নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন সাগৰ শুই পৰিল : হীৰেন গগৈ

এখন সাগৰ শুই পৰিল : হীৰেন গগৈ

জুবিনৰ মৃত্যুত অনুভৱ হৈছে সঁচাকৈয়ে যেন এখন সাগৰহে শুই পৰিল৷ দৃশ্যমান পার্থিৱ সাগৰ এখনৰ বুকুত জুবিন নামৰ এসাগৰ পানী নীৰৱে বিলীন হৈ গ’ল৷ এতিয়া আৰু কমেও তেওঁক তাৰ পৰা উলিয়াই আনিব নোৱাৰে৷ তেওঁ নিজে ৱাটাৰ নামৰ কবিতাটোত লিখি থৈ যোৱাৰ দৰে তেওঁ হয়তো পানী হৈ সাগৰৰ পৰা অসমৰ নদ–নদীলৈ ঘূৰিও আহিব পাৰে৷ কিন্তু সেই পানীৰ ৰং সলনি হ’ব, তাৰ সোৱাদো বেলেগ হ’ব৷ তেতিয়া তেওঁৰ সান্নিধ্য লাভো আটাইৰে বাবে হয়তো সম্ভৱ নহ’ব৷ সেই পানীৰূপী জুবিনে দুপাৰে এৰি যোৱা তপ্ত বা বৰফ চেঁচা বালিয়েদি যদি কোনোবাই খালি ভৰিৰে খোজকাঢ়ি তেওঁৰ ওচৰলৈ যাব পাৰে, তেওঁৰহে ৰক্তাক্ত দুভৰিয়ে অনুভৱ কৰিব পাৰিব জুবিনৰ সাদৰ স্পর্শ৷ তেওঁহে চিনিব পাৰিব জুবিনৰ ভিন্নৰঙী সত্তাক৷ যি জীৱন পৰিক্রমাৰে জুবিন জুবিন হৈছিল, তাৰ পুনৰাবৃত্তি সম্ভৱ নহ’লেও অনুৰূপ পথ এটাৰ সন্ধান কোনোবা নির্বাচিত সৌভাগ্যৱানে নিশ্চয় কৰিব৷ প্রতিভাৰ জন্মহে হয়, নির্মাণ নহয়৷ আৰু জাতিটোৰ সাধনা থাকিলে প্রতিভাৰো জন্ম হ’বই৷ প্রতিভাৰ সন্মোহনো আয়াসলব্ধ নহয় আৰু তাৰ অনায়াস আগ্রাসনৰ পৰা কোনো সাৰিও যাব নোৱাৰে৷ জুবিনৰ তেনে সন্মোহনৰ বাবেই অসমীয়া যুৱকুল তেওঁৰ অকাল মৃত্যুত এতিয়া উন্মাদপ্রায় হৈ পৰিছে৷

জুবিনৰ কিছুমান উচ্ছৃংখল বা উদ্ভট আচৰণ সত্ত্বেও তেওঁক ভাল পাইছিলোঁ দুটা বিশেষ কাৰণত৷ তেওঁৰ কণ্ঠত অনুৰণিত হৈ থকা এখন অদৃশ্য সাগৰৰ অতল গভীৰতাৰ বাবে আৰু দ্বিতীয়তে তেওঁৰ মনটোৰ বিস্তৃতি আৰু উদাৰতাৰ বাবে৷ নৱপ্রজন্মৰ অসমীয়া গায়কসকলৰ ভিতৰত কেৱল জুবিনৰেই আছিল কণ্ঠস্বৰৰ গভীৰতা আৰু হূদয়ৰ উষ্ণতা৷ তেওঁৰ ফাংচনবোৰ মই কেতিয়াও চোৱা নাছিলোঁ কিন্তু তেওঁৰ গানবোৰ আগ্রহেৰে শুনিছিলোঁ৷ শুনিছিলোঁ তেওঁৰ উদাৰতা আৰু পৰোপকাৰমূলক কামবোৰৰ কথাও৷ মানুহৰ সমস্ত সামাজিক, ৰাজনৈতিক, দার্শনিক, সাংস্কৃতিক তত্ত্বৰ শেষ লক্ষ্যই হৈছে মানুহৰ মংগল আৰু চিন্তাৰ সংবর্ধন৷ সেই লক্ষ্যাভিমুখী যাত্রা এটাই আছিল জুবিনৰ বাবে পূর্বনির্ধাৰিত৷ গান আৰু মানৱ সেৱা উভয় ক্ষেত্রত জুবিন আছিল স্বাচ্ছন্দ্য, মুক্ত অবাৰিত৷

