নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকাহত সমগ্ৰ অসম : শদিয়াৰ পৰা ধুবুৰীলৈ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাৰ্ঘ্য

নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত জুবিন গাৰ্গৰ বৃহৎ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, বনগাঁও, ২২ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ আমুঠু শিল্পী, জুবিন গাৰ্গৰ স্মৃতিত কালি সন্ধিয়া মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ বেবেজীয়াত এক বৃহৎ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। বেবেজীয়া চাৰিআলিত অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নামনি মাজুলীৰ শ শ লোকে অংশগ্ৰহণ কৰে। কৰতিপাৰ বেবেজীয়াৰ  উদয়জ্যোতি যুৱক সংঘ ,জ্যোতি পুথিভঁৰাল আৰু আত্মদৰ্শন মঞ্চৰ লগতে সতী ৰাধিকা বেবেজীয়া শাখাৰ সৌজন্যত বেবেজীয়া চাৰিআলিত সকলোৰে প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ উক্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। উদয়জ্যোতি যুৱক সংঘৰ সাধাৰণ সম্পাদক গোবিন্দ দাসে আঁত ধৰা উক্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বেবেজীয়া গাঁও পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি জীৱন দাস, সমাজকৰ্মী প্ৰেম কান্ত মেধি আৰু সাংবাদিক যদু কলিতাই।  বন্তি প্ৰজ্বলনৰ পাছত অনুষ্ঠানত শ শ লোকে একেলগে জুবিন গাৰ্গৰ ” মায়াবিনী নিশা– গীতটি পৰিবেশন কৰি এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে। উক্ত গীত পৰিৱেশন কৰি সকলো ৰাইজে চকুলো টুকি টুকি প্ৰিয় শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনায়। তাৰপিছত জুবিন গাৰ্গৰ ফটো,কাট আউত লৈ এক বৃহৎ সমদল কাৰ্যসূচীৰো ৰূপায়ন কৰে। উক্ত সমদলকাৰীসকলে কৰতিপাৰ বেবেজীয়া চাৰিআলিৰ পৰা উজনিৰ গোৱালগাঁও বালিচাপৰিলৈকে এক বৃহৎ সমদল উলিয়াই প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দীৰ্ঘ দুৰত্বৰে সমদলকাৰীসকলে মম, ধূপ লৈ জুবিন গাৰ্গ অমৰ হোৱাৰ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে উদয়জ্যোতি যুৱক সংঘৰ সভাপতি ধীৰেন মেধিয়ে । শ শ লোকে উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

