নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ নামত মাজুলী-যোৰহাট সংযোগী দলং নামকৰণৰ দাবী মাজুলী আছুৰ

অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সমগ্ৰ অসমবাসী শোকত ম্ৰিয়মাণ হৈ আছে ৷ শোকস্তব্ধ হৈ আছে প্ৰতিখন জিলা৷

আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সূৰ্য কুমাৰ ভূঞা, পবিত্ৰ গোস্বামী, অজিত হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰাঞ্জল শইকীয়া সাধাৰণ সম্পাদক দিপাংকৰ ৰাজখোৱা সহ এটি দলে আলোচনাত মিলিত হয়৷

বিশেষকৈ মাজুলীবাসীৰ আবেগ মাজুলী-যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ ওচৰত নিৰ্মীয়মাণ পকী দলংখন আছু আৰু মাজুলীবাসী ৰাইজৰ দীৰ্ঘদিনৰ দাবী ৷ আজি আছুৰ প্ৰতিনিধি দলে জিলা আয়ুক্তক সাক্ষাৎ কৰি মাজুলী-যোৰহাট সংযোগী দলংখন অসমবাসীৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ নামেৰে নামকৰণৰ দাবীৰে এখন স্মাৰক পত্ৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে৷ লগতে শিল্পীগৰাকীৰ চিতাভষ্ম মাজুলীলৈ আনি আটক ধুনীয়াকৈ সজাইপৰাই এটি স্মৃতিসৌধ নিৰ্মানৰ বাবে জিলা আয়ুক্তক আহ্বান জনাইছে৷

দৰিয়াঘাট জুবিন গাৰ্গৰ প্ৰিয় ঠাই আছিল৷ দৰিয়াঘাটৰ কথাৰে গীত পৰিৱেশন কৰি গৈছে প্ৰাণৰ শিল্পী গৰাকীয়ে৷ সেই উদ্দেশ্যে মাজুলীৰ দৰিয়াঘাটৰ পাৰত সৰ্বোত্তম এটি প্ৰতি মূৰ্তি নিৰ্মানৰ বাবে জিলা আয়ুক্তক দাবী জনাইছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷

বিশেষ বাৰ্তা, মাজুলী, ২৪ ছেপ্টেম্বৰ 

You might also like