সাগৰৰ বুকুত জোৱাৰ উঠে আৰু নামে৷ সাগৰৰ উত্তাল ঢ়ৌবোৰে দীঘলীয়া গর্জন তুলি পাৰৰ ফালে খেদি আহে আৰু পাৰ পাই নীৰৱে উভতি গুচি যায়৷ কেতিয়াবা সাগৰ উন্মাদো হৈ পৰে আৰু ছুনামি হৈ বিভীষিকাৰো সৃষ্টি কৰে৷ কিন্তু সেই বাহ্যিক খেয়ালবোৰৰ তলত লুকাই থাকে সাগৰৰ অন্য এটা ৰূপ, এক অতল গভীৰতাৰ অপাৰ গম্ভীৰতা৷ সাগৰতলিৰ ৰহস্যময় জগত সেইখন৷ জুবিনো আছিল তেনে এখন সাগৰৰ দৰেই৷ বাহিৰত তেওঁৰ এটা অশান্ত, অস্থিৰ, অবাধ্য আৰু ভিতৰত হূদয়ৰ বিস্তৃত গভীৰতা৷ তেওঁৰ গানবোৰৰ স্বৰধ্বনিত মূর্ত হৈ উঠিছিল তাৰেই ব্যঞ্জনা৷ তেওঁৰ শব্দোচাৰণো আছিল মহাসমুদ্রৰ গর্জনৰেই গুঞ্জন যেন৷

ৰবীন্দ্রনাথে কৈছিল– মহাসাগৰৰ শ শ বছৰৰ কল্লোল যদি কোনোবাই বান্ধি ৰাখিব পাৰিলেহেঁতেন তেন্তে সি টোপনিত থকা শিশু এটাৰ দৰে নীৰৱ হৈ থাকিলেহেঁতেন৷ তেওঁ পুথিভঁৰালক সেই নীৰৱ মহাশব্দৰ লগত তুলনা কৰিছিল৷ কিন্তু জুবিনৰ ক্ষেত্রত ক’ব পাৰি তেওঁৰ কণ্ঠত সেই নীৰৱ মহাশব্দই এটা জাগ্রত শিশুৰ দৰে কলকলাই আছিল৷ তেনে হেজাৰ–বিজাৰ কলকলনিৰ সমাৰোহ ঘটিছিল লুইতৰ বুকুত, জুবিনৰ কণ্ঠত৷ সেই কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ হৈ যোৱাৰ বাবেই অসমীয়া যুৱ মন ব্যাকুল–ব্যাথিত–ম্রিয়্ হৈ পৰিছে৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পাছত এই দ্বিতীয়বাৰৰ বাবে জুবিনৰ মৃত্যুত অসমীয়াই হিয়া ঢ়াকুৰি কান্দিছে৷ জুবিন মানুহজন আৰু কেতিয়াও ঘূৰি নাহে৷ কিন্তু তেওঁৰ মায়াৱী কণ্ঠৰ স্বৰধ্বনি অসমীয়াৰ প্রাণত আৰু বহু বহু কাললৈ ঝংকাৰিত হৈ থাকিব৷ তেওঁৰ স্মৃতিত একাঁজলি শ্রদ্ধা আৰু কৃতজ্ঞতা যাচিলোঁ৷

ফোন : ৮০৯৯০–৮৯০০৫

You might also like