বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : মাতৃভূমিত জুবিন গাৰ্গ। নিজৰ প্ৰাণৰ ঘৰখনত ভৰি থ’লে অসমীয়াৰ প্ৰাণৰ শিল্পীয়ে। এটা অমৃতকণ্ঠ৷ প্রতিজন অসমীয়াৰ হূদয়ে হূদয়ে গুঞ্জৰিত হৈ আছে যাৰ সংগীতৰ সপ্তস্বৰ৷ মাতৃভূমিত ভৰি থৈয়ে যেন তেওঁ কৈ উঠিছে- মই এতিয়া আপোনালোকৰ ওচৰতে থাকিম।
যোৱানিশা ছিংগাপুৰৰ পৰা বিশেষ বিমানেৰে অসমীয়াৰ প্ৰাণৰ আপোন শিল্পীগৰাকীক দিল্লীলৈ অনা হয়। তাৰ পিছত এখন বিশেষ বিমানেৰে জুবিনৰ নশ্বৰ দেহ মাতৃভূমি অসমলৈ অনা হয়। নিজ মাতৃভূমিলৈ প্ৰাণৰ শিল্পীগৰাকীক অনাৰ সময়ত জুবিনক সংগ দিয়ে বন্ধু পৱিত্ৰ মাৰ্ঘেৰিটাই।
বৰঝাৰ বিমানবন্দৰত হিয়াৰ আমঠু জুবিন আহি পোৱাৰ লগে লগে বিমানবন্দৰতে পত্নী গৰিমাই নিজৰ মানুহজনক অন্তিমখন গামোচাৰে শ্ৰদ্ধাঞ্জলি জনায়। কফিনৰ ভিতৰত আপোন মানুহজনে শুই আহিছে- কেনেকৈনো বাৰু সহ্য কৰে!
বিমানবন্দৰতে জুবিনৰ অজস্ৰ অনুৰাগীয়ে ভিৰ কৰি কান্দোনত ভাগি পৰে। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়েও প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ ওচৰত পাই হিয়া ঢাকুৰি কান্দে। সকলো ফালে কেৱল জয় জুবিনদা ধ্বনি। বিমান বন্দৰৰ পৰা পোনে পোনে পুষ্পসজ্জিত বাহনেৰে জুবিনক কাহিলিপাৰাৰ বাসগৃহলৈ অনাৰ সময়তো অজস্ৰ গুণমুগ্ধই ৰাস্তাত ভিৰ কৰে। বিমানবন্দৰৰ পৰা কাহিলাপাৰাৰ বাসগৃহলৈ জুবিনৰ নশ্বৰ দেহ লৈ অহা পুষ্পসজ্জিত বাহনখনেত পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনৰ কাষতে বহি আহে। নিজৰ মানুহজনৰ অন্তিম বিদায়- কি স’তেনো সহে! গামোচাৰে ঢকা কফিনৰ ভিতৰত জুবিনৰ নিথৰ দেহ। নিজৰ প্ৰাণৰ আপোন মানুহজনৰ নিথৰ দেহ কাষতে লৈ বৰঝাৰৰ পৰা কাহিলাপাৰাৰ বাসগৃহলৈ আগবাঢ়িছে পত্নী গৰিমা শইকীয়া গাৰ্গ। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। সকলোৰে মুখত এটাই ধ্বনি- জয় জুবিনদা। সকলোৱে কেৱল নিজৰ প্ৰাণৰ শিল্পীগৰাকীক এবাৰ চুই চোৱাৰ বাবে ৰাস্তাৰ দুয়োকাষে ভিৰ কৰে। কাহিলিপাৰাৰ বাসগৃহত ৰীতি-নীতি সম্পন্ন হোৱাৰ পাছতে লৈ যোৱা হ’ব সৰুসজাইলৈ।