——————————

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ নাজিৰাবাসী

বিশেষ বাৰ্তা, নাজিৰা : অসমবাসী ৰাইজৰ প্ৰাণৰো প্ৰাণ তথা অসম সম্পদ সদ্য প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুত আজি চাৰি দিনে সমগ্ৰ অসমবাসীক শোকাচন্ন কৰি তোলাৰ লগতে মহান শিল্পীগৰাকীৰ আত্মাৰ শান্তিৰ বাবে ৰাজ্যখনৰ নগৰে চহৰে গাঁৱে ভূঞে অলিয়ে গলিয়ে বৰ্তমানেও অব্যাহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকে ধৰি প্ৰাৰ্থনা সভা, মৌন ৰেলী আদি। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰা সমজিলাৰ অন্তৰ্গত সৰ্বাধিক অঞ্চলত মহান শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছৰ পৰাই শোকত ভাগি পৰাৰ লগতে স্বত্বস্ফুতভাৱে ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰাৰ উপৰিও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় সকলো অঞ্চলতেই। আছুৰ নাজিৰা মহকুমা সমিতিৰ লগতে শিমলুগুৰি আঞ্চলিক সমিতি, গেলেকী আঞ্চলিক সমিতিয়ে আজি চাৰিওটা দিনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজহুৱাকৈ মূকলি ৰখাৰ লগতে বৃহত মৌন ৰেলী উলিওৱাৰ লগতে শিল্পীগৰাকীৰ প্ৰিয়  মায়াবিনী গীতটো পৰিবেশন কৰাই । একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা -শিমলুগুৰি সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ৰেলী বাহিৰ কৰে। আটাছুৰ নাজিৰা – শিমলুগুৰি সমিতিয়েও শিল্পীগৰাকীৰ আত্মাৰ শান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । ইফালে নাজিৰা -শিমলুগুৰি ৰ প্ৰায় দুই শতাধিক ই ৰিক্সা লৈ মৌন সমদল বাহিৰ কৰাৰ লগতে মালবাহী বাহন আদিও শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সমদল উলিয়াই।  কালি সন্ধিয়া নাজিৰা ক্ৰিকেট একাডেমীৰ উদ্যোগত অনুষ্ঠিত কৰা মৰমৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধা জনাই মৌন প্ৰাৰ্থনা কৰাৰ লগতে জুবিন গাৰ্গ অমৰ হওক শ্লোগান দিয়ে। গড়গাঁও গাঁও পঞ্চায়তেও কালি নিশা বৃহৎ এক মৌন সমদল উলিয়াই মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। বৰকলা মণিপুৰী গাঁৱৰ শতাধিক মহিলায়েও হাতে হাতে কেণ্ডল লৈ মৌন সমদল উলিয়াই শিল্পী গৰাকীৰ আত্মা শান্তি কামনা কৰে । একদৰে নাজিৰাৰ বিহুবৰ , চন্টক, কেন্দুগুৰি , গেলেকীকে ধৰি এশ শতাংশ অঞ্চলতেই শিল্পীগৰাকীৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জা আদিতো শিল্পীগৰাকীৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা দোৱা চলি আছে। বৰ্তমানেও স্বত্তস্ফুতভাৱে এগৰাকী মহান শিল্পীৰ প্ৰতি অব্যাহত থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পূজা দোৱা প্ৰাৰ্থনা, ৰেলী আদিয়ে এক ইতিহাস সৃষ্টি কৰিলে।

———————-

বইটামাৰীত সহস্ৰাধিক জনতাৰ মমবাতি জ্বলাই সমদল,  মবাইলৰ পোহৰ জ্বলাই হাজাৰ হাজাৰ জনতাই একেলগে গালে মায়বিনী ৰাতি…

নিয়মীয়া বাৰ্তা, নৰ্থ বইটামাৰী, ২২ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ বইটামাৰীত কালি  বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন দল-সংগঠনৰ আহ্বানত মৰমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। বৃহত্তৰ অঞ্চলটোৰ প্ৰতিটো প্ৰান্তৰ সহস্ৰাধিক লোক সন্ধিয়া বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সমবেত হয়। পিচত সকলোৱে খেলপথাৰত বহি পৰি মোবাইলৰ পোহৰ জ্বলাই একেলগে শিল্পীগৰাকীৰ কালজয়ী গীত মায়াবিনী ৰাতি… পৰিৱেশন কৰে। তাৰ পিছত সকলোৱে মমবাতি হাতে হাতে লৈ তাৰ পৰা বৃহৎ সমদল কৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি বইটামাৰী শ্বহীদ ভৱনৰ বাকৰিত উপস্থিত হয়। তাত সহস্ৰাধিক ৰাইজে শিল্পীগৰাকীৰ প্ৰতিচ্ছৱিত পুস্পাৰ্ঘ নিবেদন কৰি শ্ৰদ্ধা জনায়। উল্লেখ্য যে বৃহৎসংখ্যক ৰাইজৰ এই সমদলৰ বাবে  প্ৰায় এঘণ্টা জুৰি ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।

————————-

জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল- জুবিন আছিল এজন প্ৰকৃত গণ শিল্পী, ডনবস্ক বাঘচোং বিদ্যালয়ত জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলী

