নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দেশজুৰি বলৱৎ হ’ব নতুন জিএছটিৰ হাৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি দেশজুৰি নতুন জিএছটি বলৱতৰ কথা ঘোষণা কৰে৷ আজিৰ পৰা সমগ্র দেশত নেক্সট জেন জিএছটি বলৱৎ হ’ব৷

এই সন্দর্ভত প্রধানমন্ত্রীয়ে কয় যে নৱৰাত্রিৰ প্রথম দিনাৰ পৰাই দেশে আত্মনির্ভৰ ভাৰতৰ দিশে এখোজ আগুৱাব৷ কাইলৈৰ সূর্যোদয়ৰ পৰাই নতুন জিএছটি সংস্কাৰ ৰূপায়ণেৰে সমগ্র ভাৰততে জিএছটি বছত উৎসৱ আৰম্ভ হ’ব৷

তেওঁ কয় যে সেই উৎসৱে সমাজৰ প্রতিটো শ্রেণীৰ সঞ্চয় বৃদ্ধি কৰাৰ লগতে নিজৰ পছন্দৰ সামগ্রী ক্রয় কৰাত সহায় কৰিব৷ প্রধানমন্ত্রীয়ে বছত উৎসৱৰ সুফল দৰিদ্র, মধ্যবিত্ত শ্রেণী, নব্য মধ্যবিত্ত শ্রেণী, যুৱক–যুৱতী, কৃষক, মহিলা আৰু ব্যৱসায়ী তথা উদ্যোগীসকলে লাভ কৰিব৷ দেশৰ কোটি কোটি পৰিয়ালক নতুন জিএছটি গাঁথনিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি প্রধানমন্ত্রীয়ে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনী ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰে৷

তেওঁ লগতে ব্যৱসায়িক কার্যকলাপ, অধিক বিনিয়োগ আকর্ষণ আৰু প্রতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব বুলি কয়৷ ২০১৭ চনত জিএছটি বলৱতৰ কথা সুঁৱৰি প্রধানমন্ত্রীয়ে ইয়াৰ পূর্বে দেশত এক ডজনতকৈও অধিক কৰ গাঁথনিৰ জটিলতাৰ প্রসংগ উত্থাপন কৰে৷ পূর্বৰ কৰ গাঁথনি দেশৰ ভিতৰতে সামগ্রী পৰিবহণত দেখা দিয়া অসুবিধাৰ বিপৰীতে নতুন জিএছটিয়ে সমগ্র দেশতে এক কৰ গাঁথনিৰ সূচনা কৰা বুলি কয়৷

২০১৪ চনত দেশৰ শাসনভাৰ গ্রহণৰ পিছতে তেওঁৰ চৰকাৰে জিএছটি বলৱৎ কৰাটোত অগ্রাধিকাৰ দিছিল৷ বর্তমান চৰকাৰে নতুন কৰ গাঁথনিৰ অধীনত মূলতঃ ৫ আৰু ১৮ শতাংশ কৰহে বলৱৎ থাকিব৷ তদুপৰি বীমা আৰু জীৱনদায়িনী ঔষধকে ধৰি কেতবোৰ সামগ্রীৰ জিএছটি সম্পূর্ণ ৰেহাই দিয়া বুলিও সদৰী কৰে প্রধানমন্ত্রীয়ে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ

You might also like