ্চ সন্মান ভাৰতৰত্নৰ কথা উনুকিয়াই প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে ভূপেনদাৰ প্রতি আগবঢ়োৱা সর্বোচ্চ সন্মানটো হৈছে ভাৰতৰত্ন৷ মৰণোত্তৰভাৱে প্রদান কৰা এই সর্বোচ্চ সন্মানৰ বাবে আমাৰ পৰিয়ালৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৃতজ্ঞতা জনাইছোঁ৷ ২০১৭ চনত প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰা দেশৰ ভিতৰতে বৃহত্তম ধলা–শদিয়া দলঙক ‘ড০ ভূপেন হাজৰিকা সেতু’ নামেৰে নামকৰণ কৰি অসমবাসীক ধন্য কৰিছে৷

উল্লেখ্য যে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি কালি প্রধানমন্ত্রী মোদীয়ে উন্মোচন কৰা ১০০ টকীয়া স্মাৰক মুদ্রাটো সন্দর্ভত সমৰ হাজৰিকাই কয় যে ভূপেনদাৰ নামত প্রধানমন্ত্রী মোদীয়ে ১০০টকীয়া এটা স্মাৰক মুদ্রা মুকলি কৰি তেওঁৰ প্রতি গভীৰ সন্মান প্রদর্শন কৰিছে৷ ভূপেনদাৰ প্রতি এই সন্মান আমাৰ জাতিটোৰ বাবে প্রেৰণাৰ স্রোত৷ তদুপৰি সুধাকণ্ঠৰ জন্ম শতবর্ষ বছৰজোৰা কার্যসূচীৰে উদযাপনৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা উদ্যোগক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে সুধাকণ্ঠৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই৷ তেওঁ কয় যে ভূপেনদাৰ জন্ম শতবর্ষ বছৰজোৰা উদযাপনৰ ব্যৱস্থা গ্রহণৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সুধাকণ্ঠৰ প্রতি সন্মান জনাই যিখিনি কার্যপন্থা হাতত লৈছে সেয়া সঁচাকৈয়ে এগৰাকী শিল্পীৰ প্রতি থকা আন্তৰিক ইচ্ছা আৰু শ্রদ্ধাৰ প্রতিফলন৷ পৰিয়ালৰ হৈ মুখ্যমন্ত্রী ড০ শর্মাৰ এই বলিষ্ঠ পদক্ষেপক মঞ্চৰ পৰাই আদৰণি জনালে সমৰ হাজৰিকাই৷

You might also like