বিটিচি চীফ নহয়, বিশ্বজিত দৈমাৰী হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, মন্তব্য হাগ্ৰামাৰ
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী বিটিচিপ্ৰধান হব বুলি চর্চা চলি আছিল। চর্চা চলি থকা থকাৰ সময়ত বিশ্বজিত দৈমাৰী আমেৰিকাৰ পৰৱৰ্তী প্ৰেছিডেণ্ট হব বুলি মন্তব্য কৰিছে বিপিএফপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাই কয় যে তেওঁ বিটিচিৰ প্ৰধান নহয় আমেৰিকাৰ প্ৰেছিডেণ্ট হব।
ইয়াৰ পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মই ধন্যবাদ দিছো হাগ্ৰামা মহিলাৰীক, যদিহে তেওঁ কোৱা মতে যদি হয়। নিৰ্বাচনৰ সময়ত বহু দূৰলৈ চাই কায়দা বুদ্ধিৰে কথা কলে নিজৰ লাভ হয়।
হাগ্ৰামা মহিলাৰী নিশ্চয় কিবা এটা লাভৰ বাবে এনেকৈ কৈছে। যদি লাভ হয় তেন্তে মই নিজকে ধন্য বুলি মানিম। এই মন্তব্য বিশ্বজিত দৈমাৰীৰ।
তেওঁ আকৌ কয় যে নিৰ্বাচন ভাল হব লাগে, শান্তিপূৰ্ণভাবে হব লাগে। ৰাইজৰ নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলে ৰাইজৰ আৰু দেশৰ কিবা এটা কৰিম বুলি ওলাই আহিছে। জনপ্ৰতিনিধি থাকিলেহে ৰাইজৰ কাম কৰিবলৈ সিদ্ধি লাভ কৰিব। ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব কোন ৰাজনৈতিক দলে সিহঁতৰ বাবে কাম কৰিব। নিৰ্বাচনৰ সময়ত একাংশ লোকে হিংসাত্মক ঘটনা সংঘটিত কৰে। তেনে ঘটনা নহয় তাৰ বাবে প্ৰশাসন সষ্টম হব লাগে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