এম পি জে জুৱেলাৰ্ছৰ ধুবুৰীৰ শ্ব’ৰুমত অভিযান আয়কৰৰ
প্ৰতিষ্ঠিত অলংকাৰ বিপণী এম পি জে জুৱেলাৰ্চৰ ধুবুৰীৰ শ্ব’ৰুমত আজি পুৱাৰ পৰা অভিযান চলাইছে আয়কৰ বিভাগৰ এটি বৃহৎ দলে।
প্ৰায় ৫৬জনীয়া সেই দলটোৱে যোৱানিশা ধুবুৰীত উপস্থিত হোৱাৰ পিছত আজি পুৱাৰ পৰা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ এম পি জে জুৱেলাৰ্চৰ শ্ব’ৰুমত অভিযান আৰম্ভ কৰে।
অভিযান কালত কিবা প্ৰতিষ্ঠানটোৰ নথিপত্ৰত কোনো ধৰণৰ বিসংগতি পোৱা গৈছে নে নাই সেয়া জানিব পৰা নাই যদিও বৰ্তমানলৈ অব্যাহত আছে সেই অভিযান।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৪ ছেপ্টেম্বৰ