নিয়মীয়া বাৰ্তা, চিনামৰা, ২২ চেপ্টেম্বৰঃ জুবিন গাৰ্গ কেৱল এগৰাকী গায়ক নাছিল। তেওঁ আছিল এজন প্ৰকৃতাৰ্থত গণ শিল্পী। তেওঁৰ প্ৰতিটো কামে বহন কৰছিল তাৰ স্বাক্ষৰ।  যোৰহাটৰ ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাঘচোংত অনুষ্ঠিত হোৱা এক শ্ৰদ্ধাঞ্জলী  অনুষ্ঠানত বক্তব্য ৰাখি যোৰহাটৰ এগৰাকী বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক কৰ্মী মুক্তাৰুল হুচেইনে এনেদৰে কয়। প্ৰয়াত শিল্পীগৰাকী সম্পৰ্কত বক্তব্য আগবঢ়াই মানৱ দৰদি জুবিন সন্দৰ্ভত কয় যে নগাঁওৰ এটা সংগীতৰ কাৰ্যসূচীত অংগ্ৰহন কৰাৰ বাবদ শিল্পীগৰাকীয়ে লাভ কৰা সমূদায় ধন কাষতে থকা অনাথ আশ্ৰমখনলৈ দান কৰিছিল। লক্ষীমপুৰলৈ গাড়ীত গৈ থকা জুবিনে পথৰ কাষত সজাত বান্ধি বিক্ৰী কৰি থকা চৰাইবোৰ দেখি সেই সকলো সজা কিনিলৈ সজাৰ পৰা চৰাইবোৰ মুকলি কৰি দিছিল। সেয়াই আছিল আমাৰ জুবিন। ইয়াৰ পূৰ্বে ফাদাৰ ফিলিপে জুবিনৰ প্ৰতিচ্ছবিৰ আগত এগচি বন্তি প্ৰজ্বলন কৰি বক্তব্য আগবঢ়াই কয় যে জুবিন গাৰ্গ কেৱল অসমৰে শিল্পী নাছিল। তেওঁৰ আছিল এক বিশ্বজনীন শিল্পী। তেওঁৰ প্ৰতিটো গানত থকা ভাষা আৰু সুৰে তাকেই তুলি ধৰে। তেওঁৰ সৃষ্টিয়ে অনাগত দিনত ৰাজ্যৰ প্ৰতিটো প্ৰজন্মকে আকৰ্ষিত আৰু অনুপ্ৰেৰণা জগাই থাকিব। ইয়াৰ পাছতে অনুষ্ঠানত উপস্থিত শিক্ষাৰ্থী আৰু অভিভাৱক সকলে জুবিনৰ প্ৰচ্ছবিৰ আগত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলী অৰ্পণ কৰে। অনুষ্ঠানত বিদ্যালখনৰ শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে জুবিন গাৰ্গৰ বহুকেইটা জনপ্ৰিয় গীত পৰিবেশন কৰে।

——————————-

জুবিনৰ শোকত স্তব্ধ নামৰূপ, মৌন সমদল, বন্তি প্ৰজ্বলন, শোভাযাত্ৰাৰে  শ্ৰদ্ধাঞ্জলি  জুবিনক

