পৰকীয়া প্ৰেম : ভিনীহিয়েকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত খুলশালিয়েক
পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি ডবকাৰ নিজডবকা গাঁৱত ভংয়কৰ মাৰপিট।
ভিনীহিয়েক ফয়জুল হকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত খুলশালিয়েক মেহেৰুন নেচা।
আহত মেহেৰুনক ততাতৈয়াকৈ ডবকা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে৷ আনহাতে ভিনীহিয়েক ফয়জুল হককো আটক কৰিছে আৰক্ষীয়ে।
অভিযোগ অনুসৰি ডবকাৰ নিজ ডবকা গাঁৱৰ চৱনম নেচা নামৰ যুৱতীগৰাকীক পাঁচ বছৰ পূৰ্বে মোৰাঝাৰৰ বুৰুংগাতলিৰ ফয়জুল হকলৈ বিয়া দিছিল আৰু তেওঁলোক দুয়োৰে এটি তিনি বছৰীয়া সন্তানো আছে।
ইয়াৰ মাজতে ফয়জুল হকে যুৱতীগৰাকীৰ সম্বন্ধীয় আইতাকৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে।
ইয়াকে লৈ দুদিনমান পূৰ্বে স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয় আৰু মহিলাগৰাকীক স্বামীয়ে মাৰপিট কৰি নিজ গৃহলৈ পঠিয়াই দিয়াৰো অভিযোগ।
কালি প্ৰেমিকাই আইতাকক লগ কৰিবলৈ আৰু নিজগৃহত সন্তানক নিবলৈ ফয়জুল হক নিজ ডবকা গাঁৱলৈ আহোঁতেই কথাৰ কতাকটি হৈ মাৰপিটত লিপ্ত হয়।
পৰৱৰ্তী সময়ত ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ফয়জুল হকক আটক কৰি ডবকা আৰক্ষী থানালৈ লৈ আনে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ ছেপ্টেম্বৰ