নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০,০০০ টকীয়া গাৰুৰে নিদ্রা বিলাসিতা উপাচার্যৰ, তেজপুৰ বিশ্ববিঃত প্রতিবাদ অব্যাহত

উপাচার্যৰ পদত্যাগৰ দাবীত উত্তাল হৈ আছে তেজপুৰ বিশ্ববিদ্যালয়৷ শিক্ষার্থীসকলৰ প্রবল প্রতিবাদৰ পিছত আগতীয়াকৈ পূজাৰ বন্ধ ঘোষণা কৰি প্রতিবাদ স্তিমিত কৰাৰ প্রয়াস কৰা হৈছিল যদিও শিক্ষার্থীসকলে একনায়কত্ববাদী শাসন চলোৱা উপাচার্য শম্ভুনাথ সিং, ভাৰপ্রাপ্ত পঞ্জীয়ক তথা বিত্ত বিষয়া ব্রজবিশ্ব মিশ্র, কার্যবাহী অভিযন্তা যাদৱ নাথ আৰু কেৱল নিজৰ অভিষ্ট সিদ্ধিৰ বাবে দুর্নীতিৰ সৈতে জডিত থকা মাত্র কেইগৰাকীমান বিষয়া আৰু অধ্যাপক–অধ্যাপিকাৰ বিৰুদ্ধে মুকলিকৈ অভিযোগ তুলি প্রতিবাদ সাব্যস্ত কৰে৷

আনহাতে ইতিমধ্যে শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা এনে অবাঞ্ছিত পৰিস্থিতিৰ বাবে দণ্ডাধীশ পর্যায়ৰ তদন্তৰ নির্দেশ দিয়াৰ পিছত এই দায়িত্বত নিয়োজিত কৰা জ্যেষ্ঠ দণ্ডাধীশ তথা শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা বিশ্ববিদ্যালয়খনত উপস্থিত হৈ শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰী একাংশৰ সাক্ষ্য গ্রহণ কৰে৷

জানিব পৰা মতে এই সাক্ষ্য গ্রহণ কালতো উপাচার্য শম্ভুনাথ সিঙৰ লগতে উল্লেখ কৰা দুর্নীতিগ্রস্ত চক্রটোৰ বিৰুদ্ধে সকলোৱে একেধৰণৰ অভিযোগ উত্থাপন কৰে৷ আনকি অতিৰিক্ত জিলা আয়ুক্তগৰাকীক এইবুলিও জনাই যে উপাচার্য, বিত্ত বিষয়া আৰু কার্যবাহী অভিযন্তাগৰাকীক আঁতৰাই দিলে বিশ্ববিদ্যালয়খনলৈ পুনৰ আগৰ গৰিমা ঘূৰি আহিব৷

উল্লেখ্য যে হাতত ‘উপাচার্য নিৰুদ্দেশ’ লিখা পোষ্টাৰ লৈ উপাচার্যক জুবিন গার্গ আৰু অসমীয়াৰ আৱেগ–অনুভূতিক কৰা অপমানৰ বাবে ক্ষমা খোজাৰো দাবী উত্থাপন অব্যাহত আছে যদিও আজিও নিৰুদ্দেশেই হৈ আছে উপাচার্যগৰাকী৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ দুখ লগা তথা নৈতিক অধঃপতনৰ এই দৃশ্যই সচেতন মহলক মর্মাহত কৰি তুলিছে৷

মন কৰিবলগীয়া যে জুবিন গার্গ আৰু অসমীয়াৰ আৱেগ–অনুভূতিক কৰা অপমানৰ বাবে যোৱা দেওবাৰৰ পৰা বিশ্ববিদ্যালয়খনৰ উপাচার্যৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্রৰ প্রতিবাদে এতিয়া দুর্নীতিবিৰোধী আন্দোলনলৈ গতি কৰিছে৷ বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ শম্ভুনাথ সিঙৰ বিৰুদ্ধে ছাত্র সমাজৰ লগতে এতিয়া জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কর্মচাৰী সমাজো৷ ওলাই আহিছে ছাত্র সমাজ, ওলাই আহিছে শিক্ষক সমাজ আৰু ওলাই আহিছে বিশ্ববিদ্যালয়খনৰ কর্মচাৰী সমাজ৷

বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ শম্ভুনাথ সিঙৰ অসমবিৰোধী স্থিতি, দুর্নীতিগ্রস্ত চৰিত্র আৰু স্বেচ্ছাচাৰিতাৰ প্রতিবাদত অব্যাহত আছে উপাচার্য হাটাও অভিযান৷ উপাচার্যৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে থিয় দি ইতিমধ্যে পদত্যাগ কৰিছে জনসম্পর্কৰক্ষী বিষয়া সমৰেশ বর্মনে৷ উপাচার্যৰ লগতে আৰম্ভ হৈছে বিত্তীয় বিষয়া ব্রজবিশ্ব মিশ্র হাটাও অভিযানো৷ আৰম্ভ হৈছে কার্যবাহী অভিযন্তা যাদৱ নাথকে ধৰি দুর্নীতিগ্রস্ত চক্র হাটাও অভিযান৷

উপাচার্যৰ দৰে সন্মানীয় আসনত বহি কিমান নীচ কাম কৰিলে এগৰাকী উপাচার্যৰ বিৰুদ্ধে এনেদৰে বিশ্ববিদ্যালয়খনৰ পৰিয়ালত ক্ষোভৰ উদগীৰণ হ’ব পাৰে তাৰেই প্রমাণ তেজপুৰ বিশ্ববিদ্যালয়ৰ এহকেইদিনৰ এই পৰিৱেশ৷ অস্থায়ী চাফাই কর্মী নিযুক্তি দিয়াৰ নামতো কমিছন লোৱাৰ লগতে নিজৰ বিলাসী জীৱন যাপনৰ বাবে ২০ হাজাৰ টকীয়া গাৰু কিনিবলৈ ৫ হাজাৰ টকা গাড়ী ভাৰাৰে গুৱাহাটীলৈ বিষয়া পঠিওৱা, ৩০ শতাংশ ৰেহাই দিয়া থলুৱা প্রতিষ্ঠানক আঁতৰাই বহিঃৰাজ্যৰ প্রতিষ্ঠানক ১০ শতাংশ ৰেহাহৰে সামগ্রী যোগান ধৰিবলৈ দি বাকী ধন আত্মসাৎ কৰা, বিশ্ববিদ্যালয়ৰ ধনেৰে সঘনাই বিলাসী সুবিধা লৈ ভ্রমণ কৰা আদি এশ এবুৰি অভিযোগ উঠা এইগৰাকী উপাচার্য ড০ শম্ভু নাথ সিঙৰ বিৰুদ্ধে সদ্য পদত্যাগী জনসম্পর্কৰক্ষী বিষয়া সমৰেশ বর্মনে বিস্ফোৰক মন্তব্য আগবঢ়োৱাৰ পিছত বহুকেইগৰাকী অধ্যাপক–অধ্যাপিকা আৰু কর্মচাৰীয়ে বিভিন্ন অভিযোগ উত্থাপন কৰে৷

৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঢ় লৈ উঠা বিশ্ববিদ্যালয়খন আমাৰ স্বাভিমান বুলি কৈ এগৰাকী অধ্যাপকে এই স্বাভিমান আমি ৰক্ষা কৰিবই লাগিব বুলি মন্তব্য কৰাৰ লগতে আমাৰ মুখ্য প্রধান দাবী এনেকুৱা উপাচার্য, এনেকুৱা বিত্ত বিষয়া আমাক নালাগে বুলি কয়৷ এয়া আন্দোলন নহয় আমি অধিকাৰ বিচাৰিছোঁ বুলি সৰৱ হৈ পৰে শিক্ষক–কর্মচাৰীসকল৷

শিক্ষক সমাজৰ স্পষ্ট অভিযোগ যে এইগৰাকী উপাচার্যৰ অহংকাৰী মনোভাব, একনায়কত্ববাদী চৰিত্রৰ বাবে বিশ্ববিদ্যালয়খনে ইয়াৰ গৰিমা হেৰুৱাইছে৷ তেওঁলোকৰ দাবী এগৰাকী নতুন উপাচার্য দিয়ক৷ উপাচার্যগৰাকী অসমৰ দিয়ক–যাতে অসমীয়াৰ আৱেগ–অনুভূতিক বুজি পায়৷

এইক্ষেত্রত মুখ্যমন্ত্রী আৰু প্রধানমন্ত্রীকো হস্তক্ষেপ কৰাৰ আহ্বান জনায় শিক্ষক সমাজে৷ এনেদৰেই উপাচার্য ড০ শম্ভুনাথ সিঙৰ গাদী যোৱাৰ উপক্রম ঘটিছে৷

বার্তা ব্যুৰ’, বিশেষ বার্তা, তেজপুৰ, ২৫ ছেপ্টেম্বৰ

You might also like