বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : ৰাজ্যবাসীৰ প্রাণৰ শিল্পী জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্রক্রিয়া আৰম্ভ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ছিংগাপুৰত সংঘটিত জুবিন গার্গৰ দুর্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে, তাক লৈ যোৱা সময়ছোৱাত ৰাজ্যজুৰি সৃষ্টি হোৱা বিতর্ক–প্রতিক্রিয়াৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাই ইয়াৰ তদন্তৰ বাবে এছআইটি গঠনৰ বাবে নির্দেশ দিছে আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিঙক৷
উল্লেখ্য যে জনতা ভৱনত কালি চিআইডিৰ সৈতে জুবিন গার্গৰ মৃত্যু সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই মিলিত হয় এক গুৰুত্বপূর্ণ বৈঠকত৷ আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিং উপস্থিত থকা বৈঠকত মুখ্যমন্ত্রীয়ে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ বাবে সঞ্চালকগৰাকীক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট ঘোষণা– জুবিন গার্গৰ অকাল মৃত্যু সন্দর্ভত কাকো ৰেহাই দিয়া নহ’ব৷ তদন্তত কাকো দিয়া নহয় ৰেহাই৷ এই সন্দর্ভত এক্স হেণ্ডেলত তেওঁ উল্লেখ কৰিছে– আজি আৰক্ষী সঞ্চালকপ্রধানৰ লগতে চিআইডিৰ এডিজিপি, মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়৷ অসম আৰক্ষীৰ শ্রেষ্ঠ বিষয়াক লৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ ডিজিপিক নির্দেশ দিয়া হৈছে৷ ভিতৰৰ নমুনাৰ বিশদ পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্রীয় ফৰেনছিক লেব’ৰেটৰী (চিএফএল)লৈ প্রেৰণ কৰা হ’ব৷ সম্পূর্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্তত সম্পূর্ণ স্বাধীনতা থাকিব এছআইটিৰ৷
মন কৰিবলগীয়া যে ভাগৰুৱা শৰীৰ লৈ ছিংগাপুৰলৈ যোৱা জুবিন গার্গক তেওঁৰ মেনেজাৰ সিদ্ধার্থ শর্মাকে ধৰি ছিংগাপুৰস্থিত আছাম এছ’চিয়েচনৰ কেইবাজনো কার্যকর্তাই বার্থডে পার্টী এটাৰ বাবে সমুদ্রৰ মাজলৈ নি সাঁতুৰিবলৈ উচটনি দিছিল৷ অসুস্থ হৈ থকা জুবিনক এনেদৰে পানীত সাঁতুৰিবলৈ দি মৃত্যুমুখলৈ ঠেলি দিয়া বুলি যোৱা সময়ছোৱাত বিভিন্নজনে উত্থাপন কৰা অভিযোগ তথা ছিংগাপুৰত জুবিনৰ সৈতে যোৱা সতীর্থৰ ভাষ্যৰ ওপৰত ভিত্তি কৰিয়েই মুখ্যমন্ত্রী ড০ শর্মাই তদন্ত কৰাৰ বাবে চিআইডিক দায়িত্ব অর্পণ কৰিছিল৷ লক্ষণীয়ভাৱে জুবিন গার্গৰ মৃত্যুক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তত নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধার্থ শর্মা, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দাখিল হৈছে কেইবাটাও অভিযোগ৷ এই সমগ্র অভিযোগক সামৰি চিআইডিক ইয়াৰ তদন্তৰ দায়িত্ব দিছিল মুখ্যমন্ত্রীয়ে৷ এই অনুসৰিয়ে চিআইডিয়ে অপৰাধ শাখাত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে৷ ইয়াৰ বাবে চিআইডিয়ে গঠন কৰিছে এটা চাৰিজনীয়া দল৷ দলটোত আছে এজন অতিৰিক্ত আৰক্ষী অধীক্ষক, এজন ডিএছপি আৰু দুজন পৰিদর্শক৷ জুবিন গার্গৰ মৃত্যুৰ তদন্তৰ প্রাৰম্ভিক পদক্ষেপ হিচাপে চিআইডিৰ দল দিল্লীলৈ যাবলৈ চলাইছে প্রস্তুতি৷ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাসৰ নেতৃত্বত দিল্লীলৈ যাবলগীয়া দলটোৱে জুবিনৰ ভিছেৰা দিল্লীৰ কেন্দ্রীয় ফৰেনছিক লেবৰেটৰীত পৰীক্ষা কৰিব৷