নিয়মীয়া বাৰ্তা, নামৰূপ, ২২ ছেপ্টেম্বৰঃ অসমৰ  আত্মা  স্বৰূপ  জুবিন গাৰ্গৰ  অনকাং ক্ষিত আকস্মিক বিয়োগত শোক বিঁহবল হৈ পৰিছে নামৰূপৰ জনতা। নামৰূপৰ সোণাৰি তিনি আলি, শৰ্মা তিনিআলি, গান্ধী ময়দান, বিভি এফ চি এলৰ উদ্যোগৰ ভিতৰত ,ডেইলী বজাৰ  আদি সকলো স্থানতে শিল্পী জনাৰ ফটো স্থাপন কৰি  তিনিদিনীয়া কৈ শোক পালন কৰি বন্তি প্রজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিগত তিনি দিনে নামৰূপৰ সকলো দোকান বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্বতস্ফুতভাবে সহস্ৰাধিক জনতা ওলাই আহি জুবিন গাৰ্গ অমৰ হওঁক ধ্বনিৰে  আকাশ বতাহ কঁপাই শ্লোগান দিছে, নামৰূপৰ সাধাৰণ জনতাই হাতে হাতে মম বাতি লৈ মৌণ সমদল কৰিছে। মুঠতে নামৰূপত এক আবণনীয় পৰিবেশে বিৰাজ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছৰে পৰা। নামৰূপৰ গান্ধী ময়দানত সকলো ক্ৰীড়া সন্থা আৰু ক্ৰীড়া প্ৰেমী সমবেত হৈ শনি বাৰে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে নামৰূপৰ সোণাৰি তিনি আলিত বিগত তিনিদিন ধৰি শোক পালন কৰিছে।  নামৰূপ ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি , গ্ৰাম্য উন্নয়ন আদি  সকলো দল সংগঠনৰ নেতৃত্বত বিগত তিনিদিনে  শ শ জনতাই শোক পালন কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।বিগত তিনি দিন ধৰি সমগ্ৰ টাউন এলেকাত বন্তি প্ৰজ্বলন কৰিছে শোক  বিহবল জনতাই ।সোণাৰি তিনি আলিত  ক্লক টাৱাৰ তলত শ শ শোক বিহবল জনতাই একে মুখে গোৱা  মায়াৱীনী গীতে  এক আবৰ্ণনীয়  পৰিবেশৰ সৃষ্টি  কৰিছে প্ৰতি সন্ধিয়া।

—————————————–

নাজিৰাৰ ৰাজপথত বিৰামহীন সমদল : মাজনিশা পৰ্য্যন্ত জনতাৰ মিছিলত গাই গৈছে “মায়াবিনী..” গীত

