নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেগৰ উদ্বেগজনক তথ্য : ১০ বছৰত ২৮ ৰাজ্যৰ মুঠ ঋণ ৫৯.৬ লাখ কোটি

ঋণ লৈ চলিছে দেশৰ ৰাজ্যসমূহ৷ বিগত ১০ বছৰত দেশৰ ২৮খন ৰাজ্যৰ মুঠ ঋণ হৈছে ৫৯.৬ লাখ কোটি টকা৷ এই ঋণ দেশৰ মুঠ জিডিপিৰ ২২.১৭ শতাংশ৷ কেগৰ প্রতিবেদনত ৰাজ্যসমূহৰ মুঠ ঋণৰ উদ্বেগজনক তথ্য প্রকাশ পাইছে৷

কেগৰ প্রতিবেদন মতে, জিডিপিৰ তুলনাত ঋণৰ বোজাৰ হাৰ দেশৰ ৰাজ্যসমূহৰ ভিতৰত পঞ্জাবত সর্বাধিক৷ আপশাসিত পঞ্জাবৰ ঋণৰ হাৰ ৪০.৩৫ শতাংশ৷ ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত আছে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য নাগালেণ্ড৷

ৰাজ্যখনৰ ঋণৰ হাৰ ৩৭.১৫ শতাংশ৷ এনেদৰে তৃতীয় স্থানত আছে পশ্চিমবংগ৷ ৰাজ্যখনৰ জিডিপিৰ তুলনাত ঋণৰ বোজাৰ হাৰ ৩৩.৭০ শতাংশ৷ লক্ষণীয় যে কেগৰ প্রতিবেদনত জিডিপিৰ তুলনাত ঋণৰ বোজাৰ হাৰ কম ৰাজ্যৰ ভিতৰত ওড়িশাত ৮.৪৫ শতাংশ৷ ওড়িশাৰ ওপৰত আছে মহাৰাষ্ট্র৷

ৰাজ্যখনৰ ঋণৰ বোজাৰ হাৰ ১৪.৬৪ শতাংশ৷ গুজৰাটত ১৬.৩৭ শতাংশ৷ প্রতিবেদন মতে, ২০১৩–১৪ বিত্তীয় বর্ষত উল্লিখিত ২৮খন ৰাজ্যৰ মুঠ ঋণ আছিল ১৭,৫৭,৬৪২ কোটি টকা৷ ২০২২–২৩ বর্ষত এই ঋণৰ বোজা ৫৯,৬০,৪২৮ কোটি টকা৷

অর্থাৎ ১০ বছৰত ৰাজ্যকেইখনত ঋণৰ বোজা ৩.৩৯ গুণ বৃদ্ধি পাইছে৷ বিশেষজ্ঞৰ মতে, ক’ভিডৰ ক্ষয়–ক্ষতিৰ পাছত চৰকাৰে নগদ ধন জনগণক যোগান ধৰাৰ পৰিপ্রেক্ষিততে ৰাজ্যসমূহৰ ঋণৰ বোজা বৃদ্ধি পাইছে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ ছেপ্টেম্বৰ

You might also like