কালি মুখ্যমন্ত্রীয়ে এই সন্দর্ভত অনুষ্ঠিত বৈঠকৰ পাছতে চিআইডিয়ে গঠন কৰিব লগা এছআইটিয়ে আৰম্ভ কৰিব তদন্ত প্রক্রিয়া৷ মন কৰিবলগীয়া যে ছিংগাপুৰত নর্থ–ইষ্ট ফেষ্টিভেললৈ গৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা জুবিন গার্গৰ এনে অকাল বিয়োগৰ বাবে ইতিমধ্যে মূল দোষী হিচাপে চিহ্ণিত হৈছে আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধার্থ শর্মা৷ এতিয়াও অসমলৈ ঘূৰি নহা শ্যামকানু মহন্তই ছিংগাপুৰত নিজকে আবদ্ধ কৰি ৰাখিছে৷ সবাতোকৈ পৰিতাপৰ বিষয়টো হ’ল যে ১৯ ছেপ্টেম্বৰত জুবিন গার্গৰ মৃত্যুৰ পাছতো নর্থ–ইষ্ট ফেষ্টিভেল অব্যাহত ৰাখিছিল শ্যামকানু মহন্তই৷ সেয়াই নহয়, অসমত জুবিন গার্গৰ মৃত্যুক লৈ সৃষ্টি হোৱা তীব্র প্রতিক্রিয়াৰ পাছত হঠাৎ ছিংগাপুৰতে অন্তর্ধান হৈ পৰিছিল শ্যামকানু মহন্ত৷ অসমৰ পৰা ফেষ্টিভেলত অংশগ্রহণ কৰিব যোৱা কেইবাজনো এতিয়া অসমলৈ ঘূৰি আহিবলৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ আনহাতে, জুবিনৰ মেনেজাৰ সিদ্ধার্থ শর্মাই আত্মগোপন কৰিছে নতুন দিল্লীত৷ জুবিনৰ মৃতদেহ দেওবাৰে নতুন দিল্লীত অসম চৰকাৰৰ হাতত অর্পণ কৰাৰ পাছত অন্তর্ধান হৈ পৰা সিদ্ধার্থ শর্মাৰ এতিয়ালৈ নাই কোনো শুংসূত্র৷ এনে অৱস্থাত কালি মুখ্যমন্ত্রীৰ নির্দেশত গঠন হ’ব লগা এছআইটিয়ে সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামীক জেৰা কৰিলে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ জুবিনৰ মৃত্যুৰ সময়ত উপস্থিত থকা সঞ্জীৱ নাৰায়ণো জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ এই সকলোবোৰৰ বিপৰীতে দাবী উত্থাপন হৈছে ঘটনাৰ মূল খলনায়ক শ্যামকানু মহন্তক অনতিপলমে অসমলৈ লৈ অহাটো৷
লক্ষণীয়ভাৱে কালি জুবিন গার্গৰ পত্নী গৰিমা গার্গে মেনেজাৰ সিদ্ধার্থ শর্মা সন্দর্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, সিদ্ধার্থ শর্মা ক’ত আছে সেই বিষয়ে তেওঁ অৱগত নহয়৷ তদুপৰি গৰিমা গার্গৰ সৈতে এতিয়ালৈ সিদ্ধার্থ শর্মাই কোনোধৰণৰ যোগাযোগ কৰা নাই৷ সংবাদ মাধ্যমৰ আগত গৰিমা গার্গে কয়– শ্যামকানু মহন্তক লৈ চৰকাৰে কি সিদ্ধান্ত লৈছে মই জ্ঞাত নহয়, কিন্তু আইনৰ প্রতি মোৰ বিশ্বাস আছে৷ স্মর্তব্য যে শ্যামকানু মহন্তক ৰাজ্য চৰকাৰে ইতিমধ্যে ব্লেকলিষ্টেড কৰিছে৷ শ্যামকানু মহন্তৰ লগত প্রত্যক্ষ–পৰোক্ষভাৱে জড়িত সকলো অনুষ্ঠান অসমত বন্ধ ঘোষণা কৰিছে চৰকাৰে৷
মুন্না গুপ্তাৰ নেতৃত্বত এছআইটিৰ ১০জনীয়া দল গঠন
জুবিন গার্গৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰা অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোট (এছআইটি) গঠন কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ অনুসৰি গঠন হোৱা এই এছআইটিৰ নেতৃত্ব প্রদান কৰিব বিশেষ আৰক্ষী সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই৷ আনহাতে, এছআইটিৰ চীফ ইনভেষ্টিগেটিং অফিচাৰ হিচাপে থাকিব চিএম ভিজিলেঞ্চৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতা৷ দলটোত থাকিব অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাস, লৱ ডেকা, চিডিএছপি তৰুণ গগৈ, পৰিদর্শক ধ্রুৱজ্যোতি বৰা, মুক্তাজুৰ ৰহমান, কৃষাণু পাঠক আৰু গিৰীন্দ্র কেওট৷