BTC Election : চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিত নিৰ্বাচনী হিংসা
চিৰাঙৰ ১৬নং নিচিমা পৰিষদীয় সমষ্টিত সংঘটিত হৈছে নিৰ্বাচনী হিংসা ।
ইউপিপিএল আৰু বিপিএফ দলৰ সমৰ্থকৰ মাজত সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা।
অভিযোগ অনুসৰি ১৬নং নিচিমা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ সমৰ্থকে দলবদ্ধভাবে বিপিএফ দলৰ প্ৰাৰ্থী জেমছ বসমতাৰীৰ ডম্বৰু বজাৰস্থিত নিৰ্বাচনী কাৰ্যালয়ৰ আক্ৰমণ চলায় ।
ইউপিপিএল দলৰ সমৰ্থকসকলে এফালৰ পৰা বিপিএফ দলৰ বাহনত হাতুৰীৰে কোবাই তিনিখন চাৰিচকীয়া বাহনৰ ক্ষতিসাধন কৰে।
ইউপিপিএল দলৰ সমৰ্থকৰ আক্ৰমণত ছানছুমা ব্ৰহ্ম (২৬) নামৰ এজন বিপিএফ দলৰ সমৰ্থক গুৰুতৰভাবে আহত হৈছে।
এই নিৰ্বাচনী হিংসাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিচিমা সমষ্টিত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।
ঘটনাস্থলীত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।
ঘটনা সংক্ৰান্তত বিপিএফ দলৰ প্ৰাৰ্থী জেমছ বসমুতাৰীয়ে আমগুৰী থানাত উপস্থিত হৈ ইউপিপিএল দলৰ সমৰ্থক সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