পলাশবাৰীৰ ৰাণীৰ সীমান্তৱৰ্তী গাঁৱত বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ গঞাৰ
পূৱ কামৰূপ বন সংমণ্ডলৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ বিভিন্ন গাঁৱত বন্যহস্তীয়ে চলোৱা উপদ্ৰৱত বিঘাই বিঘাই ধাননি পথাৰৰ অনিষ্টসাধন হোৱাই নহয়,গঞাই বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
চুবুৰীয়া মেঘালয় জংঘলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এই জাকটোৱে ৰুদ্ৰ ৰূপ ধৰাত ৰাইজ শংকিত হৈ পৰিছে। ইয়াৰ ভিতৰত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নালাপাৰা,জয়পুৰ,চেচা আৰু শুকুৰবেৰীয়াত পৃথকে খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ আছে যদিও পৰ্যাপ্ত বনকৰ্মী,আৰু আধুনিক সা সৰঞ্জাম অভাৱত বনকৰ্মীয়ে এই বন্যহস্তীৰ জাকটো খেদিবলৈ অসুবিধাৰ সন্মুখীন হৈছে।
লগতে বন্যহস্তী খেদাৰ ক্ষেত্ৰত ল’ব লগা ক্ষীপ্ৰ প্ৰদক্ষেপৰ লোৱাৰ সলনি এওঁলোকৰ একাংশ বন কৰ্মীয়ে চোৰা কাঠৰ কাৰবাৰীৰ সৈতেহে মিতিৰালি কৰি এই বিষয়ত মৌন থকা পৰিলক্ষিত হৈছে। গঞাৰ ধাননি পথাৰ,বস্তি এলেকা সুৰক্ষা দিয়াৰ সলনি চোৰাংকাঠৰ গাড়ী,চোৰাং গৰুৰ গাড়ী কোন ফালে যাব দিলে সুৰক্ষিত হয়,সেই কথাতহে বেছি মনযোগ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ভিতৰত সীমান্তৱৰ্তী শুকুৰবেৰীয়া আৰু নালাপাৰা খণ্ড বন কাৰ্যালয়ৰ একাংশ বনকৰ্মী এখোপ চ’ৰা বুলিও খবৰ আহিছে।
বৰ্তমান এই বন্যহস্তীৰ জাকটোৱে সন্ধিয়াৰ ভাগৰ পৰাই ৰাণীৰ জয়পুৰ,বেলৰগুৰি,গাৰোপাৰা,চল্লি
কিন্তু বনবিভাগ বা আৰক্ষী প্ৰশাসনৰ ফালৰ কোনো সহায়-সহযোগ নোপোৱাৰ অভিযোগ আহিছে।উল্লেখ্য যে,ৰাণীৰ এই অঞ্চলটোৰ ঠায়ে ঠায়ে বছৰি এইদৰে হাতী মানুহৰ সংঘাত হৈ আহিছে যদিও বন বিভাগ,চৰকাৰ, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাহঁতে এই ঘটনাৰ স্থায়ী সমাধান কৰাৰ বাবে কোনো ব্যবস্থা গ্রহণ কৰিবলৈ সক্ষম নহ’ল। এই হাতী মানুহৰ সংঘাতত অকল মানুহেই মৃত্যুমুখত পৰা নাই বৰঞ্চ বন্যহস্তীও মৃত্যুমুখত পৰিবলগীয়া হৈছে।
এই বন্যহস্তীৰ উপদ্ৰপৰ বাবে এই সময়ত নিশাৰ ভাগত অহা যোৱা কৰা লোকসকলে যথেষ্ট শংকাত ভূগি আহিছে। এইক্ষেত্ৰত বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কেৱল ৰাইজক আশ্বাস প্ৰতিশ্ৰুতি দি পাৰ কৰিছে সময়। তেওঁলোকে মানুহক হাতীৰ সৈতে সহৱস্থান কৰিবলৈ কৈ আহিছে। কেইবাবাৰো বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে উচ্চ পদস্থ বনবিষয়া,কৰ্মীয়ে ৰাইজৰ কাষলৈ আহে যদিও ৰাইজৰ সৈতে কেৱল এসাজ খাই এই সমস্যাবোৰ পাহৰি থকাৰ অভিযোগ উত্থাপন হৈছে। আনকি এই বন্যহস্তীৰ উপদ্ৰপৰ বাবে বহু কৃষকে খেতি বাদ দিবলগীয়া হৈছে। এনেকৈ ৰাইজে বন্যহস্তীৰ বাবে যথেষ্ট শংকাত পাৰ কৰিবলগীয়া হৈছে সময়।
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