নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ ভূমিকম্পই জোকাৰিলে অসম, অভিকেন্দ্ৰ ঢেকীয়াজুলি

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভয়াৱহ ভূমিকম্পই কঁপাই গ’ল অসম। দেওবাৰে আবেলিৰ সময়ত অহা ভূমিকম্পক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয়। খবৰ অনুসৰি, ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৯ আছিল। ভূমিকম্পৰ উৎসস্থল আছিল অসমৰ ঢেকীয়াজুলি। অৱশ্যে এতিয়ালৈকে কোনো ডাঙৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

দেওবাৰে বিয়লি ৪.৪১ বজাত অহা এই ভয়াৱহ ভূমিকম্পই সমগ্ৰ অসমত প্ৰচণ্ড জোকাৰণি তোলে। কেইছেকেণ্ডৰ ভিতৰতে সেই কম্পন উত্তৰ বংগলৈও বিয়পি পৰে। তদুপৰি দাৰ্জিলিং, শিলিগুৰি, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰসহ বিস্তীৰ্ণ এলেকাত কঁপনি অনুভৱ কৰা হয়।

ভয়াৱহ এই ভূমিকম্পৰ আতংকত বহুতে ঘৰৰ বাহিৰলৈ ওলাই আহে। গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাত থকা লোকসকলৰ মাজতো হুৱা-দুৱা লাগে। অৱশ্যে বাতৰি সংগ্ৰহৰ সময়লৈ অসমত ক’তো উল্লেখযোগ্য ক্ষয়-ক্ষতিৰ তথ্য পোৱা হোৱা নাই যদিও ঢেকীয়াজুলি তথা ভূমিকম্পৰ উৎসৰ আশে-পাশে কিছু ক্ষয়-ক্ষতি হোৱাৰ অনুমান কৰা হৈছে।

You might also like