বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ২২ ছেপ্টেম্বৰ : শ্বহীদ নগৰী ঢেকীয়াজুলিত বলুকা শিল্পৰ মাধ্যমেৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে বলুকা শিল্পী তথা ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰঞ্জন শইকীয়াই৷
গাভৰু নৈৰ বালিচৰত সকলোৰে মন-মগজু-হৃদয় উদ্বেলিত কৰা প্ৰাণৰো প্ৰাণৰ শিল্পী, আপোচবিহীন সত্তাৰ অধিকাৰী, সকলোৰে মৰমৰ জুবিন দাৰ বলুকা ভাস্কৰ্য নিৰ্মাণ কৰি গাভৰু নৈৰ বালিচৰৰ পৰাই এনেদৰেই ব্যতিক্ৰমী প্ৰচেষ্টাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰাণৰ শিল্পীগৰাকী য’তে আছে শান্তিত থকাৰ কামনা কৰে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক, বলুকা শিল্পী ৰঞ্জন শইকীয়াই ৷
শিল্পীগৰাকীক বলুকা শিল্প নিৰ্মাণত সহযোগিতা আগবঢ়ায় দীপাংকৰ চুণ্ডী, কুলেশ দাস, ইমৰান আহমেদৰ লগতে সহকৰ্মী শিক্ষক যীচুজ্যোতি হাজৰিকা, ৰঞ্জন দাহাল, পৰেশ নাথ, কলিয়াবৰৰ পৰা অহা লেখনাথ শৰ্মাই ৷
প্ৰেৰক কল্পজ্যোতি নাথ