নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : আজি অনুষ্ঠিত হৈছে বিটিচি পৰিষদৰ সাধাৰণ নিৰ্বাচন ৷ চিৰাং জিলাৰ মুঠ সাতটা পৰিষদীয় সমষ্টিত এইবেলি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৫৬গৰাকী প্ৰাৰ্থী ৷ জিলাখনৰ ১৩ নম্বৰ চিৰাং সমষ্টিত ছয়গৰাকী, ১৪ নম্বৰ চিৰাংদুৱাৰ সমষ্টিত ছয়গৰাকী, ১৫ নম্বৰ কাজলগাঁও সমষ্টিত পাঁচগৰাকী, ১৬ নম্বৰ নিছিমা সমষ্টিত ছয়গৰাকী, ১৭ নম্বৰ সুবাইঝাৰ সমষ্টিত ছয়গৰাকী, ১৮ নম্বৰ মানস চেৰফাং সমষ্টিত ছয়গৰাকী আৰু সকলোৰে মুকলি ১৯ নম্বৰ থুৰিবাৰী সমষ্টিত মুঠ ১৯গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷
জিলাখনৰ ১৩ নম্বৰ চিৰাং সমষ্টিত বৰ্তমানৰ পাৰিষদ ইউ পি পি এল দলৰ হৈ চাইখং বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে বিপিএফৰ শুকুৰসিং মুছাহাৰী, বিজেপিৰ সৌমথৌৰ ব্ৰহ্মৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ৷
১৪ নং চিৰাংদুৱাৰ সমষ্টিত পূৰ্বৰ বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে, সমষ্টিটোত প্ৰতিদ্বন্দ্বী ৰূপত অৱতীৰ্ণ হৈছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷
১৫ নম্বৰ কাজলগাঁও সমষ্টিত বিপিএফৰ পাৰিষদ পানীৰাম ব্ৰহ্মৰ বিপৰীতে তিনিবাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই ইউ পি পি এল দলৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতাত নামিছে ৷
১৬ নম্বৰ নিছিমা সমষ্টিত বিপিএফৰ এইবাৰৰ পাৰিষদ জেমছ বসুমতাৰীৰ বিপৰীতে ইউ পি পি এলৰ নেতা বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী অৱতীৰ্ণ হৈছে ৷
১৭ নম্বৰ সুভাইঝাৰ পৰিষদীয় সমষ্টিত বৰ্তমানৰ পাৰিষদ প্ৰভাত বসুমতাৰীয়ে বিজেপি দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিপিএফৰ হৈ যুৱ নেতা ধীৰাজ বৰগয়াৰী আৰু ইউ পি পি এলৰ হৈ প্ৰাক্তন এবছু নেতা ফণীন বড়ো অৱতীৰ্ণ হৈছে ৷
১৮ নম্বৰ মানাস ছেৰফাং সমষ্টিত বৰ্তমানৰ কাৰ্যবাহী সদস্য ইউ পি পি এল দলৰ ধনঞ্জয় বসুমতাৰী অৱতীৰ্ণ হোৱাৰ লগতে বিজেপি দলৰ হৈ পূৰ্বৰ পাৰিষদ সুভাষ বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতাত নমাৰ লগতে বিপিএফ প্ৰাৰ্থী হিচাপে জাংগিলা হাজোৱাৰী প্ৰতিদ্বন্দ্বিতাত নামিছে ৷
জিলাখনৰ একেবাৰে আকৰ্ষণীয় সমষ্টি হৈছে ১৯ নম্বৰ থুৰিবাৰী পৰিষদীয় সমষ্টি ৷ সকলোৰে বাবে মুকলি এই সমষ্টিত মুঠ ১৯গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে ৷ বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় বিজেপি দলৰ প্ৰাৰ্থীৰ বিপৰীতে বিপিএফৰ হৈ সমষ্টিটোত দুবাৰৰ পাৰিষদ খলিলুৰ ৰহমান, ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে মহম্মদ ৰঞ্জু আহমেদ আৰু কংগ্ৰেছ দলৰ হৈ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জমছেৰ আলীও অৱতীৰ্ণ হৈছে ৷ বাকী চি পি আই এম, এ আই ইউ ডি এফ, জি এছ পি, আপ, তৃণমুল কংগ্ৰেছ, বিজিপিৰ লগতে ১০ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে ৷
প্ৰেৰক বৰ্ণালী তালুকদাৰ