৫ বাংলাদেশী ছাত্রক নিলম্বন-বিতাড়নৰ নিৰ্দেশ শিলচৰ NIT কৰ্তৃপক্ষৰ
শিলচৰৰ নেচনেল ইনষ্টিটিউট অৱ টেকন’লজি (NIT)ৰ চৌহদৰ ভিতৰত ছাত্ৰ কলৰ দুটা ফৈদৰ মাজত সংঘৰ্ষৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হোষ্টেলৰ ভিতৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টিৰ ফলত ৫জন বাংলাদেশী ছাত্র ক্রমে শ্বাহৰিয়াৰ আহমেদ আকাশ, শিমন্তৰ ঘোষ, শ্বৌমোজিত পাল, ছাজ্জাদ হোছেইন ৰফি আৰু মহম্মদ নুৰ হোছেইনক নিলম্বন আৰু বিতাড়নৰ ব্যৱস্থা কৰা হৈছে।
জানিব পৰা মতে, ভাৰত আৰু বাংলাদেশৰ কূটনৈতিক চুক্তিৰ অংশ হিচাপে ভাৰত চৰকাৰে বাংলাদেশী নাগৰিকক এন আই টিত আসন আবণ্টন দিয়ে। ভাৰতীয় ছাত্ৰৰ দৰে নহয়, এই ছাত্র-ছাত্রী বিশেষ কোটাৰ জৰিয়তে নামভৰ্তি কৰা হয়। যোৱা ৮ ছেপ্টেম্বৰৰ দিনা ৯ নং হোষ্টেলৰ ২০৬নং কোঠাৰ ভিতৰত এই সংঘৰ্ষ সংঘটিত হয়, য’ত তৃতীয় বৰ্ষৰ বাংলাদেশী ছাত্ৰই চূড়ান্ত বৰ্ষৰ সমনীয়াক ৰড আৰু কটাৰীৰে আক্ৰমণ কৰাৰ অভিযোগত কমেও দুজন গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ চিকিৎসালয়ত ভর্তি হোৱাৰ অভিযোগ উত্থাপন হয়। পিছত কর্তৃপক্ষই অভিযুক্তৰ হোষ্টেলৰ কোঠাৰ পৰা নিচাযুক্ত দ্ৰব্য আৰু অস্ত্র-শস্ত্ৰ উদ্ধাৰ কৰে যদিও অপৰাধৰ ভয়াৱহতাৰ মাজতো কোনো এফআইআৰ দাখিল কৰা হোৱা নাছিল।
ইপিনে ,নিলম্বিত ছাত্রই দাবী কৰে যে জমিয়ত উলেমা-ই-ইছলাম বাংলাদেশ আৰু বাংলাদেশৰ বিতর্কিত ছাত্র সংগঠন এসময়ত নিষিদ্ধ হৈ থকা ইছলামী ছাত্র শিবিৰৰ বিৰুদ্ধে লিখাৰ বাবে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে। সংবাদ মাধ্যমক সম্বোধন কৰি এন আই টি শিলচৰৰ সঞ্চালক অধ্যাপক দিলীপ কুমাৰ বৈদ্যই কয়, ‘৮ ছেপ্টেম্বৰৰ মাজনিশা দুটা গোটৰ ছাত্ৰ মাজত হোৱা সংঘৰ্ষৰ বিষয়ে জানিব পাৰে। আমাৰ ডীন আৰু হোষ্টেল ৱাৰ্ডেনে লৰালৰিকৈ উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ স্থানান্তৰিত কৰে। প্ৰথম অৱস্থাত মই জানিব বিচাৰিছিলো যে ভাৰত বনাম বাংলাদেশ বা হিন্দু বনাম মুছলমানৰ বিষয়ে সংঘৰ্ষ হৈছে নে নাই। ইপিনে তেওঁ লগতে কয় যে আভ্যন্তৰীণ সমিতিয়ে অশান্তিৰ প্ৰমাণ পাইছিল যিটো হিংসালৈ পৰিণত হৈছিল। আমি ছাত্ৰ কেইজনক এবছৰৰ বাবে নিলম্বন কৰিছো, যিহেতু তেওঁলোেক বিদেশী ছাত্র, সেয়েহে তেওঁলোকে দেশ এৰি যাব লাগিব আৰু ইচ্ছা কৰিলেহে এবছৰৰ পিছতহে পুনৰ যোগদান কৰিব পাৰিব।’- বৈদ্যই কয়।
৫০০ গ্রাম ভাং আৰু অস্ত্র উদ্ধাৰ সন্দৰ্ভত পৰিচালকে স্বীকাৰ কৰে যে, “ইয়াত ৫ হাজাৰৰো অধিক যুৱক-যুৱতী একেলগে বাস কৰি আছে। সাৱধানতা অৱলম্বন কৰাৰ পিছতো যোগান ক’ৰবাৰ পৰা আহে। ছাত্র-ছাত্রীসকল নিচাত ডুব যায়, কেতিয়াবা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। আমি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু এনে ঘটনা সংঘটিত হৈ আছে।ৰাজনৈতিক প্ৰভাৱৰ অভিযোগ নাকচ কৰি বৈদ্যাই তদন্ত নিৰপেক্ষ বুলি দৃঢ়তাৰে কয় ইয়াত কোনো ৰাজনৈতিক সংযোগ নাই। আমি পক্ষপাতহীন পথ গ্রহণ কৰিছো আৰু ন্যায্য তদন্ত কৰিছো। উল্লেখ্য ইয়াতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কূটনৈতিক চুক্তিৰ অংশ হিচাপে বাংলাদেশী নাগৰিকক এন আই টিত যি বিশেষ কোটাৰ অধীনত আসন আবণ্টন দিয়া হয়। এন আই টি শিলচৰ চৌহদৰ ভিতৰত বাংলাদেশী ছাত্ৰৰ হিংসা আৰু অশান্তিৰ প্রথম ঘটনা নহয়। তেওঁলোকে বিদেশী নাগৰিক হোৱাৰ সুবিধা লৈছে নেকি আৰু কূটনৈতিক সম্পৰ্কৰ বিষয়ে অধিক গভীৰ তদন্তৰ প্ৰয়োজন। ড্রাগছ, অস্ত্র-শস্ত্র, আৰু হিংসাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যদিও কোনো আৰক্ষীৰ গোচৰ ৰুজু হোৱা নাই।
নিয়মীয়া বাৰ্তা, শিলচৰ, ১৬ ছেপ্টেম্বৰ