নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ পূৰ্বেই কাজিৰঙা মুকলি, উৎফুল্লিত ব্যৱসায়ী তথা জীপছী চালক

পূজাৰ পূৰ্বেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছত উৎফুল্লিত গৈ পৰিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ী তথা জীপছী চালকসকল।

ইতিমধ্যে বন বিভাগ যুদ্ধকালীন প্ৰস্তুতিৰে নামি পৰিছে উদ্যানৰ বাট-পথ নিৰ্মাণত। আনহাতে জীপছী চালকসকলেও নিজৰ বাহনসমূহ ৰং-তেল সানি পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে।

ড০ হিমন্ত বিশ্ব শৰ্মাক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আখ্যা দি কাজিৰঙাৰ জীপছী চালকসকলে পূজাৰ পূৰ্বে কাজিৰঙা মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাক ধন্যবাদ জনায়।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ ছেপ্টেম্বৰ

You might also like