নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন নীৰজ-ৰ

অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰাই সদায় ভাৰতৰ পতাকা সমগ্ৰ বিশ্বত উৰুৱাই আহিছে। এইবাৰ ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নীৰজে তেওঁৰ প্ৰথম প্ৰয়াসতেই ৮৪.৮৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছিল। চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ যোগ্যতা অৰ্জনৰ ৰাউণ্ড অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ নীৰজ চোপ্ৰাই প্ৰথম প্ৰয়াসতেই ফাইনেলত স্থান নিশ্চিত কৰিছিল। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হৈছে।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ নীৰজ চোপ্ৰাক ৮৪.৫০ মিটাৰতকৈ অধিক দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিব লাগিছিল। নীৰজে তেওঁৰ প্ৰথম প্ৰয়াসতেই এই লক্ষ্য অতিক্ৰম কৰি ৮৪.৮৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছিল। নীৰজ চোপ্ৰাৰ সৈতে তেওঁৰ গ্ৰুপত ৬জন এথলীট আছিল, কিন্তু ভাৰতৰ এই সাহসী খেলুৱৈৰ বাহিৰে প্ৰথম ৰাউণ্ডত কোনো এথলীটে এই লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিলে।

পাকিস্তানৰ জেভেলিন নিক্ষেপ এথলীট আৰশ্বাদ নাদিমেও এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি আছে। নীৰজ চোপ্ৰাই ফাইনেলত উপনীত হোৱাৰ লগে লগে আৰশ্বাদ নাদিমেও ফাইনেল ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা আছে। নীৰজ চোপ্ৰা আৰু আৰশ্বাদ নাদিম শেষবাৰৰ বাবে পেৰিছ অলিম্পিক ২০২৪ত মুখামুখি হৈছিল। পেৰিছ অলিম্পিকত পাকিস্তানী এথলীট আৰশ্বাদ নাদিমে ৯২.৯৭ মিটাৰৰ নিক্ষেপৰ জৰিয়তে সোণৰ পদক লাভ কৰিছিল। আনহাতে, ভাৰতৰ নীৰজ চোপ্ৰাই ৮৯.৪৫ মিটাৰৰ ভালা নিক্ষেপৰ জৰিয়তে ৰূপৰ পদক জয় কৰিছিল।

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰা ৯০ মিটাৰতকৈ অধিক দূৰত্বৰ জেভেলিন নিক্ষেপ কৰিবলৈ বিফল হৈছিল। কিন্তু শেহতীয়াকৈ ২০২৫ চনৰ ১৬ মে’ত ডোহা ডায়মণ্ড লীগত নীৰজে ৯০.২৩ মিটাৰ দূৰত্বৰ ভালা নিক্ষেপ কৰিছিল। এই নিক্ষেপৰ জৰিয়তে তেওঁ প্ৰথম ভাৰতীয় এথলীট হিচাপে ৯০ মিটাৰতকৈ অধিক দূৰত্বৰ ভালা নিক্ষেপ কৰাৰ গৌৰৱ অৰ্জন কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ

You might also like