জনতাৰ প্ৰাণৰ শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰা শিল্পী জুবিন গাৰ্গৰ হাজাৰ হাজাৰ গীতৰ শ্ৰুতা তথা জুবিন গাৰ্গৰ সমাজ আৰু জাতিৰ প্ৰতি দায়ৱদ্ধতাক স্বীকৃতি তুলি ধৰিছে মৃত্যুকালীন জনতাৰ মিছিলে। হাজাৰ হাজাৰ আবাল বৃদ্ধ-বনিতাই নাজিৰাৰ ৰাজপথত জুবিন গাৰ্গৰ গীতৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দৃশ্য চলিত দুদিন ধৰি অব্যাহত আছে। শিল্পীজনৰ আকস্মিক বিয়োগে যিদৰে হঠাৎ শূণ্যতাৰ সৃষ্টি কৰিলে তেনেদৰে সেই শূণ্যতাৰ প্ৰতিক্ৰিয়া  স্বৰূপে সকলোৱে এগেলগে বেদনাত আক্ৰান্ত হৈ ৰাজপথলৈ ওলাই আহে। বিভিন্ন সামাজিক আৰু জাতীয় সংগঠনে সন্ধিয়াৰ পৰা মাজনিশালৈকে মাটিৰ চাকি আৰু মমৰ শিখা জ্বলাই পোহৰাই ৰখা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশালৰ পৰা লঘু আকৃতিৰ প্ৰতিচ্ছবিত মূৰ দোঁৱাই শ্ৰদ্ধাঞ্জলি যঁচাৰ দৃশ্য জুবিন গাৰ্গৰ সত্বাৰ ওচৰত মন কৰিব লগীয়া দৃশ্য হৈ ৰয়। নাজিৰাৰ মেকীপুৰ চাহ বাগিচা এলেকা, লিগিৰীপুখুৰীৰ ৰাইজ, চকীমুখ, টমটমটলা, মেজেঙ্গা, গেলেকী, দেওপানী, মঠিয়াছিগা, মাদুৰি, মলাগাঁও আদিৰ ৰাইজৰ স্বতঃস্ফুৰ্ট ভাৱে শিল্পীজনৰ মৃত্যুত বেদনাৰ প্ৰকাশ ঘটাবলৈ ৰাজপথত উপস্থিত হোৱাৰ  দৃশ্য মন কৰিবলগীয়া। গড়গাঁও, বালিঘাট, শিমলুগুৰি, লোণপুৰীয়া, বৰতল, লখিমী আলি আদি সকলো এলেকা সামৰি ৰাইজে শিল্পীজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে জনতাৰ স্বতঃস্ফুৰ্ট  সমদলৰ সময়ত ৰাতি পথৰ কাষত অব্যাহত থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমূহৰ সৈতে মিলিত হৈ পৰাৰ দৃশ্যৰ লগতে ঐক্যতানেৰে “মায়াবিনী ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি…” গীত সমস্বৰে গাই ক্ৰন্দনৰত হৈ পৰা দৃশ্য মন কৰিবলগীয়া হৈ উঠে। নাজিৰা নাট্য মন্দিৰৰ সমুখত দ্বিতীয় দিনাও আটাছুৰ শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচীত ৰাজপথৰ সহস্ৰজনে বন্তি জ্বলাই শিল্পী জনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যায়। মঠিয়াছিগাৰ যুৱ সমাজ আৰু ৰাইজৰ সমদল, নাজিৰা নগৰৰ মহিলা সদস্যা সকলৰ মৌন সমদল, নাজিৰা ই-ৰিক্সা সন্থাৰ সুদীৰ্ঘ সমদল, ওপৰ নাজিৰা, বুদবাৰী,নাজিৰা আমোলাপট্টি, মঠিয়াছিগা, বাহঁবৰীয়া আদি গাঁৱে গাঁৱে  ৰাইজৰ সুদীৰ্ঘ সমদলে “জুবিন গাৰ্গ অমৰ হওঁক” ধ্বনি দি যায়। নাজিৰাৰ চিত্ৰ ক’লা কেন্দ্ৰটো হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। প্ৰৱীণ ভাস্কৰ্য আৰু চিত্ৰ শিল্পী অৰুণ কোঁৱৰ আৰু সংবাদসেৱী দিলীপ হাজৰিকাই শিল্পীজনাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছতে আন্তঃৰাষ্টীয় চিত্ৰ শিল্পী আলী হাইদৰ , চিত্ৰ শিল্পী ক্ৰমে মনোৱাৰা বেগম , নিলোফা আলম , প্ৰাৰ্থনা কাশ্যপ, দেৱজিৎ দে, মিত্তাউল হুছেইন, মাৰুফা আলীকে ধৰি ভালেকেইগৰাকী চিত্ৰ আৰু ভাস্কৰ্য শিল্পীয়ে অসমীয়াৰ হিয়াৰ আমঠু শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বিদেহী আত্মাৰ সদগতি কামনাৰ্থে মৌন প্ৰাৰ্থনা জনোৱা হয় । অসমীয়া সমাজ জীৱনৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ সংগীত সূৰ্য জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ একাদশ দিনালৈকে নাজিৰা আমোলাপট্টিত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান অব্যাহত থাকিব । ইয়াৰোপৰি শিল্পী গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা আৰু বৈকুণ্ঠত স্থাল লাভ কৰি যুগ যুগান্তৰলৈ শিল্পী জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰাজি বিৰাজমান হৈ থকাৰ কামনাৰ্থে নাজিৰা আমোলাপট্টি যুৱ আৰু মহিলা সকলোৱে ঐক্যবদ্ধ হৈ বৰনামঘৰ প্ৰাংগণত একাদশ দিনা ৰাজহুৱা ভাৱে নাম-প্ৰসঙ্গৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগৰ বাবে উদ্যোক্তাসকলে সেৱা নিবেদন কৰিছে। মহা নাম-প্ৰসঙ্গৰ বাবে ইচ্ছুক ৰাইজে দ্ৰব্য-বৰঙণি আগবঢ়ালে আমোলাপট্টিৰ জিণ্টু হাজৰিকা অথবা পৱনজ্যোতি দাসৰ ওচৰত জমা দিবৰ বাবে সেৱা জনাইছে ।

নিয়মীয়া বাৰ্তা, গেলেকী, ২২ ছেপ্টেম্বৰ

You might also like