ভগৱান হনুমান ভুৱা দেৱতা : ৰিপাব্লিকান নেতাৰ দলৰ নেতাৰ হিন্দুবিদ্বেষী মন্তব্য
আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সাছত স্থাপিত ভগৱান হনুমানৰ মূর্তিক লৈ তীব্র বিতর্কিত মন্তব্য কৰিছে দেশখনৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দলীয় নেতাই৷ ৰিপাব্লিকান নেতা আলেকজেণ্ডাৰ ডানকানে খ্রীষ্টান দেশত হিন্দু দেৱতাৰ মূর্তি থকাটো উচিত নহয় বুলি মন্তব্য কৰাৰ লগতে ভগৱান হনুমানক ভুৱা দেৱতা আখ্যা দিয়ে৷
টেক্সাছত কোনে এই মূর্তিটো স্থাপন কৰিবলৈ অনুমতি দিছে, তাক লৈও প্রশ্ন উত্থাপন কৰিছে ৰিপাব্লিকান নেতা ডানকানে৷ আমেৰিকা যুক্তৰাষ্ট্র যদিওবা সাংবিধানিকভাৱে কিম্বা চৰকাৰীভাৱে খ্রীষ্টান দেশ নহয়, ধর্মনিৰপেক্ষ দেশ তথাপিতো দেশখনৰ সংখ্যাগৰিষ্ঠ লোকে খ্রীষ্টান ধর্ম পালন কৰে বুলি মন্তব্য কৰি ৰিপাব্লিকান নেতাগৰাকীয়ে হনুমানক ভুৱা দেৱতা আখ্যা দিয়াক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷
ৰিপাব্লিকান নেতাগৰাকীৰ হিন্দুবিদ্বেষী মন্তব্যৰ পাছতে নেতাগৰাকীক সামাজিক মাধ্যমযোগে গৰিহণা দিয়াৰ জোৱাৰ উঠিছে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